Logo
image

লুৰীণক একেবাৰে নিজৰ কৰি ল’লে কংগ্ৰেছে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ এপ্ৰিল : ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক কাৰ্যতঃ নিজৰ কৰি ল’লে কংগ্ৰেছে৷ কংগ্ৰেছে আনুষ্ঠানিকভাৱে বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক কংগ্ৰেছ প্ৰাৰ্থীৰূপে দেখুৱাই ডিব্ৰুগড়ত প্ৰকাশ কৰে কংগ্ৰেছৰ পাঁচ গেৰাণ্টী সম্বলিত বেনাৰ৷ ইয়াকে লৈ ৰাজনৈতিক মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ বিজেপি মিত্ৰজোঁটে ইয়াক লৈ ৰাজনীতি কৰাৰ চেষ্টা চলাইছে৷ এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়– অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে জাহাজৰ ছবিত নিৰ্বাচন খেলিব৷ কিন্তু তেওঁ যিহেতু বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী গতিকে কংগ্ৰেছেও তেওঁক সমৰ্থন জনাইছে৷ ‘জাহাজ’ৰ ষ্টিয়াৰিঙত ‘হাত’ থাকিবই৷ আগতে যিসকলে হাতৰ ছবিত ভোট দিছিল তেওঁলোকে হাতখন জাহাজৰ ষ্টিয়াৰিঙত থকা বুলি গণ্য কৰি জাহাজত ভোট দিয়ক৷ লুৰীণজ্যোতি গগৈক লৈ কংগ্ৰেছে প্ৰকাশ কৰা গেৰাণ্টী কাৰ্ডত কংগ্ৰেছৰ চিন ‘হাত’ সন্নিবিষ্ট কৰা প্ৰসংগত বিৰোধী শিবিৰে দাবী কৰিছে লুৰীণজ্যোতি গগৈক একেবাৰে নিজৰ কৰি ল’লে কংগ্ৰেছে৷

ডিব্ৰুগড়ত অজাপৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক: আন ৰাজনৈতিক দলসমূহৰ লগতে সোমবাৰে ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিলে অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ৷ ডিব্ৰুগড় হোটেল ডি প্ৰিশলেণ্ডত অনুষ্ঠিত হোৱা এক সংবাদমেলৰ জৰিয়তে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই৷ সংবাদমেলত অজাপৰ নেতাজনে এই নিৰ্বাচনী যুঁজত বিৰোধী ঐক্য মঞ্চই নতুন মাত্ৰা প্ৰদান কৰা বুলি কৰি অসমীয়াৰ স্বাভিমান সংসদৰ মজিয়ালৈ লৈ যোৱাৰ পৰিকল্পনাৰ কথা সদৰি কৰে৷ অসম জাতীয় পৰিষদৰ সভাপতি তথা বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ নিৰ্বাচনী ইস্তাহাৰত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ মূল জ্বলন্ত সমস্যাসমূহক লৈ প্ৰাধান্য দি অনাগত দিনত সমাধানত গুৰুত্ব আৰোপ কৰিছে৷ জনসাধাৰণৰ চিন্তা চেতনাক গুৰুত্ব দি কাম কৰি যোৱাৰ অংগীকাৰবদ্ধ বুলি উল্লেখ কৰি ‘কা’ আইনৰ লগতে জনজাতিকৰণ, অসম চুক্তি অৱমাননাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় স্তৰত জনমত গঠনৰ পৰিকল্পনাৰ কথা ইস্তাহাৰত