Logo
image

লখিমপুৰ-তিনিচুকীয়াত অমিত শ্বাহৰ ৰণডংকা

‘আমাৰ অসম’ৰ লখিমপুৰৰ প্ৰতিনিধি, ১০ এপ্ৰিল : কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংসদ প্ৰদান বৰুৱাৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যেৰ মঙলবাৰে অসমত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ সমৰ্থনত জনসভা আৰু ডিব্ৰুগড়ৰ সাংসদ সোণোৱালৰ সমৰ্থনত ৰোড শ্ব কৰি আজি কাৰ্যতঃ অসমত নিৰ্বাচনী ৰণডংকা বজালে কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে৷ লক্ষণীয়ভাৱে অমিত শ্বাহে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক লগত লৈ তিনিচুকীয়াত বিশাল ৰোড শ্ব কৰিলেও এই কাৰ্যসূচীত উপস্থিত নাথাকিল দলীয় প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল৷ নিজৰ সমষ্টিৰে ৰোড শ্বত অনুপস্থিত থকা সোণোৱাল সেই সময়ত ব্যস্ত আছিল টিংখাঙত৷ বিয়লি ৫ বজাত সোণোৱাল গৈছিল টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত ঔফলীয়া চাহ বাগিচাত৷ সন্ধিয়া ৭ বজাত টিংখাঙৰ কুশল নগৰত নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত থাকে সোণোৱাল৷ দিনৰ ৩ বজাত টিংখাঙৰ নিগম চাৰিআলি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত দলীয় কাৰ্যসূচীত ব্যস্ত থাকে সোণোৱাল৷ ইয়াৰ বিপৰীতে তিনিচুকীয়াত অমিত শ্বাহৰ ৰোড শ্ব সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হয়৷ উল্লেখ্য যে দেওবাৰে সন্ধিয়া ৬ বজাত ডিব্ৰুগড়চহৰত অনুষ্ঠিত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্বতো অনুপস্থিত আছিল সৰ্বানন্দ সোণোৱাল৷ উল্লেখ্য যে, কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে মঙলবাৰে লখিমপুৰত আয়োজিত এখন ৰাজহুৱা সভাত ভাষণ দিয়ে৷ এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম বিজেপিৰ ৰাজ্যিক সভাপতি  ভৱেশ কলিতা, বিজেপি অসম লোকসভা নিৰ্বাচনৰ ভাৰপ্ৰাপ্ত বিষয়া কেপ্তেইন অভিমন্যু,  মানব ডেকা আৰু উত্তৰ লক্ষিমপুৰৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাকে  উপস্থিত থাকে৷ অমিত শ্বাহে আগন্তুক নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি আৰু ৰাহুল গান্ধী নেতৃত্বাধীন ইণ্ডি মিত্ৰজোঁটৰ মাজৰ পৰা বিজেপিক নিৰ্বাচন কৰিবলৈ ভোটাৰসকলক আহ্বান জনায়৷  শ্বাহে ৭০ বছৰত অসমত উন্নয়ন নোহোৱাৰ বাবে কংগ্ৰেছ দলক সমালোচনা কৰি ৰাজ্যখনত বিজেপিয়ে শান্তি চুক্তি স্বাক্ষৰ কৰা, উদ্ৰবাদ মোকাবিলা কৰা আৰু উন্নয়নৰ প্ৰসাৰৰ দৰে সাফল্যৰ সৈতে তুলনা কৰে৷ তেওঁ লাচিত বৰফুকনৰ দৰে বীৰক সন্মান জনোৱাৰ লগতে অসমৰ স্বাস্থ্যসেৱা, সীমান্ত সুৰক্ষা আৰু কৃষিৰ উন্নতিৰ বাবে বিজেপি চৰকাৰৰ প্ৰচেষ্টাৰ বিষয়ে  উল্লেখ কৰে৷ কেন্দ্ৰীয় গৃহ  অমিত শ্বাহে কয় যে ১৯ এপ্ৰিলত আপোনালোক সকলোৱে সিদ্ধান্ত ল’ব লাগিব কোন আপোনালোকৰ সাংসদ হ’ব, কোন দলে দেশত ক্ষমতাত থাকিব আৰু কোন দেশৰ নতুন প্ৰধানমন্ত্ৰী হ’ব৷ আপোনালোকৰ হাতত দুটা বিকল্প আছে, এটা ৰাহুল বাবাৰ নেতৃত্বত ইণ্ডি এলায়েন্স আৰু আনফালে নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ৷ আপোনালোকে ভোট দি সিদ্ধান্ত ল’ব লাগিব যে অনাগত ৫ বছৰলৈ সন্মানীয় মোডীয়ে পুনৰবাৰ প্ৰধানমন্ত্ৰী হ’ব আৰু ৪০০ অতিক্ৰম কৰাৰ লক্ষ্যৰে দেশত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ গঠন হ’ব৷ ৰাহুল বাবাই কয় যে আমি অসমৰ সংস্কৃতি বচাব লাগিব, কিন্তু আপোনাৰ আইতাৰ সময়ত অসমৰ লগত সদায় অন্যায় ব্যৱহাৰ কৰা হৈছিল, হাজাৰ হাজাৰ যুৱক-যুৱতীৰ বিপথে গৈছিল, শ শ যুৱক নিহত হ’ল, এয়া কংগ্ৰেছ দলৰ পাপ আছিল৷ সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ১০ খনতকৈও অধিক শান্তি চুক্তি স্বাক্ষৰ কৰি অসমত শান্তি বিয়পোৱাৰ কাম কৰি ৯ হাজাৰ যুৱক-যুৱতীক আত্মসমৰ্পণ কৰোৱাই মূলসুঁতিলৈ অনাৰ কাম কৰিছে৷ কংগ্ৰেছ চৰকাৰে অনুপ্ৰৱেশৰ বাবে অসমৰ সীমান্ত মুকলি কৰি থৈছিল যদিও আজি নৰেন্দ্ৰ মোডীৰ নেতৃত্বত অনুপ্ৰৱেশ বন্ধ কৰাৰ কাম কৰা হৈছে আৰু  হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অধীনত বৰ্তমান অসমৰ সীমান্ত বাংলাদেশৰ সৈতে বন্ধ কৰি দিয়া হৈছে৷ কংগ্ৰেছ চৰকাৰে অসমক উগ্ৰবাদ, সন্ত্ৰাসবাদ আৰু ধৰ্মঘটৰ বাহিৰে একো নিদিলে৷ কংগ্ৰেছ চৰকাৰে অসম চুক্তি কৰি ইয়াত যুৱক-যুৱতীসকলৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে৷ বিজেপি চৰকাৰে বডোলেণ্ড চুক্তিত স্বাক্ষৰ কৰি ২ বছৰৰ ভিতৰত সকলো প্ৰতিশ্ৰুতি পূৰণ কৰে৷ কংগ্ৰেছৰ শাসন কালত অসম গঁড় হত্যাৰ কাম হৈছিল যদিও বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গঁড়ক সুৰক্ষা দি অসমৰ পৰ্যটন সুৰক্ষিত কৰিছিল৷ অসমৰ বিজেপি চৰকাৰে  শংকৰ দেৱ, মাধৱ দেৱৰ দৰে মহাপুৰুষৰ সত্ৰৰ ভূমি বেদখল মুক্ত কৰাৰ ঘতে কাজিৰঙাৰ পৰাও অনুপ্ৰৱেশকাৰীক উচ্ছেদ কৰিলে৷ লাচিত বৰফুকন ইমান মহান বীৰ আছিল যিয়ে মোগলক পৰাস্ত কৰিছিল ৷ কিন্তু কংগ্ৰেছ চৰকাৰে লাচিত বৰফুকনৰ বাবে একো নকৰিলে, ইয়াৰ বিপৰীতে বিজেপি চৰকাৰ অহাৰ লগে লগে, লাচিত বৰফুকনৰ দৰে বীৰপুত্ৰক সন্মানিত কৰাৰ অৰ্থে এটা সুউচ্ছ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিলে আৰু লাচিত বৰফুকনৰ কাহিনীবোৰ কেৱল অসমীয়া ভাষাতে নহয়, ভাৰতৰ ২৩টা ভাষাত শিশুসকলৰ মাজত বিয়পাই দিলে৷ মোডীৰ কাৰ্যকালৰ ১০ বছৰৰ ভিতৰত অসমত বহু উন্নয়নমূলক কাম-কাজ আৰু চুক্তি সম্পাদন কৰা হৈছে আৰু আগন্তুক সময়ত অসম দেশৰ আন ৰাজ্যৰ দৰে এখন উন্নত ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছে৷ ৫০০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ৰাম নৱমীৰ দিনা  ৰামে তেওঁৰ ভক্তসকলক তেওঁৰ ভৱ্য মন্দিৰত দৰ্শন দিব৷ নৰেন্দ্ৰ মোদীয়ে কেৱল অসমেই নহয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ উন্নয়ন কৰিছে৷ নৰেন্দ্ৰ মোডী জীয়ে বিশ্বাস কৰে যে উত্তৰ-পূৰ্বাঞ্চল আৰু অসমৰ ভাগ্য সলনি হ’লেহে দেশৰ ভাগ্য সলনি হয় আৰু অসমৰ বিকাশ হ’লেহে দেশৰ উন্নয়ন সম্পূৰ্ণ বুলি গণ্য কৰা হ’ব৷ অসমৰ ৮০টা এলেকাৰ পৰা সশস্ত্ৰ বাহিনী [বিশেষ ক্ষমতা] আইন  আঁতৰাই শান্তি প্ৰতিষ্ঠাৰ কাম কৰিছে  নৰেন্দ্ৰ মোদীয়ে৷ ছোনিয়া গান্ধী আৰু মনমোহন সিঙৰ ইউ পি এ চৰকাৰৰ দিনত অসমৰ উন্নয়নৰ বাবে মাত্ৰ ১ লাখ ৬২ হাজাৰ কোটি টকাহে দিয়া হৈছিল, আনহাতে আনফালে নৰেন্দ্ৰ মোডীয়ে অসমৰ উন্নয়নৰ বাবে ৪ লাখ ১৫ হাজাৰ কোটি টকা আগবঢ়োৱাৰ কাম কৰিছে৷ ইয়াৰ লগতে পথ নিৰ্মাণৰ বাবে ৩০ হাজাৰ কোটি টকা, ৰে’ল সংযোগৰ বাবে ৯৫ হাজাৰ কোটি আৰু বিমানবন্দৰৰ উন্নয়নৰ বাবে ১০ হাজাৰ কোটি টকা আবণ্টন দিয়া হৈছে৷ অসম আৰু উত্তৰ-পূব ভাৰতক কৰ্কট ৰোগমুক্ত কৰাৰ বাবে কৰ্কট চিকিৎসালয়ৰ নেটৱৰ্ক গঢ়ি তোলা হৈছে৷ আগন্তুক ৫ বছৰত এনে এটা সময় আহিব যেতিয়া অসমৰ কোনো লোক কেন্সাৰ চিকিৎসাৰ বাবে দিল্লীলৈ যাব নালাগিব৷ গুৱাহাটীত এইমছ নিৰ্মাণ কৰা হৈছে, তামুলপুৰত চিকিৎসা মহাবিদ্যালয়, নলবাৰীত ৫০০ বিছনাযুক্ত চিকিৎসালয় স্থাপন কৰা হয়৷ নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা কিষাণ সন্মান নিধি যোজনাৰ অধীনত ১৮ লাখ হিতাধিকাৰীয়ে লাভ কৰিছে সুবিধা৷ নলজল [টেপৰ পানী] আঁচনিয়ে ৫৫ লাখ ঘৰ সামৰি লৈছে, ১ কোটি ৭০ লাখ লোকে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ৫লাখ টকা পৰ্যন্ত সম্পূৰ্ণ ¦স্বাস্থ্যসেৱা খৰচ লাভ কৰিছে আৰু ৪৩ লাখ শৌচাগাৰ নিৰ্মাণ কৰি মাতৃ-ভগ্নীক সন্মান দিয়াৰ কামো নৰেন্দ্ৰ মোডীয়ে কৰিছে৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰা ইস্তাহাৰৰ বিষয়ে মন্তব্য কৰি  অমিত শ্বাহে কয় যে কংগ্ৰেছ দলে পুনৰ চৰকাৰ গঠন কৰিলে মুছলিম পাৰ্টনেল ল’ প্ৰতিষ্ঠা হ’ব৷ অসমৰ মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই বাল্যবিবাহ নিষিদ্ধ কৰিছে৷ কংগ্ৰেছৰ মতে কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ আঁতৰোৱা উচিত নাছিল৷ কংগ্ৰেছৰ সভাপতি মল্লিকাজুৰ্ন খৰ্গেৰ মতে কাশ্মীৰৰ ভাৰতৰ সৈতে কোনো সম্পৰ্ক নাই, কিন্তু তেওঁ নাজানে যে এই দেশৰ জনসাধাৰণে ইয়াৰ প্ৰতিটো ইঞ্চি নিজৰ বুলি গণ্য কৰে৷ পূৰ্বে ‘কুটচ হো য়া গুৱাহাটী, অপনা দেশ অপনি মাটি’ বুলি শ্লোগান দিয়া হৈছিল৷ চীনৰ আক্ৰমণৰ সময়ত কংগ্ৰেছে যুদ্ধৰ পৰিৱৰ্তে অসমক অসহায় অৱস্থাত এৰি গৈছিল, যিটো অসমৰ জনসাধাৰণে এতিয়ালৈকে পাহৰিব পৰা নাই৷ নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আইন-শৃংখলাৰ পৰিস্থিতি ইমানেই কটকটীয়া যে চীনে ভাৰতৰ এক ইঞ্চিও ভূমি দখল কৰিব নোৱাৰে৷ অসম সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ কেন্দ্ৰবিন্দু৷ উত্তৰ-পূৰ্বাঞ্চল আৰু ভাৰতৰ উন্নয়নৰ সৈতে অসমৰ উন্নয়ন জড়িত হৈ আছে৷ ২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূব ভাৰতৰ বিকাশ হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল, যিটো সম্পন্ন হৈছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোটৰ লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ আজি লখিমপুৰ জিলাৰ চুকুলীভৰীয়াত বিশাল জনসমাগমেৰে আয়োজিত বিজয় সংকল্প সভাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে৷ সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যোৱা আঢ়ৈ বছৰে ৰাজ্যবাসীয়ে শান্তি, সমৃদ্ধি আৰু বিকাশ দেখিবলৈ পাইছে৷ বড়ো, কাৰ্বি, আদিবাসী আৰু আলফা চুক্তিয়ে ৰাজ্যখনলৈ স্থায়ী শান্তি ঘূৰাই আনিলে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুপ্ৰেৰণাত এই শান্তি চুক্তিৰ ৰূপকাৰ আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ ৰাজ্যখনলৈ শান্তি, সমৃদ্ধি কঢ়িয়াই অনাৰ নায়ক কেন্দ্ৰীয় গৃহমন্ত্ৰী৷ অসমৰ বাপোতি সাহোন বিহুৱানখন প্ৰধানমন্ত্ৰীয়ে দেশ-বিদেশত পৰিধান কৰে৷ কাজিৰঙাত কোনো প্ৰধানমন্ত্ৰী নিশা কটোৱা নাছিল৷ প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাক পুনৰ এবাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলে অসমৰ চাৰিওফালে আজি বিকাশৰ আন্দোলন আৰম্ভ হৈছে৷ নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পাতিব লাগিব  নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ নেতৃত্বত অসমখনক আগুৱাই লৈ গৈ থাকিব লাগিব আৰু  ভাৰতবৰ্ষৰ ভিতৰত এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত কৰিব লাগিব৷ যিসকলৰ হাতত ৰেচন কাৰ্ড আছে তেওঁলোকে নিৰ্বাচনৰ পিছত অৰুণোদয় লাভ কৰিব৷ আগষ্ট মাহৰ আগতে সকলোৰে বেংক একাউণ্টত যোগে দহ হাজাৰ টকাকৈ লাভ কৰিব৷ ছোৱালী শিক্ষাৰ দায়িত্ব ৰাজ্য চৰকাৰে বহন কৰিব যি সমূহ প্ৰতিশ্ৰুতি দিয়া হৈছে সেইবোৰ আখৰে আখৰে পালন কৰা হ’ব৷

মুখ্যমন্ত্ৰীক লগত লৈ তিনিচুকীয়াত  অমিত শ্বাহৰ বিশাল ৰোড শ্ব’

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া  : ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বীতা আগবঢ়োৱা বিজেপিৰ অন্যতম হাইপ্ৰ’ফাইল প্ৰাৰ্থী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰৰ বাবে মঙলবাৰে সন্ধিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তিনিচুকীয়াত এক বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীক এই কাৰ্যসূচীত সংগ দিয়ে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ তিনিচুকীয়াৰ চলিহা নগৰ খেলপথাৰৰ পৰা জিএনবি পথ হৈ চহৰখনৰ মাজমজিয়াৰ থানা চাৰিআলিলৈকে এই ৰোড শ্ব’ বাহিৰ কৰা হ’য়৷ ৰোড শ্ব’ত অংশগ্ৰহণ কৰে হাজাৰ হাজাৰ দলীয় কৰ্মীয়ে৷ অগণন সমৰ্থকে ‘নৰেন্দ্ৰ মোদী জিন্দাবাদ, অমিত শ্বাহ জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, বিজেপি জিন্দাবাদ’ আদি শ্ল’গান দি চলিহা নগৰ খেলপথাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক আদৰণি জনোৱাৰ পাছত জিএনবি পথ হৈ থানা চাৰিআলিলৈকে ৰোড শ্ব’ত চামিল হয়৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীজনক কাষৰ পৰা দৰ্শনৰ বাবে সমগ্ৰ পথছোৱাৰ দুয়োকাষে জমা হয় হাজাৰ হাজাৰ জনতা৷ অমিত শ্বাহে ৰাইজলৈ ফুল দলিয়াই অভিবাদন গ্ৰহণ কৰে৷ অৱশ্যে ৰাইজে থানা চাৰিআলিত ৰোড শ্ব’ অন্ত পৰাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ পৰা দুআষাৰ শুনাৰ আশা কৰিছিল যদিও ৰোড শ্ব’ সামৰণি পৰাৰ পাছত মুখ্যমন্ত্ৰীৰ সৈতে অমিত শ্বাহ পোনেই ডিব্ৰুগড় অভিমুখে ৰাওনা হয়৷ অৱশ্যে বৈদ্যুতিন সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাইজৰ সমৰ্থন অতুলনীয় বুলি ব্যক্ত কৰাৰ লগতে অসমত বিজেপিয়ে কমেও ১২খন আসন লাভ কৰিব বুলি কয়৷