Logo
image

প্ৰথম পৰ্যায়ত ৰাজ্যত ১৫ ‘কোটিপতি’ৰ যুঁজ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৯ এপ্ৰিল: প্ৰথম পৰ্যায়ৰ ভোটলৈ মাজত আৰু মাত্ৰ ১০টা দিন বাকী৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে শাসক-বিৰোধী সকলোৰে প্ৰচাৰ তুংগত উঠিছে৷ ৫টা সমষ্টিৰ বাবে অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত যুঁজ হ’ব ১৫জন কোটিপতি প্ৰাৰ্থীৰ৷ এছ’চিয়েশ্বন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ আৰু আছাম ইলেকশ্বন ৱাটচৰ সমীক্ষাত প্ৰকাশ পোৱা মতে ৰাজ্যত প্ৰথম পৰ্যায়ৰ ভোট যুদ্ধত মুঠ ৩৫ জন প্ৰাৰ্থী অৱতীৰ্ণ হ’লেও ইয়াৰে ১৫ জনেই হৈছে কোটিপতি প্ৰাৰ্থী৷ শাসক বা বিৰোধী ৰাজনৈতিক দল নহয়, প্ৰথম পৰ্যায়ৰ ভোটত কোটিপতি প্ৰাৰ্থীৰ শীৰ্ষত আছে নিৰ্দলীয় প্ৰাৰ্থী দিলোৱাৰা  বেগম চৌধুৰী৷ কাজিৰঙা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দিলোৱাৰা বেগম চৌধুৰীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১৭.৫৮ কোটি টকা৷ অট’ ৰিক্সাৰ প্ৰতীক চিহ্নত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ অস্থাৱৰ সম্পত্তি ৪.৬৫ কোটি টকা আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ ১২.৯২ কোটি টকা৷ এন আৰ আই পাব্লিক স্কুলৰ স্বত্ত্বাধিকাৰ দিলোৱাৰা বেগম চৌধুৰী হোটেল ফৰচুনৰো মালিক৷ ১৯ এপ্ৰিলত ভোট অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ৰাজ্যৰ দ্বিতীয়জন ধনী প্ৰাৰ্থী হৈছে ডিব্ৰুগড় সমষ্টিৰ পৰা আপৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা মনোজ ধানোৱাৰ৷ ধানোৱাৰৰ স্থাৱৰ-অস্থাৱৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৯.৩২ কোটি টকা৷ ইয়াৰ পাছতেই তালিকাত আছে বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত৷ প্ৰথম পৰ্যায়ৰ ভোটৰ তৃতীয়জন ধন প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ সম্পত্তিৰ পৰিমাণ জ্জ্ব.জ্ঝ কোটি টকা৷ তালিকাত থকা আন কোটিপতি প্ৰাৰ্থীৰ ভিতৰত আছে ক্ৰমে লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ ৬.৮২ কোটি টকা, যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ ৪.৯০ কোটি টকা, ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ ৪.৭৫ কোটি টকা, যোৰহাটৰ বিজেপি প্ৰাৰ্থী তপন গগৈৰ ৩.২২ কোটি টকা, শোণিতপুৰত আপৰ প্ৰাৰ্থী ঋষিৰাজ কোণ্ডিন্যৰ ২.৯১ কোটি টকা, লখিমপুৰৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ ২.৪২ কোটি টকা, শোণিতপুৰৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰদীপ ভাণ্ডাৰীৰ ২.০৮ কোটি টকা, কাজিৰঙাৰ নিৰ্দলীয় প্ৰাৰ্থী আব্দুল হকৰ ২ কোটি টকা, কাজিৰঙাৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ ২ কোটি টকা, লখিমপুৰৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়াৰ ৰ.