Logo
image

বাৰ্ডফ্লুৰ আতংক, বিদ্যুতৰ লুকা-ভাকুঃ উৎকট গৰমত গোৱালপাৰাত অস্বাভাৱিক হাৰত ব্ৰয়লাৰৰ মৃত্যু

'আমাৰ অসম'ৰ টিপলাইৰ প্ৰতিবেদক, ৯এপ্ৰিলঃ ৰাজ্যখনত হঠাতে হোৱা বতৰৰ পৰিবৰ্তনে চিন্তিত কৰি তুলিছে সৰ্বসাধাৰণ ৰাইজক। তাপমান বৃদ্ধি পোৱাত জনজীৱনৰ ওপৰত বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। মানুহৰ লগতে জীৱ-জন্তু আৰু চৰাই চিৰিকটিৰ ওপৰতো অস্বাভাৱিক তাপমান বৃদ্ধিৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। যাৰ পৰিপেক্ষিতত গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলৰ ব্ৰয়লাৰ পালকসকলৰ মাজত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। 

প্ৰাপ্ত তথ্য মতে, হঠাতে গৰমৰ মাত্ৰা বৃদ্ধি পোৱাত বহু ব্ৰয়লাৰ পালকৰ ফাৰ্মৰ ব্ৰয়লাৰ মৃত্যুমুখত পৰে। জিলাখনৰ পূৱ-প্ৰান্তৰ মাছলাম ওলমাপাৰাৰ এখন ব্ৰয়লাৰ ফাৰ্মত যোৱা দুদিনত শতাধিক ব্ৰয়লাৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। ব্ৰয়লাৰ ফাৰ্মখনৰ পালক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে হঠাতে বৃদ্ধি পোৱা গৰমৰ বাবে ব্ৰয়লাৰৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও বহু সংখ্যক ব্ৰয়লাৰ ফাৰ্মত কম-বেছি পৰিমাণে ব্ৰয়লাৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। 

আনপিনে ধূপধৰা বৈদ্যুতিক উপঃসংমণ্ডলৰ অন্তৰ্গত বিভিন্ন ঠাইত সঘনাই বিদ্যুৎ সেৱা কৰ্তন কৰাৰ বাবে এনে অৱস্থা হৈছে বুলি জানিবলৈ দিয়ে ফাৰ্মৰ গৰাকীয়ে। উল্লেখ্য যে ব্ৰয়লাৰ পালনৰে স্বাৱলম্বনৰ সপোন দেখা পালকগৰাকীৰ ফাৰ্মত এনেদৰে অস্বাভাৱিক ব্ৰয়লাৰ মৃত্যুত ব্ৰয়লাৰ পালকসকল ভীষণ ক্ষতিৰ সন্মুখীন হোৱাৰ লগতে চিন্তিত হৈ পৰিছে। আনপিনে একাংশ লোক বাৰ্ডফ্লুৰ আশংকাত আতংকিত হৈ পৰিছে। সমাগত ঈদ আৰু বহাগ বিহুৰ প্ৰাকক্ষণত ব্ৰয়লাৰৰ অস্বাভাৱিক মৃত্যুত চিন্তিত হৈ পৰিছে ব্ৰয়লাৰ পালকসকল।