Logo
image

কাইলৈ ‘কা’ৰ শুনানি ধৰ্ণাত বহিল প্ৰতিবাদী

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৮ এপ্ৰিল: কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে লোকসভা নিৰ্বাচনত ভোটৰ লক্ষ্যৰে অধিসূচনা জাৰি হোৱাৰ প্ৰাকমুহূৰ্তত বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্ৰস্তুত কৰাৰ পাছতেই অসমত আজিও প্ৰতিবাদ অব্যাহত আছে৷ মঙলবাৰে পৰা সৰ্বোচ্ছ ন্যায়ালয়ত ‘কা’ বিৰোধী গোচৰৰ শুনানি হ’ব যদিও ইয়াৰ পূৰ্বে দেওবাৰে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত ‘কা’ বিৰোধী সমন্বয়ৰক্ষী সমিতিযে   বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ উল্লেখ্য, উচ্ছতম ন্যায়ালয়ত ‘কা’ৰ বিৰুদ্ধে ২৩৭ টা গোচৰ বিচাৰাধীন হৈ থকাৰ মাজতে কেন্দ্ৰৰ বিজেপি চৰকাৰে খৰখেদাকৈ বিগত ১১ মাৰ্চত ‘কা’ বিধি প্ৰস্তুত কৰি দেশজুৰি বিতৰ্কিত আইনখন বলৱৎ কৰিছিল৷ ‘কা’ বিধি প্ৰস্তুত কৰা কাৰ্যৰ বিৰুদ্ধে অসম সন্মিলিত মহাসংঘ, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে ধৰি অসমৰ দল-সংগঠনে ‘কা’ক লৈ কেন্দ্ৰীয় চৰকাৰৰ ১১ মাৰ্চৰ জাননীৰ আইনী বৈধতাৰ সন্দৰ্ভত ৰুজু কৰা সকলো গোচৰৰে মঙলবাৰে শুনানি গ্ৰহণ কৰিব৷ উচ্ছতম ন্যায়ালয়ৰ তিনিজনীয়াখণ্ড বিচাৰপীঠে৷ লক্ষণীয়ভাৱে দল-সংগঠনৰ লগতে অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে দাখিল কৰা হস্তক্ষেপ আবেদন ৭১৮৯৭/২০২৪১ হৈ অধিবক্তা সমীৰণ শৰ্মাই ২ এপ্ৰিলত লিখিত প্ৰতিবেদন দাখিল কৰিছিল৷ ১৯ মাৰ্চৰ শুনানিৰ শেষত ছুপ্ৰিম কৰ্টে গোচৰীয়া পক্ষৰ ন’ডেল কাউন্সিল অংকিত যাদব আৰু চৰকাৰী পক্ষৰ ন’ডেল কাউন্সিল কানু আগৰৱালাক নিযুক্ত দিছিল৷ অধিবক্তা সমীৰণ শৰ্মাই উল্লিখিত ন’ডেল কাউন্সিললৈ যথা নিয়মে মতিউৰ ৰহমানৰ হৈ প্ৰতিবেদন দাখিল কৰে ২ এপ্ৰিলত৷ ছুপ্ৰিম ক’ৰ্টৰ নিৰ্দেশ মৰ্মে ৮ এপ্ৰিলত ভাৰতৰ চৰকাৰৰ হৈ ছলিছিটৰ জেনেৰেল তুষাৰ মেহতাই গোচৰীয়া পক্ষৰ প্ৰতিবেদনৰ উত্তৰ মুখ্য ন্যায়াধীশৰ আদালতত জমা দিব লাগিব৷ এই সন্দৰ্ভত এটা বিবৃতিতগোচৰীয়া তথা অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে কয় যে ছলিচীটৰ জেনেৰেলে ২০ খন হস্তক্ষেপ আবেদনৰ উত্তৰ দিব লাগিব৷ ৯  এপ্ৰিলত ছুপ্ৰিম ক’ৰ্টৰ মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰডিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ তিনিজনীয়া বিচাৰপীঠত নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ কাৰ্যকৰী কৰিবলৈ জাৰি কৰা নিৰ্দেশাৱলী স্থগিত ৰাখিবলৈ জনোৱা হস্তক্ষেপ আবেদনসমূহৰ বিচাৰহে অনুষ্ঠিত হ’ব৷ এই শুনানিত মহাসংঘৰ হৈ যুক্তি দৰ্শাব ভাৰতৰ প্ৰখ্যাত অধিবক্তা শ্যাম দিৱান, জেষ্ঠ অধিবক্তা বিজয় হান্সাৰিয়াই৷ দিৱান আৰু হান্সাৰিয়াক সহযোগ কৰিব অধিবক্তা সমীৰণ শৰ্মা আৰু অধিবক্তা সৃষ্টি বৰঠাকুৰে৷ মূল নাগৰিকত্ব সংশোধনী আইন, ২০১৯ৰ সাংবিধানিক বৈধতা সম্পৰ্কীয় শুনানি মুখ্য ন্যায়াধীশৰ নিৰ্দেশ মৰ্মে পৰৱৰ্তী সময়তহে অনুষ্ঠিত হ’ব বুলিও ৰহমানে স্পষ্ট কৰিছে৷

