Logo
image

ভাগৰি পৰিছে ফণীভূষণ!: নিৰ্বাচনী প্ৰচাৰ সভাতে এখন্তেক মাৰিলে টোপনি

'আমাৰ অসম'ৰ হাজোৰ প্ৰতিবেদক, ১০ এপ্ৰিলঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে শাসক-বিৰোধী উভয়ে নিৰ্বাচনী প্ৰচাৰ অভিযান আকৰ্ষণীয় কৰি তুলিছে। প্ৰতিশ্ৰুতিৰে ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীসকলে ভোটাৰ ৰাইজৰ কাষ চাপিবলৈ চেষ্টা অব্যাহত ৰাখিছে। এইবাৰ নিৰ্বাচনত নামনি অসমৰ বৰপেটা লোকসভা সমষ্টিত নিৰ্বাচনৰ প্ৰচাৰ আকৰ্ষণীয় হৈ পৰা পৰিলক্ষিত হৈছে। 

শাসকীয় মিত্ৰজোঁটৰ সমানে বিৰোধীৰ প্ৰাৰ্থী দীপ বায়ন আৰু নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদে জোৰদাৰ প্ৰচাৰ অব্যাহত ৰাখিছে। হাজো- শুৱালকুছি বিধানসভা সমষ্টিৰ হাজোৰ ঐতিহাসিক মাধৱ মন্দিৰৰ দোমোঠাৰগুৰিত মঙলবাৰে অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে এক যৌথ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। এই নিৰ্বাচনী সভাত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে টোপনিয়াই থকা পৰিলক্ষিত হোৱাত বিজেপি আৰু অগপৰ কৰ্মীসকল আচৰিত হৈ পৰে। বিধায়িকা সুমন হৰিপ্ৰিয়াই সভা শেষ হ'ব বুলি কৈ 'ফণী দা উঠক' বুলি কোৱা কথাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷ ‌ইয়াৰ পিছত  ফণীভূষণ চৌধুৰীয়ে ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰত সেৱা কৰি ঐতিহাসিক পোৱামক্কা দৰ্গাহত এক ইফটাৰ পাৰ্টীটো অংশ লয়।

বিজেপি নেতা বিপুল দাসে আঁতধৰা আৰু অগপ নেতা বলি কলিতাৰ সভাপতিত্বত অনুষ্ঠিত যৌথ নিৰ্বাচনী সভাত হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক তথা হাজো-শুৱালকুছি বিধানসভা সমষ্টিৰ অগপৰ তত্বাৱধায়ক মনোজ শইকীয়া, বিজেপিৰ প্ৰভাৰী জুৰি শৰ্মা বৰদলৈ আদি উপস্থিত থাকে। লক্ষণীয়ভাৱে নিজ হাজোত অনুষ্ঠিত অগপ আৰু বিজেপিৰ যৌথ নিৰ্বাচনী সভাত ৰাইজৰ সেৰেঙা উপস্থিতিয়ে চিন্তাত পেলাইছে অগপ আৰু বিজেপি নেতাসকলক। ফণীভূষণ চৌধুৰী নিৰ্বাচনী সভাত টোপনি মৰাক লৈ বৰপেটা লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদে কটাক্ষ কৰি কয়, "ভাগৰি পৰিছে ফণীভূষণ চৌধুৰী"।