Logo
image

মন্ত্ৰী পীয়ূষ হাজৰিকাৰ কটাক্ষঃ ন্যায় যাত্ৰা ফ্লপ হ'ল, গৌৰৱৰ হৈ ৰাহুল গান্ধীৰ প্ৰচাৰ ছুপাৰ ফ্লপ হ'ব

'আমাৰ অসম'ৰ তিতাবৰৰ বিশেষ প্ৰতিবেদক, ১০ এপ্ৰিলঃ "তপন গগৈক কোনেও ৰাখিব নোৱাৰে। নৰেন্দ্ৰ মোদীক সকলোৱে সহায় কৰে। তপন গগৈ বহু ভোটৰ ব্যৱধানত জয়ী হ'ব৷ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা ফ্লপ হ'ল। এতিয়া গৌৰৱ গগৈৰ হৈ ৰাহুল গান্ধীয়ে প্ৰচাৰ চলাবলৈ আহিলে সেয়াও ছুপাৰ ফ্লপ হ'ব। প্ৰায় ১৮ লাখ ৫০ হেজাৰ ভোটাৰ থকা যোৰহাট সমষ্টিত ৰাহুল গান্ধী প্ৰচাৰ চলাবলৈ আহিলে মাত্ৰ ১৫ হাজাৰ মান মানুহ দেখিব।"- এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ। 

বুধবাৰে তিতাবৰ সমষ্টিত যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি টেঙাজান গাঁও পঞ্চায়তৰ পাণজান ৰশ্মি যুৱক সংঘত এখন নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে মন্ত্ৰী হাজৰিকাই। তেওঁ আৰু কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নমূলক কাম-কাজৰ বাবে হাজাৰ-হাজাৰ লোকে কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। ৰাইজ এতিয়া মুঠতে বিজেপিৰ লগত আছে৷ নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত বুলি কয় মন্ত্ৰী হাজৰিকাই। 

উল্লেখ্য যে আজি তিতাবৰত যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন গগৈৰ হৈ মন্ত্ৰী পীয়ূষ হাজৰিকাই টেঙাজান গাঁও পঞ্চায়তৰ পাণজান ৰশ্মি যুৱক সংঘ, মহিমাবাৰী, জালুকণিবাৰী, বগাৰ গাঁও আদি কৰি কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে৷