Logo
image

গৌৰৱ গগৈ এদিন দেশৰ প্ৰধানমন্ত্ৰী হ’ব

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ এপ্ৰিল: ‘অদূৰ ভৱিষ্যতে গৌৰৱ গগৈ দেশৰ প্ৰধানমন্ত্ৰী হ’ব৷’ –এই ভৱিষ্যৎবাণী কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে৷ বিধায়কজনে কয় যে যদি এইবাৰ ইণ্ডিয়া চৰকাৰ গঠন হয়, তেন্তে গৌৰৱ গগৈ গুৰুত্বপূৰ্ণ মন্ত্ৰী হ’ব৷ দেওবাৰে যোৰহাটৰ লহপহীয়াত ইণ্ডিয়া সমৰ্থিত প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰাৰ পাছত অখিল গগৈয়ে সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে৷ আনহাতে, এইবাৰ চৰকাৰ সলনি হ’লে হিমন্ত বিশ্ব শৰ্মা বিজেপিত নাথাকে বুলিও গৌৰৱ গগৈয়ে বিষ্ফোৰক মন্তব্য কৰে৷ তেওঁ কয়, “হিমন্ত বিশ্ব শৰ্মা হয় কংগ্ৰেছলৈ আহিব, নহ’লে আঞ্চলিক দললৈ আহিব৷ নহ’লে তেওঁ জে’ললৈ যাব লাগিব৷’’ এইবাৰ লোকসভা নিৰ্বাচনত ইণ্ডিয়া এলায়েন্সে অসমত ৮ খন আসনত জয়লাভ কৰিব বুলিও বিধায়ক গগৈয়ে দাবী কৰে৷ যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ কমেও দুই লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি দাবী কৰি বিধায়কজনে কয় যে শিৱসাগৰ বিধানসভা সমষ্টিত গৌৰৱ গগৈ কমেও ৩০ হাজাৰ ভোটত আগবাঢ়িব৷ আনকি মাজুলী বিধানসভা সমষ্টিতো গৌৰৱ গগৈ আগবাঢ়িব৷ সেয়ে গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ পাছতে মুখ্যমন্ত্ৰীৰ চেহেৰা সলনি হৈ যোৱা বুলিও তেওঁ মন্তব্য কৰে৷ তেওঁ লগতে কয় যে তপন গগৈ হাৰিলেও অসমৰ কোনো ক্ষতি নহয়৷ কিন্তু গৌৰৱ গগৈ হাৰিলে অসমৰ ক্ষতি  হ’ব৷ সেয়ে যোৰহাটবাসীয়ে গৌৰৱ গগৈক জয়ী কৰাব বুলি তেওঁ দাবী কৰে৷ বিধায়ক গগৈয়ে কয়, “গৌৰৱ গগৈৰ ওপৰত অসমবাসীৰ আশীৰ্বাদ আছে৷ তেওঁক কোনে সংগ দিছে, কোনে লেং মাৰিছে–সেয়া গুৰুত্বপূৰ্ণ কথা নহয়, কাৰণ গৌৰৱ গগৈয়ে জয়লাভ কৰাটো নিশ্চিত৷ ৰাইজে তেওঁক জয়ী কৰাব৷”