Logo
image

গৌৰৱ-লুৰীণৰ হৈ প্ৰচাৰ চলাবলৈ আহিব ৰাহুল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ এপ্ৰিল: ৰঙালী বিহুৰ উৎসাহ-উদ্দীপনাৰ মাজতে ১৭ এপ্ৰিলত অসমত নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী৷ যোৰহাটত গৌৰব গগৈৰ বাবে আৰু ডিব্ৰুগড়ত লুৰীণজ্যোতি গগৈৰ হৈ ৰাহুল গান্ধীয়ে ভোটৰ সভাত প্ৰচাৰ চলাব৷ কংগ্ৰেছৰ সূত্ৰই জনোৱা মতে যোৰহাটত কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰব গগৈৰ সমৰ্থনত পুৱা ১১ বজাৰ পৰা গৌৰৱ-লুৰীণৰ হৈ প্ৰচাৰ চলাবলৈ আহিব ৰাহুল নিৰ্বাচনী প্ৰচাৰ সভাত ৰাহুল গান্ধীয়ে ভাষণ দিয়াৰ লগতে ডিব্ৰুগড়ৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ হৈ গান্ধীয়ে ডিব্ৰুগড়ত দিনৰ ৰ বজাত প্ৰচাৰ চলাব৷ একেদৰে কংগ্ৰেছৰ মহাসচিব জয়ৰাম ৰমেশে দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ অসমত উপস্থিত হ’ব৷ ১০ এপ্ৰিলত বিয়লি ৪.৩০ বজাত যোৰহাটত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এখন সংবাদমেল সম্বোধন কৰিব৷ আনহাতে ১১ এপ্ৰিলত গুৱাহাটী প্ৰেছ ক্লাবত আবেলি ৩.৩০ বজাত কংগ্ৰেছ নেতাগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰিব৷

বিজেপিয়ে নগাঁৱত দুজন প্ৰাৰ্থী দিছে– সুৰেশ বৰা আৰু আমিনুল ইছলাম: প্ৰদ্যুৎ

‘আমাৰ অসম’ৰ ৰহাৰ প্ৰতিবেদক : নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন বিধানসভা সমষ্টিত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান৷ ৰহাত একেদিনাই বিজেপি আৰু কংগ্ৰেছৰ মাৰাথন প্ৰচাৰ অভিযান৷ আজি পুৱাই কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ৰহাৰ টোপাকুছিত বিভিন্ন কাৰ্যত নিয়োজিত হৈ থকা শ্ৰমিক সংঘৰ লোকসকলৰ লগত মত-বিনিময় কৰি লুচি ভাজি খাই আৰম্ভ কৰে প্ৰচাৰ অভিযান৷ ইয়াৰ পাছতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ৰহা সমষ্টিৰ ঘাঁহীত দলীয় কৰ্মীসকলৰ লগত মত-বিনিময় কৰি জাগীয়াল চাৰিআলিৰ পৰা এক ৰেলী উলিয়াই উত্তৰ পেটবঢ়া হৈ গড়মূৰ হৈ ফুলগুৰিত উপস্থিত হয়৷ ফুলগুৰি বজাৰত থকা ১৮৬১ চনৰ কৃষক বিদ্ৰোহৰ স্মাৰকত বন্তি প্ৰজ্বলন কৰি এক পথসভা অনুষ্ঠিত কৰে৷ পুনৰ ৰেলীটোৱে ফুলগুৰিৰ পৰা যাত্ৰা আৰম্ভ কৰি সৰাঘাট ম’হগড়, দেউবালি, কাকতিগাঁও হৈ দীঘলদৰি চাৰিআলিত উপস্থিত হৈ এক পথসভা অনুষ্ঠিত কৰে৷ দীঘলদৰিৰ পৰা কলঙৰ পাৰে পাৰে আহি দুৰ্গাজান, মাজগাঁও, হাৰিয়ামুখ, বামুণীয়া গাঁও, বনুৱা গাঁও হৈ ৰহা নগৰত উপস্থিত হৈ ৰহা পুৰণা চাৰিআলিত এক পথসভাত অংশগ্ৰহণ কৰি ইয়াৰ পাছত চাপৰমুখ, দীঘলিআটীত পথসভা অনুষ্ঠিত কৰি বিয়লি আমচৈত উপস্থিত হয়৷ আমচৈৰ বুঢ়াৰজা গাঁও, দ্ৰুগ্ৰু বালিকুছিত দুখনকৈ পথ সভা অনুষ্ঠিত কৰে৷ বুঢ়াৰজাগাৱত চলি থকা ক্ৰিকেট খেলত প্ৰৱেশ কৰি বেট ধৰি দুটাকৈ বাউণ্ডেৰী কোবালে প্ৰদ্যুৎ বৰদলৈয়ে৷ কমাৰগাঁও পঞ্চায়তৰ কৰুণা বজাৰত সন্ধ্যা এক পথ সভা অনুষ্ঠিত কৰি আজিৰ প্ৰচাৰ অভিযানৰ সামৰণি মাৰে৷ বিভিন্ন প্ৰচাৰ সভাত কৌশলগতভাৱেই চকী, টেবুলৰ সলনি ঠিয় হৈ পথসভাত ভাষণ প্ৰদান কৰি কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে ৰাইজৰ ভোট বিচাৰে৷ তেওঁ ভাষণত বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰি কয়– ‘মই অসমীয়াৰ সন্তান, ভগৱানৰ বাহিৰে মই কালৈকো ভয় নকৰোঁ৷ সাংসদ হিচাপে মোৰ জীৱনটো এখন খোলা কিতাপ৷ দিল্লীৰ সংসদত মই কি কৰিলোঁ সকলোৱে দেখিছে৷ কিন্তু বিজেপিয়ে মোক ভয় কৰে সেয়ে বিজেপিয়ে নগাঁও লোকসভাত দুজন প্ৰাৰ্থী দিছে এজন সুৰেশ বৰা আনজন আমিনুল ইছলাম৷

