Logo
image

টি-২০ বিশ্বকাপলৈ ভাৰতৰ প্ৰস্তুতি

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] সমাপ্তিৰ কিছুদিন পাছতে ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত আৰম্ভ হ’ব টুৱেণ্টী২০ বিশ্বকাপ৷ কেৱল ভাৰতীয় ক্ৰিকেটাৰেই নহয়, আই পি এলত ব্যস্ত থকা বিদেশী ক্ৰিকেটাৰসকলেও চলিত টুৰ্নামেণ্টখনকে টুৱেণ্টী২০ বিশ্বকাপৰ প্ৰস্তুতি হিচাপে গণ্য কৰিছে৷ এইবাৰৰ আই পি এলত এতিয়ালৈকে হৈ যোৱা খেলকেইখনত কেইবাজনো ভাৰতীয় ক্ৰিকেটাৰে ক্ৰিকেট বিশেষজ্ঞৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ তেওঁলোকৰ মাজৰ অন্যতম হৈছে মায়ংক যাদৱ৷ দিল্লীৰ এই ২১ বছৰীয়া পেচ বলাৰজনে এইবাৰ ঘণ্টাত ১৫৬ কিলোমিটাৰ বেগত বলিং কৰি চৰ্চাৰ বিষয় হৈ পৰিছে৷ তেওঁ ভাৰতৰ টুৱেণ্টী২০ বিশ্বকাপৰ দলত স্থান পোৱাৰ সম্ভাৱনাৰ বিষয়ে ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে৷ অৱশ্যে এখন-দুখন খেলৰ প্ৰদৰ্শনেৰে খেলুৱৈ এজনৰ পাৰদৰ্শিতা জুখিব নোৱাৰি৷ ২০২২ চনৰ ডিচেম্বৰত পথ দুৰ্ঘটনা এটাত গুৰুতৰভাৱে আহত হোৱা দিল্লীৰ আন এজন ক্ৰিকেটাৰ ঋষভ পণ্টো সম্পূৰ্ণ সুস্থ হৈ ক্ৰিকেটলৈ উভতিছে৷ আই পি এলত তেওঁ দিল্লী কেপিটেলছক নেতৃত্বও দিছে৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব জয় শ্বাহে কিছুদিন পূৰ্বে কৈছিল যে টুৱেণ্টী২০ বিশ্বকাপৰ বাবে ক্ৰিকেট ব’ৰ্ডে যি আঁচনি প্ৰস্তুত কৰিছে, সেই আঁচনিত পণ্টকো ৰখা হৈছে৷ উইকেটকীপাৰ-বেটাৰজন ফিট হৈ থাকিলে তেওঁক বিশ্বকাপৰ দলত দেখা যাব বুুলি ইংগিত দিছে শ্বাহে৷ পণ্টে অৱশ্যে এইবাৰৰ আই পি এলত যিকেইখন খেলত ভাগ লৈছে, তাত নিজৰ ফিটনেছৰ প্ৰমাণ দিছে৷

