Logo
image

লখিমপুৰত অমিত শ্বাহৰ প্ৰচাৰঃ অসমত উন্নয়নৰ ধাৰা বৈছে, ভাগ্য সলনিৰ বাবে বিজেপি চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে

'আমাৰ অসম'ৰ লখিমপুৰৰ প্ৰতিনিধি, ৯ এপ্ৰিলঃ লখিমপুৰত মঙলবাৰে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ৷ উত্তৰ লখিমপুৰৰ চুকুলীভৰীয়াত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাখনত অংশগ্ৰহণ কৰি শ্বাহে কয়, "আগন্তুক নিৰ্বাচনত বিজেপিয়ে অভূতপূৰ্বভাৱে শক্তি প্ৰদৰ্শন কৰি পুনৰ তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোদী৷ বিজেপিৰ কাৰ্যকালত  অসমত এতিয়া স্থায়ী শান্তি স্থাপন হৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত ১০ খনতকৈ অধিক শান্তি চুক্তি কৰি ৰাজ্যখনত শান্তিৰ পৰিৱেশ স্থাপন হৈছে। অসমখনত হৈ থকা অবৈধ দখল মুক্ত কৰি ৰাজ্যখনত অভূতপূৰ্বভাৱে পৰিৱৰ্তনৰ পৰিৱেশ সূচনা হৈছে, উন্নয়নৰ ধাৰা বৈছে৷ আগন্তুক দিনত অসম আৰু উত্তৰ পূবাঞ্চলৰ ভাগ্য সলনি কৰিবলৈ বিজেপি চৰকাৰে অধিক প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ পূৰ্বৰ কংগ্ৰেছৰ দিনবোৰত কংগ্ৰেছে অসমখনক ঘোৰ অন্যায় কৰিলে৷" 

তদুপৰি শ্বাহে পূৰ্বতে কংগ্ৰেছে অসমৰ প্ৰতি কৰা অন্যায়ৰ বহু দিশ আঙুলিয়াই দলটোক তীব্ৰ ভাষাৰে সমালোচনা কৰে। লগতে তেওঁ কয় যে আগন্তুক দিনত বিজেপি চৰকাৰে অসম আৰু উত্তৰ পূবাঞ্চলক কেঞ্চাৰৰ পৰা মুক্ত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব, যাতে এনে ৰোগী বহিঃৰাজ্যলৈ যাব নালাগে৷ আগন্তুক দিনত বাহিৰৰ পৰাহে অসমলৈ কেঞ্চাৰৰ চিকিৎসাৰ বাবে ৰোগী অহাৰ পৰিৱেশ সৃষ্টি কৰিব৷ আজিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণৰ কৰা হাজাৰ হাজাৰ ৰাইজক উদ্দেশ্যি দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে কয়, "আপোনালোকৰ সন্মুখত এতিয়া দুটা বিকল্প আছে ৷ ৰাহুল বাবাৰ নেতৃত্বত 'ইণ্ডি' এলায়েন্স আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰ৷ আগন্তুক দিনত অসমখন অধিক প্ৰগতিশীল ৰাজ্যৰ বাবে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব লাগিব নৰেন্দ্ৰ মোদী ৷" অসমখনত শেহতীয়াভাৱে  শান্তি স্থাপন হোৱাৰ ক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা কৰে গৃহমন্ত্ৰী শ্বাহে ৷

ইফালে সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত কয়, "যোৱা আঢ়ৈটা বছৰ অসমে শান্তি, সমৃদ্ধি আৰু বিকাশ দেখিলে৷ গণচুক্তি, আদিবাসী চুক্তি, কাৰ্বি চুক্তি আৰু আলফাৰ চুক্তিয়ে ৰাজ্যখনলৈ স্থায়ী শান্তি ঘূৰাই আনিলে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুপ্ৰেৰণাত এই গোটেইবোৰৰ শান্তি চুক্তিৰ ৰূপকাৰ আছিল দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ৷" তেওঁৰ আৰু ৰাইজক উদ্দেশ্যি কয়, "তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক দেশৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব৷ নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’লে মোদী আৰু অমিত শ্বাহৰ নেতৃত্বত আমি অসমক আৰু আগুৱাই লৈ গৈ থাকিম৷ অসম সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ হ’ব৷" তেওঁ আৰু কয় যে মোদীৰ নেতৃত্বত অসম চলিব, ভালকৈ চলিব, বিকাশৰ পথত চলিব৷  যিমান মানুহৰ ঘৰত ৰেছন কাৰ্ড আছে সকলোৱে অৰুণোদয় লাভ কৰিব বুলি প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ ইলেকছনৰ পিছতেই অৰ্থাৎ আগষ্ট মাহৰ আগতেই সকলোৰে বেংক একাউণ্টত ১০ হেজাৰ টকা সোমাই যাব৷ 

উল্লেখযোগ্য যে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দিল্লীৰ পৰা বিয়লি ১:৪৫ বজাত লীলাবাৰী বিমানবন্দৰত বিমানেৰে অৱতৰণ কৰাৰ পিছত হেলিকপ্টাৰেৰে সভাস্থলীত পদাৰ্পণ কৰে৷ সভাত ৰাজ্যিক সভাপতি ভৱেশ কলিতা, প্ৰভাৰী  কেপ্টেইন অভিমণ্যু চৌধুৰী, সাংসদ ভুৱনেশ্বৰ কলিতা, মন্ত্ৰী ৰণোজ পেগু, বিধায়কত্ৰয় মানৱ ডেকা, নৱ দলে, ভূৱন পেগুৰ লগতে বহুকেইজৰাকী দলীয় শীৰ্ষ নেতাই অংশগ্ৰহণ কৰে৷