Logo
image

গ্ৰেপ্তাৰ বৈধ কেজৰিৱালৰ আৱেদন খাৰিজ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন ,১০ এপ্ৰিল : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে [ইডি] গ্ৰেপ্তাৰ কৰাটো বেআইনী নহয়৷ এই নিৰ্দেশৰ ফলত অহা ১৪ এপ্ৰিল পৰ্যন্ত কেজৰিৱালে তিহাৰ কাৰাগাৰতে বন্দীদশা কটোৱা অৱধাৰিত হৈ পৰিল৷ কেজৰিৱালে তেওঁক ইডিয়ে যোৱা ২১ মাৰ্চত কৰা গ্ৰেপ্তাৰ বেআইনী বুলি প্ৰত্যাহ্বান জনাই দিল্লী উচ্ছ ন্যায়ালয়ত গোচৰ তৰিছিল৷ মঙলবাৰে দিল্লী উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ স্বৰ্ণকান্ত শৰ্মাৰ এজনীয়া বিচাৰপীঠে কেজৰিৱালৰ আবেদন খাৰিজ কৰি কয়, ইডিয়ে তেওঁলোকৰ হাতত অভিযুক্তৰ বিৰুদ্ধে যথেষ্ট তথ্য প্ৰমাণ  থকা বুলি জনাইছে৷ দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক ইডিয়ে আবকাৰী নীতি কেলেংকাৰিৰ মূল হোতা বা ‘কিংপিন’ আৰু প্ৰধান ষড়যন্ত্ৰকাৰী হিচাপে চিহ্নিত কৰিছে৷ সেয়ে তেওঁৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৰায়দান কৰা সম্ভৱ নহয়৷ এই গ্ৰেপ্তাৰ বৈধ৷ উল্লেখ্য, উচ্ছ ন্যায়ালয়ে এই গোচৰৰ শুনানি গ্ৰহণ কৰি যোৱা বুধবাৰে ৰায়দান স্থগিত ৰাখিছিল৷ প্ৰসংগতঃ, কেজৰিৱালক যোৱা ১ এপ্ৰিলত তিহাৰ জে’ললৈ প্ৰেৰণ কৰিছিল ৰাউছ এভিনিউ আদালতে৷ তদন্তত সহযোগিতা নকৰা বুলি অভিযোগ কৰিও ইডিয়ে ১ এপ্ৰিলত কেজৰিৱালক নিজৰ জিম্মাত বিচৰা নাছিল৷ ফলত ইডিৰ বিশেষ আদালতৰ বিচাৰক কাবেৰী বাজৱাৰে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল৷ কেজৰিৱালে কিন্তু সেই গোচৰৰ বিৰুদ্ধে দিল্লী উচ্ছ ন্যায়ালয়ত আবেদন জনোৱা নাছিল আৰু জামিনৰো আবেদন জনোৱা নাছিল৷ বৰং তেওঁ ইডিৰ গ্ৰেপ্তাৰ বেআইনী বুলি দিল্লী উচ্ছ ন্যায়ালয়ত পৃথক গোচৰ তৰিছিল৷ ইপিনে, ১৫ এপ্ৰিলত কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদৰ অন্ত পৰিব৷ ১৫ এপ্ৰিলত ইডিয়ে কেজৰিৱালক তদন্তত প্ৰভাৱ খটুওৱাব পাৰে বুলি পুনৰ কাৰাবন্দী কৰি ৰখাৰ আবেদন জনাব পাৰে৷ তদুপৰি একে গোচৰৰ তদন্ত কৰি থকা চিবিআয়ে ১৫ এপ্ৰিলত কেজৰিৱালক গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত ল’ব পাৰে৷ কেজৰিৱালে ১৫ এপ্ৰিলত ৰাউছ এভিনিউৰ ইডিৰ বিশেষ আদালতত জামিনৰ আবেদন জনাব৷ তদুপৰি মঙলবাৰে দিল্লী উচ্ছ ন্যায়ালয়ৰ নিৰ্দেশ তেওঁ উচ্ছতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব৷