Logo
image

পথ দুৰ্ঘটনা হ্ৰাস কৰিব পৰা নাই কিয়

পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে আৰক্ষী আৰু পৰিবহণ বিভাগে যিমানে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰক কিয়, এইক্ষেত্ৰত সুফল পোৱা বুলি দাবী কৰিব পৰা নাযায়৷ মাহটোৰ আৰম্ভণিতে চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা তথ্যই এই কথাকে সূচাইছে৷ আৰক্ষী আৰু পৰিবহণ বিভাগৰ তথ্য অনুসৰি ২০২৩ বৰ্ষটোত ৰাজ্যখনত মুঠতে ৭৪৩২টা পথ দুৰ্ঘটনা সংঘটিত হৈছে, য’ত ৩,২৯৮জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছে ৫,৯১০জন৷ আনহাতে, চলিত বছৰৰ ফেব্ৰুৱাৰীত ৬২১টা পথ দুৰ্ঘটনাত ৩০০জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫০৭জন লোক আঘাতপ্ৰাপ্ত হৈছে৷ বছৰটোৰ মাৰ্চলৈকে ২ কোটি ৭ লাখ ৪০০ টকা জৰিমনা সংগ্ৰহ কৰা হৈছে৷ এটা বছৰত পৰিবহণ বিভাগে সংগ্ৰহ কৰা জৰিমনাৰ পৰিমাণ হৈছে নগদ ১০৬ কোটি ৮৫ লাখ ৭৫ হাজাৰ ৫০২ টকা৷ ৰাজ্যখনত যান-বাহন আইন কেনেদৰে উলংঘা কৰা হয়, এই তথ্য তাৰেই প্ৰমাণ৷ উৎসৱৰ সময়ত যান-বাহন আইন উলংঘা কৰা লোকৰ বিৰুদ্ধে আৰক্ষী আৰু পৰিবহণ বিভাগ বিশেষ সক্ৰিয় হৈ পৰা দেখা যায়৷ ৰঙালী বিহুলৈ মাজতে কেইটামান দিন বাকী থকা অৱস্থাত নিয়ম উলংঘা কৰা লোকৰ বিৰুদ্ধে পুনৰ কঠোৰ স্থিতি গ্ৰহণ কৰিব৷ কিন্তু সৰ্বসাধাৰণৰ মনত সৃষ্টি হোৱা প্ৰশ্নটো হৈছে– চৰকাৰ আৰু সংশ্লিষ্ট বিভাগৰ ইমান কঠোৰ নীতি-নিয়ম থকাৰ পাছতো যান-বাহন আইন উলংঘাকাৰীৰ সংখ্যা হ্ৰাস পোৱা নাই কিয়? ইয়াৰ উত্তৰত এটা কথাকেই ক’ব পাৰি যে উদণ্ড চালকক নিয়ন্ত্ৰণ কৰাৰ বাবে সকলো সময়তে কেতবোৰ স্থানত যান-বাহন আৰক্ষী সস্তম থকা উচিত৷ আনহাতে, একাধিকবাৰ যান-বাহন আইন উলংঘাকাৰীৰ বাহন চলোৱা অনুজ্ঞা পত্ৰ বাতিল কৰাৰ দৰে কঠোৰ ব্যৱস্থা লোৱা হ’লে ভৱিষ্যতলৈ চালকসকল সতৰ্ক হোৱাৰ সম্ভাৱনা থাকে৷

শেহতীয়াভাৱে গুৱাহাটীত উদণ্ড দুচকীয়া বাহনৰ চালকক নাকী লগোৱাত যান-বাহন নিয়ন্ত্ৰণ শাখা কিছু সফল হোৱা দেখা গৈছে৷ কিন্তু এচাম প্ৰভাৱশালী চৰকাৰী আমোলা-বিষয়াৰ আশিসধন্য লোকে এনে নিয়ম উলংঘা কৰিও অবাধে ৰাজপথত বাহন চলাচল অব্যাহত ৰাখিব পাৰে আৰু তাৰ ফলত সদায় ভুক্তভোগী হ’বলগীয়া হয় সৰ্বসাধাৰণ ৰাইজ৷ ৰাজধানী চহৰ গুৱাহাটীত শেহতীয়াকৈ যান-বাহন নিয়ন্ত্ৰণ ব্যৱস্থা যথেষ্ট উন্নত কৰা হৈছে৷ প্ৰতিটো ছিগনেল পইণ্টত চিচি কেমেৰা সংস্থাপন কৰা হৈছে৷ কিন্তু তাৰ পাছতো চহৰখনত পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাই আছে কিয়? এই কেমেৰাৰ ফুটেজবোৰ নিয়মিত পৰীক্ষা কৰা হয়নে? যদি নহয়, তেন্তে এই কেমেৰাবোৰ সংস্থাপন কৰাৰ অৰ্থ ক’ত? ২০২৩-২৪ বিত্তীয় বৰ্ষত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে সৰ্বকালৰ সৰ্বাধিক ৪৭০ কোটিৰো অধিক টকাৰ যান-বাহনৰ ৰাজহ সংগ্ৰহ কৰি পৰিবহণ বিভাগৰ ইতিহাসত নজিৰ সৃষ্টি কৰা বুলি কোৱা হৈছে৷ জৰিমনাৰ এই ধনেৰে পৰিবহণ বিভাগে ৰাজ্যৰ ৰাজকোষলৈ বহু কোটি টকাৰ বৰঙণি আগবঢ়াইছে৷ কিন্তু ৰাজ্যখনত যান-বাহন আইন উলংঘনৰ সংখ্যা হ্ৰাস কৰিব পাৰিলেহে পৰিবহণ বিভাগটো তাৰ কৃতিত্বৰ দাবীদাৰ হ’ব পাৰিব৷

যোৱা বছৰ কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিবেদনত প্ৰকাশ পাইছিল যে ভাৰতত প্ৰতিঘণ্টাত সংঘটিত হয় ৫৩টাকৈ পথ দুৰ্ঘটনা৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসমতে পথ দুৰ্ঘটনাৰ সংখ্যা সৰ্বাধিক, যিটো অৱশ্যে অস্বাভাৱিক নহয়৷ কিয়নো উল্লিখিত ৰাজ্যকেইখনৰ ভিতৰত অসমতে যান-বাহনৰ সংখ্যা সৰ্বাধিক৷ বহুক্ষেত্ৰত দেখা যায় যে চালকে সুৰাপান কৰি বাহন চলোৱাৰ ফলত দুৰ্ঘটনা সংঘটিত হয়৷ আন এটা উল্লেখ্যযোগ্য কথা হৈছে যে  যান-বাহন আইন সকলোৰে বাবে একে হোৱা উচিত৷ আইন উলংঘা কৰাজন যিয়েই নহওক কিয়, তেওঁৰ বিৰুদ্ধেও আনসকলৰ দৰে ব্যৱস্থা লোৱা উচিত৷ এনে কৰিলেহে যান-বাহন নিয়ন্ত্ৰণ আইন সফল হোৱা বুলি ক’ব পৰা যাব৷