নাগৰিকত্ব আইন সংশোধনী বিৰোধী সমন্বয় সমিতিৰ ধৰ্ণা

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ : নাগৰিকত্ব আইন সংশোধনী [কা] বিৰোধী সমন্বয় সমিতি, অসমৰ আহ৩ানত দেওবাৰে ‘কা’ বাতিল, সংবিধান আৰু গণতন্ত্ৰৰ সুৰক্ষা, মুক্ত আৰু নিকা নিবাৰ্চনৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ দিৱস পালন কৰা হয়৷ গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত নাগৰিকত্ব সংশোধনী আইন ‘কা’ বিৰোধী সমন্বয় সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচীত কংগ্ৰেছ, চিপিআই, চিপিআই [এম], চিপিআই [এম-এল], এন চি পি [শাৰদ পাৱাৰ], পি এল পি, কৃষক মুক্তি সংগ্ৰাম সমিতি, শিলসাঁকো পাৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজ, সদৌ অসম প্ৰগতিশীল নাৰী সন্থা আদি বিভিন্ন দল-সংগঠন আৰু ভালেসংখ্যক বিশিষ্ট নাগৰিক সহ দুই শতাধিক ৰাইজে অংশগ্ৰহণ কৰে৷ প্ৰতিবাদকাৰীসকলে সংবিধান বিৰোধী জাতি ধবংসী ‘কা’ বাতিল কৰক, জাতিধবংসী বিজেপিক পৰাস্ত কৰক, দহ বছৰে পালো কি ফাঁকি বাকী বিজেপি, সংবিধানৰ ওপৰত আক্ৰমণ বন্ধ কৰক, ইডি, আয়কৰ, চিবিআইক বিজেপি দলৰ স্বাৰ্থত ব্যৱহাৰ কৰা বন্ধ কৰক, বিৰোধী কণ্ঠ ৰোধ কৰা নচলিব’, মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনসহ বন্দী হৈ থকা সকলো মন্ত্ৰী, বিধায়ক, বিৰোধী নেতা কৰ্মীক শীঘ্ৰে মুক্তি দিয়ক, মুক্ত আৰু নিকা নিৰ্বাচন নিশ্চিত কৰক, আসোঁৱাহ মুক্ত ই ভি এম নিশ্চিত কৰক, মূল্যবৃদ্ধি নিবনুৱা বৃদ্ধিৰ মহানায়ক বিজেপিক শিক্ষা দিয়ক, পুলিচ ৰাজ নচলিব, শিলসাঁকো পাৰৰ উচ্ছেদিত ৰাইজক পুনৰস্থাপন আৰু উপযুক্ত ক্ষতি পূৰণ প্ৰদান কৰক আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰে৷ আনহাতে ‘কা’ বিৰোধী সমন্বয় সমিতিৰ সভাপতি ড॰ হীৰেন গোহাঁই আৰু মুখ্য সমন্বয়ক দেবেন তামুলী, অধ্যাপক আব্দুল মান্নান, ড॰ সৌৰভ প্ৰাণ গোস্বামী, ড॰ অপূৰ্ব বৰুৱা, ড॰ ইন্দ্ৰানী দত্ত, ড॰ মনোৰমা শৰ্মা, ড॰ পৰমানন্দ মজুমদাৰ, বলিন কুলি, ইফাকুৰ ৰহমান,  চক্ৰেশ্বৰ কলিতা, বেদব্ৰত বৰা, পৰেশ বৰুৱা, গীতা দেবী, পংকজ কুমাৰ দাস, চৰণ ডেকা, শংকৰ শইকীয়া, সমীৰ চৌধুৰী, গায়ত্ৰী বড়ি, আকাশ দলে, সুব্ৰত চক্ৰৱৰ্তী, গীতাঞ্জলি সোণোৱাল, টিমৰেন্দ্ৰ বাহাদুৰ সিংহ, সাধন বিশ্বাস আদি বিৰোধী দলৰ নেতৃবৃন্দ তথা বিশিষ্ট নাগৰিকে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে৷ বক্তাসকলে সংবিধান, গণতন্ত্ৰ, জাতি, মাটি, ভেটি বচাবলৈ বিজেপি দলক আগন্তুক নিৰ্বাচনত পৰাস্ত কৰিবলৈ আহ৩ান জনাই কয় যে বিজেপি চৰকাৰে এহাতেদি সংবিধান বিৰোধী ‘কা’ জাপি দি অসম তথা অসমীয়া জাতিৰ ৰাজনৈতিক, অৰ্থনৈতিক, ভাষিক, সাংস্কৃতিক অস্তিত্বৰ প্ৰতি প্ৰচণ্ড ভাবুকি সৃষ্টি কৰিছে আনহাতে বিজেপি চৰকাৰে নিৰ্বাচনৰ আগমুহূৰ্তত বিৰোধী নেতাসকলক জে’লত ভৰাই নিৰ্বাচনটোক এক প্ৰহসনত পৰিণত কৰিবলৈ বিচাৰিছে যিটো গণতন্ত্ৰৰ বাবে গম্ভীৰ বিপদৰ আগজাননী স্বৰূপ৷ সেয়ে মুক্ত আৰু নিকা নিৰ্বাচনৰ নি(য়তা কৰাটো বৰ্তমান আটাইতকৈ বেছি প্ৰত্যাহ৩ান হৈ পৰিছে৷ দেশৰ স্বাধীনতা, সংবিধান, গণতন্ত্ৰ নিশ্চিত কৰিবলৈ হ’লে বিজেপিৰ মিত্ৰজোঁটক আগন্তুক নিৰ্বাচনত পৰাস্ত কৰিবই লাগিব আৰু বিজেপিক ক্ষমতাচু্যত কৰাৰ অবিহনে কা বাতিল কৰা সম্ভৱ নহ’ব৷ বক্তাসকলে লগতে সমগ্ৰ দেশখনক কাৰাগাৰত পৰিণত কৰিব বিচৰা বিজেপি দলৰ কবলৰ পৰা দেশক মুক্ত কৰিবলৈ দ্বিতীয় স্বধীনতা সংগ্ৰাম গঢ়ি তোলাৰ আহ্বান  জনায়৷