Logo
image

বিহুৰ পাছতে অসমত মোদী-ৰাহুলৰ সমুখ সমৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ১৭ এপ্ৰিলত ক্ৰমে নামনি আৰু উজনি অসমত ভোটৰ প্ৰচাৰ চলাব৷ এক কথাত ক’বলৈ গ’লে বিহুৰ পাছতে অসমত সমুখ সমৰত অৱতীৰ্ণ হ’ব মোদী-ৰাহুল৷ আনহাতে, কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীও ১৬ এপ্ৰিলত গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৰহাটলৈ আহিব৷ বুধবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে যোৰহাটত সাংবাদিকৰ আগত এই কথা সদৰি কৰি কয় যে প্ৰিয়ংকা গান্ধীয়ে সেইদিনা যোৰহাটৰ লগতে ত্ৰিপুৰাতো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব৷ উল্লেখ্য, অসমত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে দুদিনীয়া সূচীৰে ১৬ এপ্ৰিলতে অসমত আহি উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ সেইদিনা সন্ধিয়া ৬ বজাত বৰঝাৰৰ বিমানবন্দৰত উপস্থিত হৈ নিশাটো গুৱাহাটীত কটাব৷ ১৭ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে পুৱা ১০.৩০ বজাত নলবাৰীত অনুষ্ঠিত হ’বলগীয়া এখন বৃহৎ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব৷ এই সভাত দুই লক্ষাধিক লোকক সমবেত কৰাৰ লক্ষ্য লৈছে বিজেপিয়ে৷ নলবাৰীৰ নিৰ্বাচনী সভা সফল কৰি তুলিবলৈ যুদ্ধংদেহী প্ৰস্তুতি চলাইছে বিজেপি দল-চৰকাৰে৷ নলবাৰীত খেতিপথাৰ পুতি মোদীৰ জনসভাৰ বাবে বিশাল আয়োজন কৰা হৈছে৷ ১৬ এপ্ৰিলৰ সন্ধিয়া প্ৰধানমন্ত্ৰীয়ে দলীয় নেতা-বিষয়ববীয়াৰে বিশেষ বৈঠকত মিলিত হৈ নিৰ্বাচনী প্ৰস্তুতি তথা প্ৰচাৰ অভিযানৰ বুজ ল’ব৷ আনহাতে, ১৭ এপ্ৰিলত যোৰহাট আৰু ডিব্ৰুগড়ত নিৰ্বাচনী সভাত প্ৰচাৰ চলাবলৈ আহিব ৰাহুল গান্ধী৷ যোৰহাটত প্ৰথমে কংগ্ৰেছ তথা সন্মিলিত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে৷ দিনৰ ১১ বজাত এই সভা অনুষ্ঠিত হ’ব৷ অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নলবাৰী ভোটৰ সভাত ভাষণ দি থকাৰ সময়তে ৰাহুল গান্ধীয়েও যোৰহাটত ভাষণ দিব৷ ইয়াৰ পাছতে দিনৰ ৰ বজাত ৰাহুল গান্ধীয়ে ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া  দ্বিতীয়খন নিৰ্বাচনী সভাত লুৰীণজ্যোতি গগৈৰ হৈ প্ৰচাৰ চলাব৷