উল্লেখ কৰিছে৷ অসমৰ বিশেষ ৰাজ্য মৰ্যাদা ওভতাই অনাৰ বাবে দাবী জনাব অজাপই৷ দিবাং ভেলী বহুমুখী প্ৰকল্পৰ ফলত নামনি অংশত প্ৰভাৱ পৰিব পৰা বিষয়তো গুৰুত্ব প্ৰদান কৰিছে ইস্তাহাৰত৷ চাহ শ্ৰমিকৰ মজুৰী ৪০০ টকালৈ বৃদ্ধিৰ সন্দৰ্ভতো সংসদত দাবী উত্থাপন কৰিব অজাপই৷ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাই ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে উপেক্ষিত বুলি মন্তব্য কৰিছে অজাপৰ নেতা জগদীশ ভূঞাই৷ ইয়াৰ ন্যায় প্ৰদানৰ বাবে অজাপই অংগীকাৰবদ্ধ বুলি মন্তব্য কৰিছে৷ উল্লেখ্য, নিৰ্বাচনী ইস্তাহাৰখনক তিনিটা ভাগত ভাগ কৰা হৈছে৷ প্ৰথমটো ভাগত বিজেপি দলৰ চৰকাৰে দেশ, ৰাজ্য আৰু বিশেষকৈ ডিব্ৰুগড় লোকসভা সমষ্টি এলেকাৰ ৰাইজক কৰা প্ৰতাৰণা-প্ৰৱঞ্চনাৰ চমু অৱলোকন, দ্বিতীয় ভাগত দলৰ প্ৰাৰ্থীগৰাকী সাংসদ নিৰ্বাচিত হ’লে ডিব্ৰুগড় লোকসভা সমষ্টি এলেকাৰ বাবে কৰিবলগীয়া কাম-কাজসমূহ আৰু তৃতীয় ভাগত সমগ্ৰ ৰাজ্য তথা জাতিটোৰ বাবে কৰিবলগীয়া কাম-কাজসমূহৰ আভাস দিয়া হৈছে৷ এই নিৰ্বাচনী ইস্তাহাৰখনত উল্লেখ কৰামতে, অজাপৰ প্ৰাৰ্থীজন সাংসদ নিৰ্বাচিত হ’লে অসমীয়া তথা ৰাজ্যৰ অন্য থলুৱা জনগোষ্ঠীসমূহৰ ভাষিক তথা সাংস্কৃতিক অস্তিত্ব তথা ঐতিহ্য সুৰক্ষাৰ প্ৰসঙ্গ অগ্ৰাধিকাৰ ভিত্তিত সংসদকে ধৰি সকলো প্ৰয়োজনীয় মঞ্চত উত্থাপনৰ লগতে সেইসমূহ ৰূপায়ণৰ পক্ষত দিল্লীত জনমত গঠন কৰিব৷ আনহাতে অসম চুক্তিৰ আধাৰত বিদেশীৰ চিনাক্তকৰণ, ভোটাৰ তালিকাৰ পৰা বিদেশীৰ নাম কৰ্তন আৰু আইনী প্ৰক্ৰিয়াৰে বহিস্কৰণ, অসমীয়াৰ বাবে সাংবিধানিক ৰক্ষা কৱচৰ ব্যৱস্থা, সীমান্তৰ সুৰক্ষা আৰু এখন সম্পূৰ্ণ আৰু ত্ৰুটি হীন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী [এন আৰ চি] প্ৰস্তুতকৰণৰ লগতে অসম চুক্তিক অৱমাননা কৰা ‘কা’ আইন বাতিলৰ দাবী সংসদত উত্থাপন কৰিব৷ অসম চুত্তিৰ ৫ আৰু ৬নং দফা ৰূপায়ণ তথা ন্যায়াধীশ [অৱসৰপ্ৰাপ্ত] বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শ কায্যৰ্কৰীকৰণৰ হকে ৰাষ্ট্ৰীয় স্তৰত জনমত গঠনেৰে চৰকাৰক হেঁচা দিয়া হ’ব৷ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীকো অগ্ৰাধিকাৰ ভিত্তিত সংসদত উত্থাপন কৰাৰ লগতে বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰোৱাত উদ্যোগ ল’ব দলৰ সাংসদে৷ ইস্তাহাৰখনৰ প্ৰথম দফাত উল্লেখ কৰামতে, প্ৰায় দুশ বছৰীয়া চাহ উদ্যোগ আৰু এশ বছৰীয়া তৈল উদ্যোগেৰে এই জিলা দুখনে ভাৰত তথা বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ দেশৰ সৰ্বাধিক ৰাজহ আহৰণকাৰী জিলাৰ তালিকাতো আছে এই দুই জিলাৰ স্থান৷ কিন্তু সেই অনুপাতে জিলা দুখনত উন্নয়ন হোৱা নাই৷ চাহ আৰু তৈল সম্পদ ব্যৱহাৰেৰে ব্যাপক সংস্থাপন সৃষ্টি কৰি জিলা দুখনক আৰ্থিকভাৱে সমৃদ্ধ কৰা হোৱা নাই৷ এসময়ত আৰ্থিকভাৱে টনকিয়াল হৈ থকা ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অৰ্থনৈতিক অৱস্থা দিনে দিনে বেয়াৰ ফাললৈ গতি কৰিছে৷ তাৰ মূলতে আছে উপযুক্ত পৰিকল্পনাৰ অভাৱ৷ নিৰ্বাচিত জনপ্ৰতিনিধিসকলৰ অদক্ষ্যতা, অদূৰদৰ্শিতা, অৱহেলা আৰু প্ৰৱঞ্চনাৰ মানসিকতাই হৈছে তাৰ মূল কাৰণ৷ বিজেপি চৰকাৰৰ দিনত সামগ্ৰিকভাৱে কেন্দ্ৰীয় আৰু ৰাজ্যিক উভয় চৰকাৰে যেনেকৈ জাতীয় বিষয়সমূহ প্ৰতিশ্ৰুতি অনুসৰি সমাধান নকৰিলে, তেনেকৈ ডিব্ৰুগড় লোকসভা সমষ্টি এলেকাৰ সমস্যা আৰু সম্ভাৱনাসমূহক গুৰুত্বহীন কৰি ৰাখিলে৷ দলৰ সাংসদ নিৰ্বাচিত হ’লে এই বিষয়সমূহ সমাধান আৰু তাৰ ভিত্তিত ব্যাপক উন্নয়নৰ সংকল্পৰ কিছু আভাস ব্যক্ত কৰা হয় ইস্তাহাৰখনত৷ লক্ষণীয় যে সাংসদ নিৰ্বাচিত হৈ দলৰ প্ৰাৰ্থীগৰাকী কেন্দ্ৰীয় চৰকাৰৰ অংশীদাৰ হ’ব পাৰিলে উক্ত বিষয়সমূহ চৰকাৰৰ দ্বাৰা সমাধান কৰোৱাৰো সংকল্প ইস্তাহাৰখনত প্ৰকাশ কৰা হয়৷ ৰাজ্যিক ইছূ্যসমূহৰ ভিতৰত শিক্ষা আৰু স্বাস্থ্যখণ্ডৰ সংস্কাৰ আৰু উক্ত খণ্ডসমূহত কৰ্মৰত লোকসকলৰ সমস্যা সমাধান, আশা-অংগণাৱাড়ী কৰ্মীসকলৰ সমস্যা সমাধান আদিও ইস্থাহাৰত উল্লেখ কৰা হয়৷ কৃষি খণ্ড, ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা, চাহ জনগোষ্ঠীৰ সমস্যা, ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুৰ সমস্যা আদি বিষয়েও ইস্তাহাৰত স্থান লাভ কৰে৷ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু সন্দৰ্ভত ইস্তাহাৰখনত উল্লেখ কৰামতে, অসমত স্থায়ীভাৱে বসবাস কৰা সকলো বৈধ ভাৰতীয় বাংলা, হিন্দী আদি ভাৰতীয় ভাষাভাষী মানুহ - যাৰ অসমক বাদ দি দ্বিতীয় এখন ঘৰ নাই; আৰু লগতে অসমীয়া কিম্বা এই ৰাজ্যৰ থলুৱা ভাষা-সংস্কৃতিৰ প্ৰতি যাৰ আন্তৰিক শ্ৰদ্ধা আছে, তেনে সকলো সম্প্ৰদায়ক আমি বৃহত্তৰ অসমীয়া সমাজৰ অংগ বুলি গণ্য কৰো আৰু তেনে প্ৰতিজন স্থায়ী ভাৰতীয় নাগৰিকৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সুৰক্ষাৰ বাবেও আমি দায়বদ্ধ৷ আনহাতে অসমত যুগ যুগ ধৰি বসবাস কৰি অহা আৰু অসমীয়া বৃহৎ জাতিসত্তাৰ অভিন্ন অংগ স্বৰূপ গোৰ্খা ৰাইজো বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত৷ আমি অসমৰ গোৰ্খা ৰাইজৰ সমস্যা সমূহ স্থায়ী সমাধানৰ বাবে শক্তিশালী পদক্ষেপ ল’বৰ বাবেও অংগীকাৰবদ্ধ৷ সংবাদমেলত অজাপৰ কেন্দ্ৰীয় উপ-সভাপতি অনুপ ফুকন, ছমচেৰ সিং, বীৰেন বৰুৱা, ড॰ দিলীপ কুমাৰ ভূঞা, সম্পাদক উদ্দীপজ্যোতি গগৈ, কাৰ্যনিৰ্বাহক সদস্য সঞ্জীৱ চাংমাই, নিৰ্বাচনী প্ৰচাৰ সমিতিৰ আহ্বায়ক চিত্তৰঞ্জন বসুমতাৰী, মুখপাত্ৰ জিয়াউৰ ৰহমান, মহিলা শক্তিৰ সভানেত্ৰী আল্পনা শৰ্মা, জিলা সভাপতি পৰাগ বৰুৱা উপস্থিত৷

কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ ন্যায়পত্ৰ উন্মোচন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ : যুৱকৰ প্ৰতি ন্যায়, মহিলাৰ বাবে ন্যায়, কৃষকৰ প্ৰতি ন্যায়, শ্ৰমিকৰ বাবে ন্যায় আৰু অংশীদাৰী ন্যায়– এই পাঁচটা গেৰাণ্টীৰে প্ৰদেশ কংগ্ৰেছে সোমবাৰে প্ৰকাশ কৰে ‘ন্যায়-পত্ৰ’ শীৰ্ষক নিৰ্বাচনী ইস্তাহাৰ৷ অসম কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, কংগ্ৰেছৰ ৰাষ্ট˜ীয় মুখপাত্ৰ মহিমা সিং তথা অসম কংগ্ৰেছৰ নেতা-কৰ্মীৰ উপস্থিতিত ন্যায়-পত্ৰ উন্মোচন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ ন্যায়পত্ৰ উন্মোচনী অনুষ্ঠানত পৌৰোহিত্য কৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে কয়– কংগ্ৰেছৰ উত্থানৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ মানসিক ভাৰসাম্য নোহোৱা হৈছে৷ সেইবাবে তেওঁ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰক লৈ তুচ্ছ-তাচিল্ল্য কৰিছে৷ তেওঁ অন্ততঃ দল তথা মুখ্যমন্ত্ৰীৰ আসনৰ মৰ্যাদাৰ কথা ভাবি কথা ক’ব লাগে৷ কিন্তু দলৰ বিপৰ্যয় দেখি তেওঁ মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে৷ তেওঁ আৰু কয়– কংগ্ৰেছ দলে অসমৰ পৰা ‘কা’ প্ৰত্যাহাৰ কৰাৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা অব্যাহত ৰাখিব আৰু কংগ্ৰেছৰ ‘কা’বিৰোধী স্থিতি সদায় অটুত থাকিব৷ কংগ্ৰেছৰ নেতৃত্বত ইণ্ডিয়াৰ চৰকাৰ হ’লে প্ৰথম কৰ্মসূচীতে ‘কা’ বাতিল কৰা হঅব৷ ইংৰাজী, হিন্দী আৰু অসমীয়া ভাষাত মুকলি কৰা এই ন্যায়-পত্ৰযোগে দেশৰ শিক্ষিত নিবনুৱা যুৱকক সকাহ দিবৰ বাবে বছৰি ৰ লাখকৈ টকা দিয়াৰ এক ঐতিহাসিক ঘোষণা কৰে৷ সমগ্ৰ দেশত নাৰী সবলীকৰণৰ বাবে উপাৰ্জনহীন মহিলাক ৰ লাখকৈ টকা দি কৰ্মসংস্থাপন লাভৰ সুবিধা কৰি দিয়াৰ কথাও জানিবলৈ দিয়ে৷ একেদৰে ২০ লাখ টকা পৰ্যন্ত চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত বিনামূলীয়া চিকিৎসাসেৱা প্ৰদানৰ এক যুগান্তকাৰী সিদ্ধান্তৰ কথাও ন্যায় পত্ৰত উল্লেখ থকাৰ কথা কংগ্ৰেছ নেতাজনে প্ৰকাশ কৰে৷ এই আঁচনি ইতিমধ্যে ৰাজস্থান চৰকাৰে আৰম্ভ কৰিছিল বুলিও তেওঁ জানিবলৈ দিয়ে৷ ৪৫ পৃষ্ঠাযোৰা এই ন্যায় পত্ৰত অংশীদাৰী ন্যায়, যুব ন্যায়, কৃষক ন্যায়, নাৰী ন্যায় আৰু শ্ৰমিক ন্যায় এই পঞ্চ ন্যায়ৰ লগতে ২৫টাকৈ গেৰাণ্টি সন্নিবিষ্ট কৰা হৈছে৷ এই ২৫টা গেৰাণ্টিৰ জৰিয়তে দেশৰ নাগৰিকক মোদী চৰকাৰৰ ভুৱা প্ৰতিশ্ৰুতি তথা অঘোষিত জৰুৰীকালীন অৱস্থাৰ পৰা মুক্তি প্ৰদান কৰিব বুলিও সদৰী কৰে৷ ইস্তাহাৰ মুকলি কৰি জিতেন্দ্ৰ সিঙে যোৱা ১০ বছৰক অন্যায় কাল আখ্যা দি ২০১৪ চনৰ পিছত দেশবাসী তথা অসমবাসীৰ জীৱনধাৰণৰ মান কিমান উন্নত হৈছে বুলিও প্ৰশ্ন কৰে৷ উল্লেখ্য যে কংগ্ৰেছৰ এই ন্যায় পত্ৰ অৰ্থাৎ নিৰ্বাচনী ইস্তাহাৰত যুৱ খেলুৱৈসকলক ১০ হাজাৰ টকাকৈ ভাট্টা প্ৰদান,  শিক্ষাৰ ক্ষেত্ৰখনত সংস্কাৰ সাধন, অৰ্থনৈতিক সংস্কাৰ সাধন, প্ৰতিৰক্ষা, বৈদেশিক নীতি আদিত সুস্থিৰ আৰু শক্তিশালী নীতি প্ৰৱৰ্তন, বহনক্ষম উন্নয়ন, কৃষক আৰু শ্ৰমিকসকলৰ কল্যাণৰ বাবে একাধিক বিশেষ পদক্ষেপৰ লগতে সামাজিক সমতা স্থাপনত গুৰুত্ব প্ৰদান কৰা হৈছে৷ আনহাতে অসম তথা উত্তৰ-পূবৰ চাহ শ্ৰমিক আৰু জনজাতীয় লোকসকলৰ জীৱনধাৰণৰ মান অধিক উন্নত কৰাৰ বাবে সুকীয়া নীতি গ্ৰহণৰ কথাও ন্যায় পত্ৰত উল্লেখ আছে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক পৃথ্বিৰাজ সাথেও অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ভাৰতবৰ্ষৰ লগতে অসমৰ সামগ্ৰিক বিকাশৰ বাবে কংগ্ৰেছ দলে সৰ্বভাৰতীয় পৰ্যায়ত মুকলি কৰা ইস্তাহাৰৰ উপৰিও অসমৰ বাবে এখন সুকীয়া ঘোষণা পত্ৰ প্ৰকাশ হঅব বুলিও জানিবলৈ দিয়ে৷ অনুষ্ঠানৰ আঁত ধৰে অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ সম অধ্যক্ষ বেদব্ৰত বৰাই৷ সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অসমৰ দায়িত্বত থকা সমন্বয়ক মহিমা সিং, অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, উপসভাপতি নৱ কুমাৰ তালুকদাৰ আৰু সাধাৰণ সম্পাদক ৰামান্না বৰুৱাও উপস্থিত থাকে৷

সংবাদ মাধ্যমক পূৰ্ণ স্বাধীনতা দিয়াৰ গেৰাণ্টী

