Logo
image

শিক্ষাসেতু অসাৰ! শ শ বিদ্যালয়ত ইণ্টাৰনেটেই নাই

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৮ এপ্ৰিল: তথ্য প্ৰযুক্তিৰ চমক পদ বিকাশৰ পাছতো ৰাজ্যৰ ৮ খন জিলাৰ শতাধিক শিক্ষানুষ্ঠানক আজিও স্পৰ্শ কৰিব পৰা নাই ইণ্টাৰনেট সেৱাই৷ যি সময়ত অসম চৰকাৰে অনলাইনত শিক্ষাৰ লগতে কম্পিউটাৰ ব্যৱহাৰিক শিক্ষাৰ পোষকতা কৰিছে, ঠিক তেনে সময়ত শিক্ষক-শিক্ষাৰ্থীৰ ডিজিটেল উপস্থিতি ল’বলৈয়ো ৰাজ্যৰ বহু বিদ্যালয়ক মোবাইল নেটৰ্ৱকে ঢুকি নোপোৱা পয়ালগা স্বৰূপ উন্মোচন হৈছে৷ শেহতীয়াকৈ শিক্ষা বিভাগে পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানৰে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকক  বিদ্যালয়ত  শিক্ষাসেতু পৰ্টেলত ডিজিটেল উপস্থিতি বাধ্যতামূলক কৰিছিল৷ কিন্তু ইণ্টাৰনেটৰ সেৱা উপলব্ধ নথকা ৮ জিলাৰ ২৬৯খন বিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থীক পূৰ্বৰ দৰেই ৰেজিষ্টাৰ বহীত উপস্থিতি লোৱাৰ বাবেহে নিৰ্দেশ জাৰি কৰিবলগীয়া হৈছে৷ সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যবাহী সঞ্চালকে ইণ্টাৰনেটে ঢুকি নোপোৱা এইসমূহ শিক্ষানুষ্ঠানে পূৰ্বৰ দৰেই উপস্থিতি ল’ব পাৰিব বুলি স্পষ্ট কৰি দিছে৷ স্বাভাৱিকতেই শিক্ষা বিভাগৰ এই নিৰ্দেশনাই উদঙাই দিছে তথ্য প্ৰযুক্তিৰ যুগতো ইণ্টাৰনেটৰ সুবিধাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে অসমৰ বহু শিক্ষাৰ্থীয়ে৷ লক্ষণীয়ভাৱে  ইণ্টাৰনেটে ঢুকি নোপোৱাৰ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰো ১০খন প্ৰাথমিক বিদ্যালয় আছে৷ গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা ডিমৰীয়া শিক্ষাখণ্ডৰ অধীনৰ এইসমূহ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে আজিও ইণ্টাৰনেটৰ সুবিধা লাভ নকৰিলে৷ কেৱল কামৰূপ মহানগৰ জিলাই নহয়, কামৰূপ গ্ৰাম্য জিলাৰো ৰাণী আৰু বকো শিক্ষাখণ্ডৰ ২৮ খন শিক্ষানুষ্ঠানতো নাই ইণ্টাৰনেটৰ সুবিধা৷ শিক্ষা বিভাগে প্ৰকাশ কৰা তালিকা অনুসৰি শিক্ষাসেতু পৰ্টেলত ডিজিটেল উপস্থিতিৰ পৰা একমাত্ৰ ইণ্টাৰনেটৰ সমস্যাৰ বাবেই ৰেহাই দিয়া শিক্ষানুষ্ঠানৰ ভিতৰত  আছে কাছাৰ জিলাৰ ১০ খন বিদ্যালয়, ডিমা হাচাও জিলাৰ ৫২ খন বিদ্যালয়, গোৱালপাৰা জিলাৰ ৪০ খন বিদ্যালয়, কাৰ্বি আংলং জিলাৰ ৭৭ খন বিদ্যালয়, কোক্‌ৰাঝাৰ জিলাৰ ৪৯খন বিদ্যালয় আৰু শোণিতপুৰ জিলাৰ ১২ খন বিদ্যালয়৷ লক্ষণীয়ভাৱে ইণ্টাৰনেটৰ সংযোগ নথকা এইসমূহ বিদ্যালয়ৰ অধিকাংশই এজনীয়া বা দুজনীয়া শিক্ষকে চলি আছে৷ অৱশ্যে শিক্ষা বিভাগে ৰাজ্যৰ বাকী শিক্ষানুষ্ঠানসমূহৰ শিক্ষক-শিক্ষাৰ্থীক শিক্ষাসেতু এপত ডিজিটেল উপস্থিতি বাধ্যতামূলক কৰিলেও ইয়াৰে বহু শিক্ষানুষ্ঠানতো ইণ্টাৰনেটৰ অসুবিধা থকাৰ অভিযোগ উঠিছে৷ নেটৱৰ্ক লাভ নকৰা সমস্যাৰ সন্দৰ্ভত শিক্ষকসকলে ঊৰ্ধতন কতৃৰ্পক্ষক লিখিত অভিযোগ দিয়াৰ পাছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে৷ তদুপৰি আন একাংশ শিক্ষানুষ্ঠানত ইণ্টাৰনেট উপলব্ধ হ’লেও শিক্ষা বিভাগে দিয়া ২-জি নেটৱৰ্কৰ  টেবলেটে কাম নিদিয়াৰ লগতে পৰ্টেলৰ কাৰিকৰিগত অসুবিধাৰ বাবে উপস্থিতি নোলোৱাৰো অভিযোগ উঠিছে৷ কিন্তু ইতিপূৰ্বে শিক্ষা বিভাগৰ ফালৰ পৰা শিক্ষা সেতু পৰ্টেলত বাধ্যতামূলক ডিজিটেল উপস্থিতি নিদিলে দৰমহা কৰ্তনৰ ভাবুকি দিয়াত কাৰিকৰিগত কাৰণত ডিজিটেল উপস্থিতি দিব নোৱৰা শিক্ষকসকল শংকিত হৈ পৰিছে৷ যাৰ বাবে পঞ্জীয়ন বহীতো প্ৰধান শিক্ষকসকলে শিক্ষক-শিক্ষাৰ্থীৰ দৈনিক উপস্থিতিৰ স্বাক্ষৰ ল’বলৈ বাধ্য হৈছে৷ কিন্তু শিক্ষকসকলে এনে সমস্যাৰ সন্মুখীন হোৱাৰ পাছতো নাও বুৰিলেও টিনৰ পৰা ননমা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শিক্ষকৰ সমস্যাৰ বিষয়ে উপলব্ধি কৰিবলৈ অলপো যেন আগ্ৰহী নহয়৷