৩৫ বিঘাৰ পথাৰত হ’ব মোদীৰ সভাৰ পেণ্ডেল

‘আমাৰ অসম’ৰ নলবাৰীৰ বিশেষ প্ৰতিনিধি : ১৭ এপ্ৰিলত নলবাৰীলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্যে নলবাৰীলৈ আহিব প্ৰধান মন্ত্ৰীগৰাকী৷ নলবাৰীৰ বৰকুৰাৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ১৭ এপ্ৰিলত অনুষ্ঠিতব্য এখন বিশাল জনসভাত প্ৰধানমন্ত্ৰী মোদীয়ে সম্বোধন কৰিব৷ মূলতঃ আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণডংকা বজাবলৈ আহিব প্ৰধান মন্ত্ৰীগৰাকী৷ দুই লক্ষাধিক লোকে অংশগ্ৰহণ কৰিবলগা এই জনসভাক লৈ ইতিমধ্যে পূৰ্ণগতিত চলিছে অস্থায়ী পেণ্ডেল নিৰ্মাণৰ কাম৷ দিনে-নিশাই যুদ্ধংদেহীভাৱে চলিছে এই কাম৷ প্ৰধানমন্ত্ৰীৰ আগমনক লৈ চলিছে এনে প্ৰস্তুতি৷ বৰকুৰাৰ বিশাল কৃষিভূমিত অস্থায়ী পেণ্ডেলৰ কাম চলিছে৷ আৰক্ষী-নিৰাপত্তা বাহিনীৰ পৰা আৰম্ভ কৰি জিলা প্ৰশাসনৰ বিষয়াসকলো এতিয়া প্ৰধানমন্ত্ৰীৰ এই সভাক লৈ ব্যস্ত হৈ পৰিছে৷ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াৰে পৰা নিৰাপত্তাৰক্ষীয়ে সভাস্থলী তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰি থকা পৰিলক্ষিত হৈছে৷ স্নিফাৰ দগৰ জৰিয়তেও ইতিমধ্যে সভাস্থলীৰ চৌদিশে নিৰীক্ষণ কৰি থকা হৈছে৷ বৰপেটা লোকসভা সমষ্টিৰ অগপ, বিজেপি, ইউপিপিএল মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হকে যদিও নলবাৰীত এই সভাৰ আয়োজন কৰা হৈছে তথাপি ৰাজ্যখনৰ বাকী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ হকেও প্ৰধানমন্ত্ৰী গৰাকীয়ে নলবাৰীৰ পৰাই নিৰ্বাচনী ৰণদুন্দুভি বজাব৷ বৰকুৰাৰ ৩০-৩৫ বিঘা সামৰি এক বিশাল খেতিপথাৰত অনুষ্ঠিতব্য এই নিৰ্বাচনী সভাৰ স্থানত ইতিমধ্যে জেচিবি, এক্সক্লেভেটৰকে ধৰি বিভিন্ন বাহনে চলাই আছে বিভিন্ন কাম-কাজ৷ এখন বৃহদাকাৰৰ পেণ্ডেল বনোৱাত ব্যস্ত হৈ পৰিছে ইয়াৰ লগত জড়িত লোকসকল৷ তিনিখন অস্থায়ী হেলিপেড নিৰ্মাণৰ কামো চলি আছে পূৰ্ণগতিত৷ সভাস্থলীলৈ যোৱাৰ বাবে অস্থায়ী পথ নিৰ্মাণৰ কামো চলি থকা পৰিলক্ষিত হৈছে৷ সভাস্থলীৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্ত মল্ল বৰুৱা, বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই কিছুদিন পূৰ্বে উক্ত স্থান পৰ্যবেক্ষণ কৰাৰ পিছত দলীয় নেতা-কৰ্মীসকলে পৰ্যায় ক্ৰমে সভাস্থলী পৰিদৰ্শন কৰি থকা দেখা গৈছে৷ গুৱাহাটী উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা, বিজেপিৰ নলবাৰী জিলা সমিতিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, নলবাৰী পৌৰসভাৰ সভানেত্ৰী জয়শ্ৰী তালুকদাৰকে ধৰি বিভিন্নজন দলীয় নেতা-কৰ্মীয়েও উক্ত স্থান পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ বুজ লয়৷ বৰপেটা লোকসভা সমষ্টিৰ লগতে দৰং-ওদালগুৰি, কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থকসকলে এই বিশাল জনসভাত অংশগ্ৰহণ কৰিব বুলি জনা গৈছে৷ উক্ত নিৰ্বাচনী সভাত নামনি অসমৰ সাতখন জিলাকে ধৰি ১৬টা বিধানসভা সমষ্টিৰ পৰা বিজেপি মিত্ৰজোঁটৰ নেতা-কৰ্মীকে ধৰি দুই লক্ষাধিক লোকে অংশগ্ৰহণ কৰিব বুলি বিজেপিৰ দলীয় সূত্ৰে জনা গৈছে৷ উল্লেখ্য যে সাত মে’ত বৰপেটা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন৷

১৬ এপ্ৰিলত যোৰহাটলৈ আহিব প্ৰিয়ংকা গান্ধী

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ : ‘আগন্তুক ২০২৪-ৰ নিৰ্বাচন এক গুৰুত্বপূৰ্ণ নিৰ্বাচন৷ এই নিৰ্বাচনৰ লক্ষ্য হৈছে গণতন্ত্ৰক ৰক্ষা কৰা আৰু আম্বেদকাৰৰ দ্বাৰা লিখিত সংবিধানৰ পৱিত্ৰতা ৰক্ষা কৰা৷ বিগত ১০ বছৰত মোদী চৰকাৰৰ কাৰ্য কালত দেশত অন্যায় কাল চলি আহিছে৷ এই অন্যায় হ’ল যুৱক, শ্ৰমিক, কৃষক, মেহনতী জনসাধাৰণ আৰু পিছপৰা শ্ৰেণীৰ লোকৰ বাবে কৰা অন্যায়৷ কংগ্ৰেছ দলে এই অন্যায় কালৰ পৰা দেশবাসীক ন্যায় প্ৰদান কৰাৰ বাবে ৫টা ন্যায় আৰু ২৫টা গেৰাণ্টি প্ৰস্তুত কৰিছে৷ এই ৫ ন্যায় আৰু ২৫ গেৰাণ্টি লৈ কংগ্ৰেছৰ সদস্যসকলে ৮কোটি পৰিয়ালৰ ঘৰে ঘৰে যাব৷ অসমত ৩৩ লাখ পৰিয়ালক এই অভিযানত সামৰি ল’ব৷’ –আজি যোৰহাটৰ হোটেল কিংডমত আয়োজিত এখন সংবাদ মেলত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এইদৰে কয়৷ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মিডিয়া সমন্বয়ক মহিমা সিং, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সহকাৰী মুখপাত্ৰ বেদব্ৰত বৰা, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিতুপন শইকীয়া আৰু যোৰহাট জিলা কংগ্ৰেছৰ সভাপতি পুতুল গোহাঁইৰ উপস্থিতিত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাজনে লগতে কয় যে কংগ্ৰেছৰ ৫ন্যায় হ’ল যুৱ ন্যায়, নাৰী ন্যায়, শ্ৰমিক ন্যায়, কৃষক ন্যায় আৰু পিছপৰা শ্ৰেণীৰ বাবে ন্যায়৷ বিজেপি দলে ধৰ্মৰ নামত সম্প্ৰদায়ৰ নামত জনগণৰ মাজত বিভাজনৰ সৃষ্টি কৰিছে৷ নিবনুৱা সমস্যা বিগত ৪৫ বছৰৰ ভিতৰত সৰ্বাধিক হৈছে৷ জনগণৰ স্বাৰ্থলৈ পিঠি দি ইলেক্টªৰেল বণ্ডৰ নামত ৮০০০ কোটিৰো অধিক টকা সংগ্ৰহ কৰা মোদী চৰকাৰে চান্দা লৈ ধান্দা দিয়াৰ নিকৃষ্ট পন্থা গ্ৰহণ কৰে যাক উচ্ছতম ন্যায়ালয়ে অগণতান্ত্ৰিক বুলি অভিহিত কৰে৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰি কংগ্ৰেছ নেতাজনে সাংবাদিকক কয়, ‘আপোনালোকে জিএছটিৰ কথা নি(য় জানে৷ জিএছটিৰ কু-প্ৰভাৱৰ কথাও জানে৷ কিন্তু অসমত কেৱল জিএছটিয়েই নহয় ‘এইচএছটি’ও সংগ্ৰহ কৰিছে৷’ ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ১০বছৰীয়া কাৰ্যকালক চিনেমাৰ ট্ৰেইলাৰৰ লগত তুলনা কৰা সন্দৰ্ভত ৰমেশে কয় যে যদি এয়া ট্ৰেইলাৰেেই হয় তেন্তে মণিপুৰৰ ঘটনাটোও ট্ৰেইলাৰেই হ’ব আৰু মণিপুৰৰ ঘটনা যদি ট্ৰেইলাৰ হয় তেন্তে পুনৰ ক্ষমতা পালে উত্তৰ-পূৰ্বাঞ্চলৰ অৱস্থা কি হ’ব তাক নক’লেও হ’ব৷ গৌৰৱ গগৈক এজন গুৰুত্বপূৰ্ণ নেতা বুলি উল্লেখ কৰি কংগ্ৰেছ নেতাজনে কয় যে গৌৰৱ হ’ল আধুনিক অসমৰ নিৰ্মাতা তৰুণ গগৈৰ পুত্ৰ৷ এজন যুৱনেতা হিচাপে গৌৰৱৰ ভৱিষ্যত উজ্জ্বল বুলি তেওঁ উল্লেখ কৰে৷ যোৰহাট সমষ্টিৰ ৰাইজে গৌৰৱ গগৈক বিপুল ভোটত জয়ী কৰাব বুলি তেওঁ দৃঢ় বিশ্বাস পোষণ কৰে৷ কংগ্ৰেছ ‘কা’ৰ তীব্ৰ বিৰোধী বুলি উল্লেখ কৰি ৰমেশে কয় যে সংসদত ‘কেব’ৰ কংগ্ৰেছে তীব্ৰ বিৰোধিতা কৰিছিল৷ ইফালে ‘কা’ গ্ৰহণৰ ৪বছৰ ৩মাহৰ ভিতৰত নিৰ্বাচনৰ পূৰ্বে বিধি প্ৰস্তুত কৰি প্ৰকৃততে বিজেপিয়ে ‘কা’ক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিব বিচাৰিছে বুলিও তেওঁ অভিযোগ কৰে৷ উল্লেখ্য কংগ্ৰেছৰ প্ৰচাৰ অভিযান ত্বৰান্বিত কৰাৰ উদ্দেশ্যে কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী যোৰহাটলৈ আহিব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে৷ আজি কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে যোৰহাটত সাংবাদিকক জানিবলৈ দিয়া মতে ১৬ এপ্ৰিলত প্ৰিয়ংকা গান্ধী যোৰহাটলৈ আহিব৷