পথ দুৰ্ঘটনা হ্ৰাস কৰিব পৰা নাই কিয়
পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে আৰক্ষী আৰু পৰিবহণ বিভাগে যিমানে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰক কিয়, এইক্ষেত্ৰত সুফল পোৱা বুলি দাবী কৰিব পৰা নাযায়৷ মাহটোৰ আৰম্ভণিতে চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা তথ্যই এই কথাকে সূচাইছে৷ আৰক্ষী আৰু পৰিবহণ বিভাগৰ তথ্য অনুসৰি ২০২৩ বৰ্ষটোত ৰাজ্যখনত মুঠতে ৭৪৩২টা পথ দুৰ্ঘটনা সংঘটিত হৈছে, য’ত ৩,২৯৮জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছে ৫,৯১০জন৷ আনহাতে, চলিত বছৰৰ ফেব্ৰুৱাৰীত ৬২১টা পথ দুৰ্ঘটনাত ৩০০জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫০৭জন লোক আঘাতপ্ৰাপ্ত হৈছে৷ বছৰটোৰ মাৰ্চলৈকে ২ কোটি ৭ লাখ ৪০০ টকা জৰিমনা সংগ্ৰহ কৰা হৈছে৷ এটা বছৰত পৰিবহণ বিভাগে সংগ্ৰহ কৰা জৰিমনাৰ পৰিমাণ হৈছে নগদ ১০৬ কোটি ৮৫ লাখ ৭৫ হাজাৰ ৫০২ টকা৷ ৰাজ্যখনত যান-বাহন আইন কেনেদৰে উলংঘা কৰা হয়, এই তথ্য তাৰেই প্ৰমাণ৷ উৎসৱৰ সময়ত যান-বাহন আইন উলংঘা কৰা লোকৰ বিৰুদ্ধে আৰক্ষী আৰু পৰিবহণ বিভাগ বিশেষ সক্ৰিয় হৈ পৰা দেখা যায়৷ ৰঙালী বিহুলৈ মাজতে কেইটামান দিন বাকী থকা অৱস্থাত নিয়ম উলংঘা কৰা লোকৰ বিৰুদ্ধে পুনৰ কঠোৰ স্থিতি গ্ৰহণ কৰিব৷ কিন্তু সৰ্বসাধাৰণৰ মনত সৃষ্টি হোৱা প্ৰশ্নটো হৈছে– চৰকাৰ আৰু সংশ্লিষ্ট বিভাগৰ ইমান কঠোৰ নীতি-নিয়ম থকাৰ পাছতো যান-বাহন আইন উলংঘাকাৰীৰ সংখ্যা হ্ৰাস পোৱা নাই কিয়? ইয়াৰ উত্তৰত এটা কথাকেই ক’ব পাৰি যে উদণ্ড চালকক নিয়ন্ত্ৰণ কৰাৰ বাবে সকলো সময়তে কেতবোৰ স্থানত যান-বাহন আৰক্ষী সস্তম থকা উচিত৷ আনহাতে, একাধিকবাৰ যান-বাহন আইন উলংঘাকাৰীৰ বাহন চলোৱা অনুজ্ঞা পত্ৰ বাতিল কৰাৰ দৰে কঠোৰ ব্যৱস্থা লোৱা হ’লে ভৱিষ্যতলৈ চালকসকল সতৰ্ক হোৱাৰ সম্ভাৱনা থাকে৷
শেহতীয়াভাৱে গুৱাহাটীত উদণ্ড দুচকীয়া বাহনৰ চালকক নাকী লগোৱাত যান-বাহন নিয়ন্ত্ৰণ শাখা কিছু সফল হোৱা দেখা গৈছে৷ কিন্তু এচাম প্ৰভাৱশালী চৰকাৰী আমোলা-বিষয়াৰ আশিসধন্য লোকে এনে নিয়ম উলংঘা কৰিও অবাধে ৰাজপথত বাহন চলাচল অব্যাহত ৰাখিব পাৰে আৰু তাৰ ফলত সদায় ভুক্তভোগী হ’বলগীয়া হয় সৰ্বসাধাৰণ ৰাইজ৷ ৰাজধানী চহৰ গুৱাহাটীত শেহতীয়াকৈ যান-বাহন নিয়ন্ত্ৰণ ব্যৱস্থা যথেষ্ট উন্নত কৰা হৈছে৷ প্ৰতিটো ছিগনেল পইণ্টত চিচি কেমেৰা সংস্থাপন কৰা হৈছে৷ কিন্তু তাৰ পাছতো চহৰখনত পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাই আছে কিয়? এই কেমেৰাৰ ফুটেজবোৰ নিয়মিত পৰীক্ষা কৰা হয়নে? যদি নহয়, তেন্তে এই কেমেৰাবোৰ সংস্থাপন কৰাৰ অৰ্থ ক’ত? ২০২৩-২৪ বিত্তীয় বৰ্ষত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে সৰ্বকালৰ সৰ্বাধিক ৪৭০ কোটিৰো অধিক টকাৰ যান-বাহনৰ ৰাজহ সংগ্ৰহ কৰি পৰিবহণ বিভাগৰ ইতিহাসত নজিৰ সৃষ্টি কৰা বুলি কোৱা হৈছে৷ জৰিমনাৰ এই ধনেৰে পৰিবহণ বিভাগে ৰাজ্যৰ ৰাজকোষলৈ বহু কোটি টকাৰ বৰঙণি আগবঢ়াইছে৷ কিন্তু ৰাজ্যখনত যান-বাহন আইন উলংঘনৰ সংখ্যা হ্ৰাস কৰিব পাৰিলেহে পৰিবহণ বিভাগটো তাৰ কৃতিত্বৰ দাবীদাৰ হ’ব পাৰিব৷
যোৱা বছৰ কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিবেদনত প্ৰকাশ পাইছিল যে ভাৰতত প্ৰতিঘণ্টাত সংঘটিত হয় ৫৩টাকৈ পথ দুৰ্ঘটনা৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসমতে পথ দুৰ্ঘটনাৰ সংখ্যা সৰ্বাধিক, যিটো অৱশ্যে অস্বাভাৱিক নহয়৷ কিয়নো উল্লিখিত ৰাজ্যকেইখনৰ ভিতৰত অসমতে যান-বাহনৰ সংখ্যা সৰ্বাধিক৷ বহুক্ষেত্ৰত দেখা যায় যে চালকে সুৰাপান কৰি বাহন চলোৱাৰ ফলত দুৰ্ঘটনা সংঘটিত হয়৷ আন এটা উল্লেখ্যযোগ্য কথা হৈছে যে যান-বাহন আইন সকলোৰে বাবে একে হোৱা উচিত৷ আইন উলংঘা কৰাজন যিয়েই নহওক কিয়, তেওঁৰ বিৰুদ্ধেও আনসকলৰ দৰে ব্যৱস্থা লোৱা উচিত৷ এনে কৰিলেহে যান-বাহন নিয়ন্ত্ৰণ আইন সফল হোৱা বুলি ক’ব পৰা যাব৷