‘প্ৰদ্যুৎ বৰদলৈ পুনৰ নগাঁৱৰ সাংসদ হ’ব’

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ : বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ই ডি, চিবিআইৰ জৰিয়তে বিৰোধী ৰাজনৈতিক দলক ভয়-ভাবুকিৰে কণ্ঠৰোধ কৰিব বিচাৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একনায়কত্ববাদী শাসন চলাইছে৷ প্ৰধানমন্ত্ৰীয়ে গণতান্ত্ৰিক প্ৰমূল্যবোধৰ কথা নাজানে৷ তেওঁ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি অৱহেলা কৰি আহিছে৷ আজি নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত নগাঁও জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত শইকীয়াই এই অভিযোগ কৰি কয়– এইবাৰৰ লোকসভা নিৰ্বাচন গণতন্ত্ৰ ৰক্ষাৰ যুঁজ৷ বিজেপি চৰকাৰৰ দিনত অৰ্থনৈতিক বৈষম্যৰ সৃষ্টি হৈছে৷ দেশৰ লগতে অসমো অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰিছে৷ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ পাঁচটা ন্যায়ৰ কথা উল্লেখ কৰি শইকীয়াই কয় যে ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ চৰকাৰ হ’লে যুৱক- যুৱতীৰ সংস্থাপনৰ বাবে যুৱ ন্যায় প্ৰদান কৰা, ৫ হাজাৰ কোটি টকাৰ বিশেষ ষ্টাৰ্ট আপৰ ব্যৱস্থা, কেন্দ্ৰীয় চৰকাৰৰ নিযুক্তিত ৫০ শতাংশ মহিলাৰ বাবে সংৰক্ষণ, আশাকৰ্মী, অংগনৱাড়ী কৰ্মীৰ মজুৰি দুগুণ বৃদ্ধি, এমএছপি প্ৰৱৰ্তনৰ জৰিয়তে কৃষকক ন্যায় প্ৰদান, কৃষকৰ ঋণমুক্তৰ ব্যৱস্থা, কৃষিকাৰ্যত ব্যৱহৃত সকলো সামগ্ৰীৰ পৰা জিএছটি কৰ্তন, প্ৰতিজন শ্ৰমিকক নূ্যনতম ৪০০ টকা মজুৰিৰ জৰিয়তে শ্ৰমিকক ন্যায় প্ৰদান আদিৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব৷ কংগ্ৰেছ প্ৰাৰ্থী বৰদলৈয়ে ৰাইজৰ কাষলৈ যোৱাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শইকীয়াই কয় যে নগাঁৱৰ সাংসদ হিচাপে বৰদলৈ সংসদত সৰৱ হোৱাৰ কথা ৰাইজে গম পাইছে৷ সমষ্টিৰ উন্নয়ন, শিক্ষাৰ প্ৰসাৰৰ বাবে কাম কৰিছে৷ নিৰ্দিষ্ট পৰিকল্পনাৰে বৰদলৈ ৰাইজৰ কাষলৈ গৈছে৷ জিলা কংগ্ৰেছৰ তৰফৰ পৰা তেওঁক জিকাই আনিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ এয়া আমাৰ দায়িত্ব৷ আমাৰ আশা বৰদলৈ পুনৰ নগাঁৱৰ সাংসদ হ’ব৷  বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ লগত জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক সুৰেণ শইকীয়াৰ হোৱা বাৰ্তালাপ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শইকীয়াই কয় যে ব্যক্তিগত সম্পৰ্কৰ বাবে হোৱা বাৰ্তালাপ ভাইৰেল কৰাটো সুস্থ মানসিকতাৰ পৰিচায়ক নহয়৷ অৱশ্যে সাংবাদিকে এই সম্পৰ্কে প্ৰশ্ন সোধাৰ পিছতেই সাধাৰণ সম্পাদক সুৰেণ শইকীয়া সংবাদ মেলৰ পৰা আঁতৰি যায়৷