প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ সম-অধ্যক্ষ বেদব্ৰত বৰাই সংবাদ মাধ্যমক জনোৱামতে কংগ্ৰেছৰ ইস্তাহাৰত আছে সংবাদ মাধ্যমক পূৰ্ণ স্বাধীনতা দিয়াৰ গেৰাণ্টী৷ এই গেৰাণ্টীসমূহ হৈছে– সংবাদ মাধ্যমক কোনোৱে যাতে নিজ স্বাৰ্থত ব্যৱহাৰ কৰিব নোৱাৰে তাৰ বাবে স্ব-নিয়ন্ত্ৰণেই আটাইতকৈ উত্তম উপায় বুলি কংগ্ৰেছে বিশ্বাস কৰে৷ সেয়ে সাংবাদিকতাৰ স্বতন্ত্ৰতা, সম্পাদনাৰ স্বাধীনতা আৰু চৰকাৰৰ হস্তক্ষেপৰ পৰা সুৰক্ষিত ৰাখিবলৈ স্ব-নিয়ন্ত্ৰণ পদ্ধতিক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে কংগ্ৰেছে প্ৰেছ কাউন্সিল অব ইণ্ডিয়া এক্ট, ১৯৭৮১ সংশোধনীৰ ব্যৱস্থা কৰিব৷  উৰাবাতৰি আৰু পেইড নিউজৰ বিৰুদ্ধে যুঁজ দিবলৈ কংগ্ৰেছে প্ৰেছ কাউন্সিল অব ইণ্ডিয়া এক্ট, ১৯৭৮১ সংশোধন কৰি কাউন্সিলক অধিক শক্তিশালী কৰি তুলিব৷  কংগ্ৰেছে ৰাষ্ট্ৰ ব্যৱস্থাৰ বলপূৰ্বক কাৰ্যকলাপৰ পৰা সাংবাদিকক ৰক্ষা কৰিবলৈ আইন প্ৰণয়ন কৰি স্বতন্ত্ৰ সাংবাদিকতাক সুৰক্ষা প্ৰদান কৰিব৷ এইবোৰৰ ভিতৰত সাংবাদিকৰ ওপৰত চৰকাৰৰ চোৰাংচোৱাগিৰি, মোবাইল-কেমেৰা আদি ডিভাইচ জব্দ কৰা আৰু তেওঁলোকৰ উৎস প্ৰকাশ কৰিবলৈ বাধ্য কৰোৱা আদি কাৰ্যত বাধা-নিষেধ আৰোপ কৰাৰ দৰে ব্যৱস্থা থাকিব৷ কংগ্ৰেছে সংবাদ মাধ্যমত থকা একাধিপত্য, সংবাদ মাধ্যমৰ বিভিন্ন ক্ষেত্ৰত থকা মালিকীস্বত্ব আৰু ব্যৱসায়িক সংস্থাৰ দখল তথা অত্যাধিক নিয়ন্ত্ৰণ নাইকিয়া কৰিবলৈকো আইন প্ৰণয়ন কৰিব৷ কংগ্ৰেছে সন্দেহজনক একেচেতিয়া আধিপত্য বিষয়ক গোচৰসমূহ কম্পিটিশ্যন কমিছন অব ইণ্ডিয়া [চিচিআই]লৈ হস্তান্তৰ কৰিব৷ পৰিসৰ বৃহৎ অথবা ক্ষুদ্ৰ যিয়েই নহওক কিয়, সকলো সংবাদ প্ৰতিষ্ঠানে মালিকীস্বত্ব সম্পৰ্কীয় [প্ৰত্যক্ষ আৰু অপ্ৰত্যক্ষ] তথ্য, ক্ৰছ হল্ডিং, আয়ৰ উৎস আদি নিজা ৱেবছাইটযোগে ৰাজহুৱা কৰিব লাগিব৷  কংগ্ৰেছে ইণ্টাৰনেটৰ স্বতন্ত্ৰতা ৰক্ষা আৰু ইচ্ছাকৃত তথা সঘন ইণ্টাৰনেট সেৱা কৰ্তনযবিজুতি নাইকীয়া কৰিবলৈ আইন প্ৰণয়ন কৰিব৷  চৰকাৰক চেন্সৰশ্বিপৰ অপৰিসীম ক্ষমতা প্ৰদান কৰিব পৰা একাধিক নতুন আইন [যেনে ব্ৰডকাষ্টিং ছাৰ্ভিচেছ ৰেগুলেশ্যন বিধেয়ক, ২০২৩, ডিজিটেল পাৰ্ছনেল ডাটা প্ৰটেকশ্যন এক্ট, ২০২৩, প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেশ্যন অব পিৰিয়ডিকেলছ এক্ট, ২০২৩ আদি] আছে৷ উল্লিখিত প্ৰথমখন বিধেয়ক প্ৰত্যাহাৰ কৰা হ’ব৷ বাকী দুখন আইনৰ আওপকীয়াকৈ চেন্সৰশ্বিপৰ ব্যৱস্থা থকা নিষেধ সম্পৰ্কীয় নীতি-নিৰ্দেশনাসমূহ সংশোধন কৰা হ’ব অথবা উঠাই লোৱা হ’ব৷ চেণ্ট্ৰেল ব’ৰ্ড অব ফিল্ম চাৰ্টিফিকেশ্যনে যাতে প্ৰমাণপত্ৰসমূহ সম্পূৰ্ণ স্বচ্ছভাৱে আৰু পাৰদৰ্শিতাৰ ভিত্তিত প্ৰদান কৰিব পাৰে তাৰ বাবে কংগ্ৰেছে চিনেমেটোগ্ৰাফ এক্ট, ১৯৫২১ সংশোধনীৰ ব্যৱস্থা কৰিব৷