Logo
image

মাজ আকাশত বিমানযাত্ৰীৰ প্ৰাণৰক্ষা কৰিলে অসমৰ চিকিৎসকে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১১ এপ্ৰিলঃ মাজ আকাশত শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভোগা এজন অসুস্থ বিমানযাত্ৰীক প্ৰাথমিক চিকিৎসাৰে সুস্থ কৰি তুলিলে অসমৰ এজন চিকিৎসকে৷ চলন্ত বিমানত  অসুস্থ ৰোগীজনক মৃত্যুমুখৰ পৰা ঘূৰাই অনা চিকিৎসকজন হৈছে নলবাৰী মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ ডাঃ বাবুল কুমাৰ বেজবৰুৱা৷ বিমানযাত্ৰীক জৰুৰী চিকিৎসাৰ এই ঘটনাটো হৈছিল বিগত ৫ এপ্ৰিলত৷ উক্ত দিনা নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ বাবুল বেজবৰুৱাই কন্যাৰ সৈতে পুৱা প্ৰায় ৯.৩০ বজাত ইণ্ডিগ’ বিমানেৰে দিল্লীৰ পৰা গুৱাহাটীলৈ আহিছিল৷ কিন্তু বিমানখনৰ উৰণ আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতেই বিমানৰ ক্ৰ’ৱে বিমানত যাত্ৰী হিচাপে কোনোবা চিকিৎসক আছে নেকি জানিব  বিচাৰে৷ এজন যাত্ৰীক জৰুৰীভাৱে চিকিৎসাৰ বাবে চিকিৎসকৰ সহায় বিচাৰিলে পৰিচাৰিকাই৷ হেডফোন লগাই যোৱাৰ বাবে পৰিচাৰিকাৰ এই ঘোষণা প্ৰথমে শুনা নাছিল যদিও পাছত কন্যাই তেওঁক যাত্ৰীজনৰ অসুস্থতাৰ  বাবে চিকিৎসকৰ সহায় বিচৰা বুলি জানিবলৈ দিয়ে৷ লগে লগে ডাঃ বেজবৰুৱাই ৰোগীজনক সহায়ৰ বাবে আসনৰ পৰা উঠি যায়৷ বিমানত অসুস্থ হৈ পৰা ৰোগীজন আছিল অসমৰ বৰপেটা জিলাৰ৷ গেছৰ সমস্যাৰ বাবে দিল্লীত চিকিৎসা কৰা ৩২ বছৰীয়া যুৱকজনক নাকেৰে পাইপ নাচোগেষ্ট্ৰিক সোমোৱাই থোৱা আছিল৷ চিকিৎসকে দিল্লীতে হাস্পতালত ভৰ্তি হোৱাৰ পৰামৰ্শ দিছিল যদিও অসমত চিকিৎসাৰ বাবে জৰুৰীভাৱে গুৱাহাটীলৈ আহিছিল যুৱকজন৷ ইয়াৰ পাছতেই ডাঃ বেজবৰুৱাই বিমান ক্ৰ’ক নিজৰ পৰিচয়-পত্ৰ দেখুৱাই ৰোগীজনৰ স্বাস্থ্য পৰীক্ষাৰ বাবে আগবাঢ়ি যায়৷ ৰোগীজনে উশাহ লোৱাত কষ্ট পোৱাৰ লগতে বমি বমি ভাব আৰু কাঁহ আহিছিল বুলি জানিবলৈ দিয়ে৷ লগে লগে ডাঃ বেজবৰুৱাই ৰোগীজনৰ পাল্‌ছ, বিপি ইত্যাদি পৰীক্ষা কৰে যদিও অক্সিজেন চেচুৰেশ্বন পৰীক্ষা কৰিবলৈ বিমানত নাছিল কোনো অক্সিমিটাৰ৷ সকলো ঠিক দেখা পালেও ৰোগীজনে উশাহ-নিশাহত কষ্ট পাই চট্‌ফটাই থকাত চিন্তিত হৈ পৰে৷ ইফালে, পাইলটে কেবিন ক্ৰ’ৰ জৰিয়তে ৰোগীজনৰ স্বাৰ্থত বিমানখন পুনৰ ঘূৰাই নিব লাগিব নেকি বাৰে বাৰে সুধি থকাত সিদ্ধান্ত ল’বলৈ গৈয়ো দুঃচিন্তাত পৰে ডাঃ বেজবৰুৱা৷ ইয়াৰ পাছতেই ৰোগীজনক সহায় কৰাৰ বাবে বিমানখনত যাত্ৰা কৰা আন এজন দন্ত টেকনিচিয়ান আগবাঢ়ি আহে৷ বহু সময়ত ৰোগীজনক বিভিন্ন ধৰণে প্ৰাথমিক চিকিৎসা প্ৰদানৰ পাছত ডাঃ বেজবৰুৱাই ৰোগীজনৰ নাকেৰে সোমোৱাই থোৱা পাইপডাল পেটৰ পৰা কিছু ওলাই অহাত শ্বাস-প্ৰশ্বাসৰ নলীত বাধা প্ৰদান কৰাৰ বাবেই উশাহ-নিশাহত কষ্ট পোৱা বুলি নিশ্চিত হয়৷ ইয়াৰ পাছতেই টেকনিচিয়ানজনৰ সহায়ত ৰোগীজনৰ নাকৰ পৰা পাইপডাল উলিয়াই দিয়ে৷ ইয়াৰ ফলতে ৰোগীজনে কিছু আৰাম পায় আৰু বাথৰূমত বমি কৰি দিয়াত বহুখিনি আৰাম অনুভৱ কৰা বুলি ব্যক্ত কৰে৷ কিন্তু পাইপডাল নাকেৰে পুনৰ সংস্থাপন কৰাটো জৰুৰী হৈ পৰাত বিমান ক্ৰ’ৰ লগতে ৰোগীজনৰ অভিভাৱকক অৱতৰণৰ পাছত তাৎক্ষণিকভাৱে হাস্পতালত ভৰ্তি কৰাৰ বাবেও পৰামৰ্শ দিয়ে৷ মাজ আকাশত বিমানৰ ভিতৰত শ্বাস-প্ৰশ্বাসত কষ্ট পাই চট্‌ফটাই থকা মৃত্যুমুখী এজন ৰোগীৰ প্ৰাণ ৰক্ষা কৰি মহানুভৱতাৰ পৰিচয় দিয়াক লৈ এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ডাঃ বাবুল কুমাৰ বেজবৰুৱা৷