৯১ কোটি টকা, কাজিৰঙাৰ ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী শৈলেন চন্দ্ৰ মালাকাৰৰ ৰ.৬৭ কোটি টকা আৰু শোণিতপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ ৰ.১০ কোটি টকা৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা আটাইতকৈ দুখীয়া প্ৰাৰ্থীজন হৈছে লখিমপুৰ সমষ্টিৰ এছ ইউ চি আই [চি]ৰ পল্লৱ পেগু৷ প্ৰাৰ্থীজনৰ মুঠ সম্পত্তি হৈছে মাত্ৰ ৩৮ হাজাৰ টকা৷ লক্ষণীয়ভাৱে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ৩৫ প্ৰাৰ্থীৰ ভিতৰত প্ত জনৰ বিৰুদ্ধে আছে অপৰাধজনিত গোচৰ৷ শোণিতপুৰৰ আপৰ প্ৰাৰ্থী ঋষিৰাজ কুণ্ডিল্যৰ বিৰুদ্ধে মুঠ জ্জ টা অপৰাধজনিত গোচৰ পঞ্জীয়ন হৈ আছে৷ প্ৰাৰ্থীজনৰ বিৰুদ্ধে ১৮ টা গুৰুতৰ আইপিচি ধাৰাতো গোচৰ পঞ্জীয়ন হৈছে৷ একেদৰে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ, শোণিতপুৰৰ বহুজন মহাপাৰ্টীৰ প্ৰাৰ্থী আলম আলী, শোণিতপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জু আৰু কাজিৰঙাৰ ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী শৈলেন চন্দ্ৰ মালাকাৰৰ বিৰুদ্ধে এটাকৈ অপৰাধজনিত গোচৰ পঞ্জীয়ন হৈ আছে৷ তাৎপৰ্যপূৰ্ণভাৱে প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা এজন প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা পঞ্চম শ্ৰেণী উত্তীৰ্ণ আৰু দুজন প্ৰাৰ্থী মাত্ৰ অষ্টম শ্ৰেণী উত্তীৰ্ণ৷ তদুপৰি দশম শ্ৰেণী উত্তীৰ্ণ আন চাৰিজন প্ৰাৰ্থীয়েও প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷

মুছলমানৰ ভোট বিচাৰি থৰকাছুটি হেৰুৱাইছে বিজেপি প্ৰাৰ্থী সুৰেশে

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ ঃ একুৰি বছৰ বিজেপি আৰু পাঁচ বছৰ কংগ্ৰেছৰ দখলত থকা নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী সমীকৰণ ক্ৰমান্বয়ে জটিল হৈ পৰিছে৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অধিক আকৰ্ষণীয় হৈ পৰিছে নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ৷ এইবাৰ নগাঁও লোকসভা সমষ্টি সুচল হৈ থকা নাই বিজেপি বা কংগ্ৰেছৰ বাবে৷ তাৰ মূল কাৰণ হৈছে সমষ্টি পুনৰগঠনৰ ফলত সমষ্টিটোত জনবিন্যাস ব্যাপকভাৱে সলনি৷ হিন্দু ভোটাৰৰ আধিপত্য থকা পূৰ্বৰ নগাঁও লোকসভা সমষ্টিৰ পৰা বাদ পৰিল বঢ়মপুৰ, লামডিং, হোজাইৰ দৰে বিধানসভা সমষ্টি৷ তাৰ বিপৰীতে নগাঁও লোকসভা সমষ্টিত সংযোজন হ’ল চামগুৰি, ধিং, ৰূপহীহাটৰ উপৰি বৰ্তমান লুপ্ত হোৱা পূৰ্বৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহ৷ ৮টা বিধানসভাৰে গঠিত নগাঁও লোকসভা সমষ্টিৰ সৰ্বমুঠ ভোটাৰৰ সংখ্যা ১৮,০৮,৮৮৯জন আৰু তাৰ ভিতৰত সংখ্যালঘু ভোটাৰৰ সংখ্যা হ’ল প্ৰায় ১০লাখ ৮৮হাজাৰ৷ সেয়েহে নগাঁও লোকসভা সমষ্টিৰ তিনি মূল প্ৰতিদ্বন্দ্বী এ আই ইউ ডি এফৰ আমিনুল ইছলাম, কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ, বিজেপিৰ সুৰেশ বৰাৰ এতিয়া প্ৰধান লক্ষ্য হৈ পৰিছে মুছলমান ভোট৷ প্ৰাৰ্থীৰ জয়-পৰাজয়ৰ ক্ষেত্ৰত সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিবলগীয়া নগাঁও লোকসভা সমষ্টিৰ সংখ্যালঘু ভোটাৰক আকৰ্ষিত কৰিবলৈ প্ৰাৰ্থীসকলে গ্ৰহণ কৰিছে ন-ন কৌশল৷ মন কৰিবলগীয়া যে এইবাৰৰ লোকসভা নিৰ্বাচনত নগাঁও সমষ্টিত হিন্দু ভোটাৰ বিশেষকৈ অসমীয়াভাষী ভোটাৰৰ মাজত বৰ্তমানলৈকে বিশেষ উত্তাপ পৰিলক্ষিত হোৱা নাই৷ অধিকাংশ অসমীয়া ভোটাৰেই যেন নিৰুদ্বিগ্ন, নিৰুত্তাপ আৰু নিস্তেজ৷ সেইবাবেই সকলোৱে এতিয়া উঠি-পৰি লাগিছে মুছলমান অধ্যুষিত অঞ্চলত৷ পূৰ্বে দাড়ি-লুঙি- টুপিৰ ভোট আমাক নালাগে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দম্ভালি মৰা আৰু সতীৰ্থসকলে মুছলমানসকলক কথাইপতি তুচ্ছ-তাচ্ছিল্য কৰি অহাৰ পাছতো বিজেপি দলৰ নগাঁও সমষ্টিৰ প্ৰাৰ্থী সুৰেশ বৰাই এতিয়া ভোটৰ বাবে সংখ্যালঘু ভোটাৰৰ ওচৰত শৰণাপন্ন হোৱা পৰিলক্ষিত হৈছে৷ বিজেপি প্ৰাৰ্থীজনে সংখ্যালঘুৰ ভোট বিচাৰি একপ্ৰকাৰ থৰকাছুটি হেৰুৱাইছে৷ মিঞা ভোট নালাগে বুলি দম্ভালি মাৰি থকা বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাক এতিয়া নিৰ্বাচনী প্ৰচাৰৰ অধিক সময় সংখ্যালঘু বসতিপ্ৰধান অঞ্চলসমূহতে অতিবাহিত কৰা দেখা গৈছে৷ আনকি মুছলমান ভোটাৰৰ অন্তৰ জয় কৰিবলৈ বিজেপি প্ৰাৰ্থীজনৰ লগতে বিজেপিৰ বিভিন্ন নেতাই সংখ্যালঘু লোকৰ ঘৰত আহাৰ খোৱা, ধৰ্মীয় টুপি পিন্ধি দোৱা লোৱা, ইফটাৰ পাৰ্টিত অংশ লোৱা দেখা গৈছে৷ এনেবোৰ দৃশ্যই সাধাৰণ লোকৰ মাজত ৰসৰ খোৰাক যোগাইছে৷ সংখ্যালঘু ভোট অবিহনে নগাঁও লোকসভা সমষ্টিত বিজয় সম্ভৱ নহয় বুলি বুজি বিজেপিয়ে সংখ্যালঘু ভোটাৰক নিজৰ ফলীয়া কৰিবলৈ ধন-জনৰ ব্যাপক প্ৰয়োগ কৰা বুলি ব্যাপক চৰ্চা হৈছে৷ অৱশ্যে সততে বিজেপিক সংখ্যালঘুবিদ্বেষী দল বুলি ভবা সংখ্যালঘু ৰাইজৰ সমৰ্থন লাভ কৰিবলৈ বিজেপি প্ৰাৰ্থীজন সফল হয়নে নহয় সেয়া সময়ে ক’ব৷  উল্লেখ্য, ২০১৯১ লোকসভা নিৰ্বাচনত তেতিয়াৰ কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চামগুৰি, ৰূপহীহাট, ধিং, বটদ্ৰৱা বিধানসভা সমষ্টিত বিজেপি সমৰ্থিত অগপ প্ৰাৰ্থী মণিমাধৱ মহন্তই সভাই-সমিতিয়ে মুছলমান ভোটাৰৰ ব্যাপক সঁহাৰি পায়ো ভোট লাভত ব্যৰ্থ হৈছিল৷ মুছলমান ভোটাৰৰ মাজত অগপৰ পূৰ্বৰে পৰা প্ৰভাৱ থকা স্বত্ত্বেও বিজেপিৰ মিত্ৰ হোৱা বাবেই বিগত লোকসভা নিৰ্বাচনত অগপ প্ৰাৰ্থীজনে কুফল ভুগিবলগীয়া হয়৷ গতিকে বৰ্তমান বিজেপি প্ৰাৰ্থীজনে মুছলমান ভোটাৰৰ পৰা কিমানদূৰ সঁহাৰি লাভ কৰে সেয়া সন্দেহৰ বিষয়৷ এতিয়া সৰ্বাধিক সংখ্যালঘু ভোটাৰ থকা চামগুৰি, ৰূপহী, ধিং আৰু লাহৰিঘাট বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী সুৰেশ বৰা, কংগ্ৰেছৰ প্ৰাৰ্থী সাংসদ প্ৰদু্যৎ বৰদলৈ আৰু এআইইউডিএফৰ প্ৰাৰ্থী আমিনুল ইছলামে সমানে আৰু ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে৷