Logo
image

ভূপেন বৰাই দিনতে সপোন দেখে, বৰাৰ হেলিকপ্টাৰ ষ্টাৰ্ট নোহোৱাটো কংগ্ৰেছৰ বাবে অশুভ সংকেতঃ ৰঞ্জিত দত্ত

'আমাৰ অসম'ৰ জামুগুৰিহাটৰ প্ৰতিবেদক, ৯ এপ্ৰিলঃ "দিনত সপোন দেখা ভূপেন বৰাই হেলিকপ্টাৰ লৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ চেষ্টা কৰিছে যদিও হেলিকপ্টাৰ ষ্টাৰ্ট নোহোৱাটোৱে কংগ্ৰেছ দলৰ বাবে অশুভ ইংগিত বহন কৰাই নহয় যিয়ে দলটোৰ বাবে পৰাজয়ৰ আগজাননী বহন কৰিছে৷"- এই মন্তব্য শোণিতপুৰ জিলাৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ। 

মঙলবাৰে অবিভক্ত নদুৱাৰ সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ কুসুমটোলাত অনুষ্ঠিত নদুৱাৰ মণ্ডলৰ এক  বিশাল যুৱ সমাৰোহত অংশগ্ৰহণ কৰি দত্তই ভূপেন বৰাৰ লগতে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে। সভাত এইবাৰ ছাত্ৰ-ছাত্ৰীসকলক মঞ্চলৈ মাতি নি মত-বিনিময় কৰে ৰঞ্জিত দত্তই৷ সভাৰ পিছতে সাংবাদিকৰ সৈতে হোৱা কথোপকথনত তেওঁৰ কোনো প্ৰতিদ্বন্দ্বী নাই বুলি কয়৷ তেওঁ আৰু কয় যে আগন্তুক নিৰ্বাচনত শাসকীয় দলৰ বিধায়কসকলৰ মাজৰ পৰা কোনে কিমান বেছিকৈ ভোট দিব তাৰহে প্ৰতিযোগিতা চলিছে। তেওঁ লগতে কয়, "মই লোকসভা সমষ্টিটোৰ ভিতৰতে নদুৱাৰ সমষ্টিৰ পৰা এক লাখৰো অধিক ভোট পাম। যদিও বিধায়ক পদ্ম হাজৰিকাই তেওঁৰ সমষ্টিৰ পৰা এক লাখ ভোট আহিব বুলি কৈছে, মই যোৱা দিনকেইটাত নিৰ্বাচনী সভাবোৰত অংশগ্ৰহণ কৰি নিশ্চিত হৈছোঁ যে নদুৱাৰ সমষ্টিৰ পৰা এক লাখ পঁচিশ হাজাৰ ভোট লাভ কৰাটো খাটাং৷" 

দত্তই আৰু কয়, "মই নিৰ্বাচনী প্ৰচাৰৰ বাবে লোকসভা সমষ্টিটোৰ বিভিন্ন স্থান ঘূৰি ফুৰিছোঁ৷ কংগ্ৰেছৰ তৎপৰতা দেখি পুতৌ উপজিছে৷ এই সময়চোৱাত মই কংগ্ৰেছৰ পতাকা ক'তো দেখা পোৱা নাই। ইয়াৰ কাৰণ বিজেপিৰ উন্নয়ণৰ জোৱাৰৰ প্ৰতি আকৃষ্ট হৈ সকলো শ্ৰেণীৰ লোক বিজেপিমুখি হৈছে।" প্ৰসংগক্ৰমে  আপৰ প্ৰসংগত দত্তই কয় যে আপে ইয়াত প্ৰচাৰ চলোৱাৰ পূৰ্বেই ভোটাৰ ৰাইজে আপক ঝাড়ু মাৰি বিদায় দিলে। 

সভাত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই অংশ গ্ৰহণ কৰি কয়, "এতিয়া নদুৱাৰ সমষ্টিত দল ত্যাগ কৰি বিজেপিত যোগ দিয়াৰ জোৱাৰ উঠিছে।" নদুৱাৰৰ পৰা ৰঞ্জিত দত্তক এক লাখ ভোট দিম বুলি দৃঢ়তাৰে কৈ হাজৰিকাই নতুন ভোটাৰসকলৰ বিজেপি দলৰ প্ৰতি আগ্ৰহ বঢ়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ সমষ্টিটোৰ অতীতৰ অশান্তজৰ্জৰ সময়ৰ কথা বৰ্ণনা কৰে৷ তেওঁ কয় যে এটা সময়ত বোমা-বাৰুদৰ মাজত নদুৱাৰ আছিল। আজি সমষ্টিলৈ শান্তি ঘূৰি আহিছে। কংগ্ৰেছৰ শাসনৰ সেই সময়চোৱাত সমষ্টিটোত উগ্ৰপন্থীৰ সমান্তৰাল চৰকাৰ আছিল৷ ধন দাবী, অপহৰণ, হত্যা আদি অসামাজিক কাৰ্যকলাপৰে পৰিপূৰ্ণ হৈ পৰিছিল। মুক্ত মনে ঘূৰা-ফুৰা কৰিবলৈ ভয় হৈছিল৷ কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ পিছত এতিয়া নদুৱাৰ সমষ্টিত শান্তি-সম্পীতি ঘূৰি আহিছে  আজি মুক্ত মনে বিচৰণ কৰাৰ পৰিৱেশ বিৰাজ কৰিছে সমষ্টিটোত। প্ৰসংগক্ৰমে হাজৰিকাই আৰু কয় যে হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী চৰকাৰ বাকী আৰু ফাকীত চলা চৰকাৰ নহয়। যাৰ বাবে বিশেষকৈ ৰাজ্যখনত উন্নয়ণৰ জোৱাৰ উঠিছে। যি উন্নয়ণৰ প্ৰতি আকৃষ্ট হৈ প্ৰতিদিন দলে দলে মানুহ বিজেপি দলত যোগদান কৰাৰ জোৱাৰ উঠিছে। ভাৰতীয় জনতা যুৱ মৰ্চাৰ শোণিতপুৰ জিলাৰ উপ-সভাপতি মাৰ্ধুয্য বৰাই আঁত ধৰা সমাৰোহখনত নদুৱাৰ মণ্ডলৰ সভাপতি জয়ন্ত বৰা, জামুগুৰিহাট পৌৰসভাৰ পৌৰপতি পল্লৱিতা শৰ্মা মহন্ত, চতিয়া পৌৰসভাৰ পৌৰপতি দীপশিখা সন্দিকৈকে আদি কৰি ভালে কেইগৰাকী নেতাই অংশগ্ৰহণ কৰে ।