Logo
image

নিৰ্বাচনী খৰচ বচাবলৈকে অমিত শ্বাহৰ সভালৈ নগ’ল প্ৰাৰ্থী সৰ্বানন্দ, পুৱা সাক্ষাৎ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ এপ্ৰিলঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোডশ্ব’ত কিয় উপস্থিত নাথাকিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল? মঙলবাৰে তিনিচুকীয়াত সোণোৱালৰ সমৰ্থনত অনুষ্ঠিত এই ৰোডশ্ব’ত সোণোৱাল নিজে উপস্থিত নথকা ঘটনাটোক কেন্দ্ৰ কৰি বাজপেয়ী ভৱনৰ বাহিৰে-ভিতৰে সৰৱ চৰ্চা অব্যাহত আছে৷ সোণোৱালৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাইহে অমিত শ্বাহক সংগ দিয়ে ৰোডশ্ব’ত৷ কেৱল অমিত শ্বাহৰ ৰোডশ্ব’তে নহয়, দুদিন পূৰ্বে ডিব্ৰুগড়ত হোৱা ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ৰোডশ্ব’তো উপস্থিত নাথাকিল দলীয় প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল৷ উল্লেখ্য, নিৰ্বাচন আয়োগৰ শেহতীয়া নীতি-নিৰ্দেশনা বিশেষকৈ প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয়ৰ ক্ষেত্ৰত আয়োগৰ কঠোৰ স্থিতিৰ ফলত এনেধৰণৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত উপস্থিত থকাৰ ক্ষেত্ৰত বিমোৰত পৰিছে বহু প্ৰাৰ্থী৷ লোকসভাৰ নিৰ্বাচনৰ দিন-বাৰ ঘোষণা হোৱাৰ পাছতে নিৰ্বাচন আয়োগে প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয়ৰ সৰ্বোচ্ছ সীমা বান্ধি দিয়ে৷ সেই অনুসৰি এইবাৰৰ নিৰ্বাচনত এজন প্ৰাৰ্থীয়ে সৰ্বোচ্ছ ৯৫ লাখ টকাহে ব্যয় কৰিব পাৰিব৷ মনোনয়ন-পত্ৰ দাখিলৰ দিনটোৰ পৰা আৰম্ভ কৰি নিৰ্বাচনী প্ৰক্ৰিয়া শেষ হোৱা পