Logo
image

২,৩০৬খন বিহুতলীক মুঠ ৩৫ কোটি টকা দিব চৰকাৰে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৯ এপ্ৰিল: নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে আহি পালে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু৷ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সমান্তৰালভাৱে চাৰিওফালে বিহুক লৈ উখল-মাখল পৰিৱেশ বিৰাজমান৷ গাঁৱে-গাঁৱে ঢুলীয়া-নাচনীৰ মাজত বিহুৰ প্ৰশিক্ষণ চলাৰ লগতে ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি ৰঙালী বিহু উদ্‌যাপনৰ বাবেও হাতে-কামে নামি পৰিছে উদ্যোক্তাসকল৷ অৱশ্যে নিৰ্বাচনৰ বতাহে বিহুৰ আয়োজনক ম্লান কৰি তুলিলেও আয়োজকসকলে প্ৰস্তুতিৰ কোনো যেন হেৰফেৰ কৰা নাই৷ ক’ভিডৰ পাছতেই চান্দা সংস্কৃতি বন্ধ কৰি বিহু কমিটীসমূহক চৰকাৰে অনুদান দিয়াৰ কথা ঘোষণা কৰিছিল৷ বিগত বৰ্ষৰ দৰে এইবাৰো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ১০ বছৰ পুৰণি ৰাজ্যৰ ২৩০৬খন বিহু উদ্‌যাপন সমিতিক ১.৫০ লাখ টকাকৈ অনুদান প্ৰদানৰ কথা সিদ্ধান্ত লৈছিল৷ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত চৰকাৰী অনুদানক লৈ দোধোৰ-মোধোৰত আছিল যদিও নিৰ্বাচন আয়োগে বিহুতলীৰ আয়োজকৰ মুখলৈ হাঁহি আনি দিছে৷ প্ৰায় ডেৰ লাখ কোটি টকা ঋণত কক্‌বকাই থাকিলেও বিজেপি চৰকাৰে ২,৩০৬খন বিহুতলীক এইবাৰ সৰ্বমুঠ ৩৫ কোটি টকা অনুদান প্ৰদানত অনুমোদন জনাইছিল৷ কিন্তু লোকসভা নিৰ্বাচনৰ আচৰণবিধি বলৱৎ হৈ থকাত বিহু কমিটীসমূহক অনুদান মুকলি কৰি দিয়াত সমস্যাৰ সৃষ্টি হোৱাত অৱশেষত নিৰ্বাচন আয়োগৰ দ্বাৰস্থ হয় দিছপুৰে৷ দিছপুৰৰ অনুৰোধৰ প্ৰতি সমৰ্থন জনাই দেশৰ নিৰ্বাচন আয়োগে ৰাজ্যৰ ২,৩০৬খন বিহু সমিতিক ১.৫০ লাখ টকাকৈ অনুদান প্ৰদানত সেউজ সংকেত প্ৰদান কৰিছে৷ নিৰ্বাচন আয়োগৰ সেউজ সংকেতত দুই-এদিনৰ ভিতৰতে ১৩ বছৰ পুৰণি বিহু সমিতিসমূহক ডেৰ লাখ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰিব চৰকাৰে৷ উল্লেখ্য, নিৰ্বাচনী আচৰণবিধি বলৱৎ হৈ থকাৰ পৰিপ্ৰেক্ষিতত কিছুদিন পূৰ্বে দিছপুৰে এইবাৰ বিহু কমিটীসমূহক চৰকাৰী অনুদান প্ৰদানত সমস্যাই দেখা দিয়াৰ আশংকা ব্যক্ত কৰিছিল৷ দিছপুৰৰ এই আশংকাৰ পাছতেই বৃহত্তৰ গুৱাহাটী বিহু উদ্‌যাপন সমিতিৰ বিষয়ববীয়াই মুখ্যমন্ত্ৰীক নিৰ্বাচন আয়োগৰ পৰা অনুদান বিতৰণত হস্তক্ষেপৰ বাবে আহ্বান জনাইছিল৷ ইয়াৰ পাছতেই দিছপুৰে বিহুৰ অনুদানৰ বিষয়টো নিৰ্বাচন আয়োগক অৱগত কৰাত শেহতীয়াকৈ নিৰ্বাচন আয়োগে ৰাজ্যৰ ২,৩০৬খন বিহু কমিটীক ডেৰ লাখ টকাকৈ চৰকাৰী অনুদান আগবঢ়োৱাত সেউজ সংকেত প্ৰদান কৰে৷ লক্ষণীয়ভাৱে ৰাজ্য চৰকাৰে বিগত ২০২২ বৰ্ষত ৰাজ্যৰ ৰ,২৬৫খন বিহু কমিটীক অনুদান বিতৰণ কৰাৰ বিপৰীতে ২০২৩ বৰ্ষত ২,১১৪খন বিহু কমিটীক অনুদান আগবঢ়াইছিল৷ এইবাৰ অতিৰিক্ত প্ৰায় দুশখন বিহু কমিটীক অনুদান আগবঢ়াব ৰাজ্য চৰকাৰে