টুৱেণ্টী২০ বিশ্বকাপত ভাগ ল’বলগীয়া দেশকেইখনে ৰ মে’ৰ ভিতৰত সম্ভাব্য খেলুৱৈৰ তালিকা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিললৈ প্ৰেৰণ কৰিব লাগিব৷ ভাৰতৰ সম্ভাব্য তালিকাত কোনকেইজন ক্ৰিকেটাৰে স্থান পাব– সেয়া এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন৷ শেহতীয়াভাৱে ভালকেইজন যুৱ ক্ৰিকেটাৰ ৰাষ্ট্ৰীয় দলত স্থান পোৱাৰ বাবে দাবীদাৰ হৈ পৰিছে৷ সেয়েহে বিশ্বকাপৰ বাবে দলটো নিৰ্বাচন কৰাটো নিৰ্বাচক কমিটীৰ বাবে এটা ডাঙৰ প্ৰত্যাহ৩ান হৈ পৰিব৷ প্ৰাক্তন অধিনায়ক বিৰাট কোহলিয়ে আই পি এলত দুৰ্দান্ত বেটিঙেৰে ইতিমধ্যে বিশ্বকাপৰ দলত নিজৰ স্থান প্ৰায় নিশ্চিত কৰিছে৷ বুধবাৰৰ খেলখনৰ আগলৈকে কোহলিয়ে এইবাৰৰ আই পি এলত পাঁচটা ইনিংছত সংগ্ৰহ কৰিছে ৩১৬ ৰান৷ ৰানৰ গড় ১০৫.৩৩৷ আনহাতে, বিশ্বকাপত ৰোহিত শৰ্মায়েই ভাৰতীয় দলক নেতৃত্ব দিব বুলিও বি চি চি আইৰ সচিবজনে ইতিমধ্যে ঘোষণা কৰিছে৷ বয়স হ’লেও বিৰাট কোহলি  আৰু ৰোহিত শৰ্মাৰ দৰে ক্ৰিকেটাৰ দলত থাকিলে দলটোৰ শক্তি যে বহুখিনি বৃদ্ধি পাব তাত সন্দেহ নাই৷ কিন্তু বিশ্বকাপৰ দলত ৰোহিত শৰ্মাৰ সৈতে অ’পেনাৰ হিচাপে দলত কাক স্থান দিয়া হ’ব সেই বিষয়টোত কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে নিৰ্বাচক কমিটী৷ যুৱ বেটাৰ যশস্বী জয়ছোৱাল আৰু শুভমন গীলৰ দক্ষতাক লৈ প্ৰশ্ন উঠাব নোৱাৰি৷ কিন্তু আই পি এলত এতিয়ালৈকে স্বাভাৱিক ফৰ্ম দেখুৱাব পৰা নাই জয়ছোৱালে৷ তেনেদৰে শুভমনৰ পৰাও আশানুৰূপ প্ৰদৰ্শন অহা নাই৷ স্পিন বিভাগত দুয়োজন লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহল আৰু কুলদীপ যাদৱক দলত ৰখা হয় নে সেয়া হ’ব লক্ষণীয়৷ এইবাৰৰ আই পি এলত এতিয়ালৈকে চাহলৰ প্ৰদৰ্শন অৱশ্যে যথেষ্ট সন্তোষজনক৷ ইপিনে, আঘাতৰ বাবে দিল্লী কেপিটেলছৰ কেইখনমান খেলৰ পৰা আঁতৰত থকাৰ পৰামৰ্শ দিয়া হৈছে কুলদীপক৷ চাহল আৰু কুলদীপৰ মাজৰ এজনকহে যদি নিৰ্বাচন কৰিবলগীয়া হয়, তেন্তে নিৰ্বাচকে কুলদীপক অগ্ৰাধিকাৰ দিয়াৰ সম্ভাৱনা আছে৷ অৱশ্যে সম্ভাব্য দলটোত দুয়োজনকে ৰখা হ’ব পাৰে৷ অলৰাউণ্ডাৰ হিচাপে অক্ষৰ পেটেলৰ নামটো চৰ্চিত হৈ আছে৷ ইপিনে, টুৱেণ্টী২০ ক্ৰিকেটৰ বিশেষজ্ঞ বেটাৰ ৰিংকু সিং আৰু সূৰ্যকুমাৰ যাদৱ বিশ্বকাপৰ দলত থকাটো প্ৰায় নিশ্চিত৷ তেনেদৰে পেচ আক্ৰমণত যশপ্ৰীত বুমৰা আৰু মহম্মদ ছিৰাজৰ সৈতে অৰ্শদীপ সিঙক সুযোগ দিয়া হ’ব পাৰে৷ মায়ংক যাদৱ সন্দৰ্ভত কোনো সিদ্ধান্তত উপনীত হোৱাৰ পূৰ্বে নিৰ্বাচক কমিটীয়ে নি(য় আৰু কেইখনমান খেলত তেওঁৰ প্ৰদৰ্শনত নজৰ ৰাখিব বিচাৰিব৷ টুৱেণ্টী২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলটো কেনেকুৱা হোৱা উচিত সেই বিষয়টোক লৈ বিগত কিছুদিন যথেষ্ট চৰ্চা চলি আছে যদিও এই বিষয়টোত অন্তিম নিৰ্ণয় ল’ব নিৰ্বাচক কমিটীয়ে আৰু আই পি এলৰ পৰৱৰ্তী খেলবোৰত ক্ৰিকেটাৰসকলৰ প্ৰদৰ্শন হ’ব অতিকৈ গুৰুত্বপূৰ্ণ৷