Logo
image

অসমত আপৰ নিৰ্বাচনী ৰণডংকাঃ কেজৰিৱালক ভয় কৰে বিজেপিয়ে, হিমন্তৰ দৰে বিজেপিত যোগ দিলে একেদিনাই জে’লৰ পৰা মুকলি হ'বঃ আতিশী মাৰলেনা

‘আমাৰ অসম’ৰ দুলীয়াজানৰ প্ৰতিবেদক¸ ৮ এপ্ৰিলঃ "কেজৰিৱালে যদি হিমন্ত বিশ্ব শৰ্মাৰ দৰে বিজেপিত যোগ দিয়ে¸ তেনেহ’লে একেদিনাই তেওঁক জে’লৰ পৰা মুকলি কৰি দিব। কিন্তু অৰবিন্দ কেজৰিৱালে দিল্লীৰ জনতাৰ বাবে¸ পঞ্জাৱৰ জনতাৰ বাবে¸ অসমৰ জনতাৰ বাবে¸ সমগ্ৰ দেশৰ সাধাৰণ জনতাৰ বাবে যুঁজ কৰি যাব। সেয়া জে’লৰ ভিতৰতেই হওঁক বা বাহিৰতেই হওঁক। সেয়ে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সকলো ভোটাৰলৈ মোৰ এটাই অনুৰোধ যে অৰবিন্দ কেজৰিৱালৰ হাত শক্তিশালী কৰিবলৈ এইবাৰ আপোনালোকে মনোজ ধানোৱাৰক জয়ী কৰোৱাই দিল্লীলৈ পঠিয়াওক¸ যাতে প্ৰতিজন কৃষকে¸ প্ৰতিজন শ্ৰমিকে, প্ৰতিজন সাধাৰণ লোকে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে।"- এই মন্তব্য দিল্লীৰ শিক্ষামন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেত্ৰী অতিশী মাৰলেনাৰ। 

সোমবাৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ আম আদমী পাৰ্টীৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ অংশস্বৰূপে দুলীয়াজানত এক বিশাল ৰ'ড শ্ব’ত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে আপ নেত্ৰীগৰাকীয়ে৷ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি দলীয় কৰ্মী আৰু জনতাৰ উপস্থিতিত প্ৰদান কৰা তেজশ্বী ভাষণত তেওঁ কয়, "অসমৰ মানুহে আম আদমী পাৰ্টীক¸ অৰবিন্দ কেজৰিৱালক বহুত মৰম আৰু আশীৰ্বাদ দিছে । কোনেও ভাবিবই পৰা নাছিল যে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত এখন আসনত আপ জয়ী হ’ল। কোনেও ভাবিবই পৰা নাছিল যে তিনিচুকীয়া পৌৰসভাৰ নিৰ্বাচনত এখন আসনত আপ জয়ী হ’ল৷ মানুহে অৰবিন্দ কেজৰিৱালক কিয় ভাল পায়। কাৰণ অৰবিন্দ কেজৰিৱালে যি প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি পূৰণ কৰে। অৰবিন্দ কেজৰিৱালে ভাল স্কুল বনাইছে¸ ভাল হাস্পতাল বনাইছে৷ দিল্লী-পাঞ্জাৱত মহিলাৰ বাবে বাছ যাত্ৰা বিনামূলীয়া কৰি দিছে¸ নিবনুৱাক চাকৰি দিছে¸ সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে অৰবিন্দ কেজৰিৱালক ভয় কৰে। এই কাৰণেই  বিজেপিয়ে ভয় কৰে, কিয়নো তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰে, কিন্তু সেই প্ৰতিশ্ৰুতি পূৰ্ণ নকৰে।" 

লগতে তেওঁ কয় যে শেহতীয়াকৈ অসমত আঠ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ হৈ গৈছে¸ কলেজ বন্ধ হৈ গৈছে¸ হাস্পতাল বা স্বাস্থ্যকেন্দ্ৰত ঔষধ পোৱা নাযায়¸ চাহ শ্ৰমিকক অতি কম পৰিমাণৰ মজুৰি প্ৰদান কৰে¸ তেওঁলোকক বাসগৃহৰ বাবে ভূমিপট্টা প্ৰদান নকৰিলে। তেওঁলোকে যি কয় সকলো মিছা কয়। নিৰ্বাচনৰ সময়ত ডাঙৰ ডাঙৰ কথা কয়¸ প্ৰতিশ্ৰুতি দিয়ে আৰু চৰকাৰ গঠন হোৱাৰ পিছত সকলো পাহৰি যায়। কিন্তু ভাল স্কুল স্থাপন কৰা¸ ভাল হাস্পতাল স্থাপন কৰা¸ চাহ শ্ৰমিকক চাৰে চাৰিশ টকা মজুৰি প্ৰদান কৰা¸ বাসগৃহৰ বাবে ভূমিপট্টা প্ৰদান কৰা¸ চাহৰ ন্যূনতম সমৰ্থিত মূল্য নিৰ্ধাৰণ কৰা আম আদমী পাৰ্টীৰ প্ৰতিশ্ৰুতি। আম আদমী পাৰ্টীৰ প্ৰতিশ্ৰুতি মানে অৰবিন্দ কেজৰিৱালৰ গেৰাণ্টী। অৰবিন্দ কেজৰিৱালে যি প্ৰতিশ্ৰুতি দিয়ে¸ সেই প্ৰতিশ্ৰুতি পূৰ্ণ কৰি দেখুৱাই। এইবাবেই বিজেপিয়ে অৰবিন্দ কেজৰিৱালক ভয় কৰে। এইবাবেই কেজৰিৱালক জে’লত ভৰাই থয়। 

আজি পুৱাবেলা দিল্লীৰ পৰা বিমানযোগে ডিব্ৰুগড় বিমান বন্দৰত নামি পোনে পোনে আপৰ নেত্ৰীগৰাকী দুলীয়াজানত উপস্থিত হয়। তেওঁ দুলীয়াজানৰ ৰে’লৱে ষ্টেচনৰ সমীপৰ পৰা পিপলতল তিনিআলিলৈকে এক ৰ’ড শ্বত অংশগ্ৰহণ কৰে। এই সময়ছোৱাত পিপলতল তিনিআলিত এখন পথ সভাত ভাষণ প্ৰদান কৰে দিল্লীৰ শিক্ষামন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছত দুলীয়াজান থানাৰ সমীপৰ কেন্দ্ৰীয় শ্বহীদ বেদী প্ৰাংগণত বন্তি প্ৰজ্বলন কৰি মহাত্মা গান্ধী আৰু অসম আন্দোলনৰ শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যসূচীত আপৰ ডিব্ৰুগড় লোকসভাৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ উপৰি দলটোৰ উত্তৰ-পূবৰ প্ৰভাৰী ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, ৰাজ্যিক উপ-সভাপতি লক্ষ্মীকান্ত ডুবে, দিল্লীৰ সাংগঠনিক তত্বাধায়ক ৰাহুল পাৱাৰ প্ৰমুখ্যে কেন্দ্ৰীয় আৰু ৰাজ্যিক বিষয়ববীয়াই অংশগ্ৰহণ কৰে ।