Logo
image

মোদী চৰকাৰে ১০ বছৰত ২৫ কোটিৰো অধিক ভাৰতীয়ক দৰিদ্ৰতাৰ কৱলৰ পৰা উদ্ধাৰ কৰিলেঃ সৰ্বানন্দ সোণোৱাল

'আমাৰ অসম'ৰ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৮ এপ্ৰিলঃ কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি দলৰ হাইপ্ৰ’ফাইল প্রার্থী সৰ্বানন্দ সোণোৱালে সোমবাৰে নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ বিভিন্ন ঠাইত আয়োজিত নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে৷ মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰুৱাহোলা পূবেৰুণ সংঘৰ খেলপথাৰ, ১ নং হাতীশাল বিষ্ণুপুৰ খেলপথাৰ, কৰ্দৈগুৰি, ৩ নং হলৌটুপ খেলপথাৰ, হাতীজান, ৰাজগড়আলি চাহ বাগিচা খেলপথাৰ, মাকুম আদি ঠাইত দিনজোৰা কাৰ্যসূচীৰে প্ৰচাৰত ব্যস্ত থকা সোণোৱালে মাকুম প্ৰেছ ক্লাবৰ সাংবাদিকসকলৰ সৈতে অন্তৰংগ আলাপ আৰু মাকুম নগৰৰ চানমাৰিৰ পৰা চীনাপট্টিলৈ এক পদযাত্রাতো অংশগ্রহণ কৰে৷ 

প্ৰচাৰ সভাত নিজৰ ভাষণত কংগ্ৰেছক তুলাধুনা দি সোণোৱালে কয়, "বাৰে বাৰে কংগ্ৰেছ চৰকাৰ শাসনত থকাৰ পাছতো ব্যাপক দুর্নীতিৰ ফলত ৰাইজৰ ওচৰলৈ কল্যাণমূলক লাভালাভ অহা নাছিল৷ কংগ্ৰেছে জনসাধাৰণৰ জীৱনৰ মানৰ সৈতে আপোচ কৰিছিল৷ কংগ্ৰেছৰ শাসনকালত চলি থকা ব্যাপক দুর্নীতি আঁতৰ কৰাৰ বাবে মোদীয়ে জন ধন যোজনাৰ অধীনত চাহ বাগিচা অঞ্চলৰ লোকসকলৰ বাবে বেংক একাউণ্টৰ ব্যৱস্থা কৰিছিল, যাতে সকলো আঁচনিৰ ধন মধ্যভোগীয়ে পাব নোৱাৰাকৈ হিতাধিকাৰীয়ে লাভ কৰে৷ মোদী চৰকাৰৰ এই ১০ বছৰত ২৫ কোটিতকৈও অধিক ভাৰতীয়ক দৰিদ্ৰতাৰ কৱলৰ পৰা উদ্ধাৰ কৰাটো আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়৷ কংগ্ৰেছৰ শাসনকালত এয়া কল্পনাৰো অগোচৰ আছিল, যিয়ে কোনোধৰণৰ পৰিৱৰ্তনকামী পদক্ষেপ অবিহনে কেৱল গৰীবী হাটাও শ্ল'গানহে দি আছিল৷ অসমীয়াৰ স্বাভিমান ফুলাম গামোছাক সমগ্র বিশ্বত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জনপ্ৰিয় কৰিলে৷ কংগ্ৰেছ শাসনৰ সময়ত এইবোৰ আমাৰ বাবে ভাবিব নোৱাৰা কথা আছিল৷" 

আনহাতে অসমত কংগ্ৰেছ সমর্থিত মিত্রজোঁটক সমালোচনা কৰি সোণোৱালে কয়, "ন্যস্ত স্বার্থ সিদ্ধিৰ বাবে ৰাজনীতিৰ পথাৰত নমা কোনো ৰাজনৈতিক নেতাৰ শ্ৰুতলিপি মই নলওঁ ৷ কংগ্ৰেছৰ হাত তথাকথিত জাতীয়তাবাদী নেতাৰ বাবে আশীৰ্বাদ৷ অসমৰ ৰাইজৰ বাবে ই অভিশাপ হৈ পৰিব৷" সোণোৱালে নিজৰ ভাষণত কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতত বিগত ১০ বছৰত উন্নয়ণৰ অভূতপূর্ব নৱজাগৰণৰ সূচনা হৈছে আৰু ইয়াৰ দ্বাৰা দেশৰ সকলো প্ৰান্তৰ গাঁওবিলাকো যথেষ্ট উপকৃত হৈছে৷ কংগ্ৰেছ চৰকাৰৰ ষাঠি বছৰীয়া অন্ধকাৰ যুগৰ বিপৰীতে এতিয়া দেশত উজ্জ্বল যুগৰ সূচনা হৈছে বুলি তেওঁ উল্লেখ কৰে৷ সোণোৱালে কয় যে প্রধানমন্ত্রী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত প্রায় ৮০ কোটি লোকে বিনামূলীয়া খাদ্য লাভ কৰে৷ দুর্নীতি আঁতৰ কৰিবলৈ 'এক ৰাষ্ট্ৰ, এক ৰেচন কার্ড' কাৰ্যকৰী কৰা হৈছে ৷ গ্রামাঞ্চলত দৰিদ্ৰতা ৩২.৫৯%ৰ পৰা ১৯.২৮%লৈ দ্রুতগতিত হ্রাস কৰা হৈছে ৷ এই সকলো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা দূৰদৰ্শী নীতিৰ ফচল, যি 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্রয়াস'ৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত৷ সভাত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়াৰ উপৰি একাধিক দলীয় বিষয়ববীয়া ৷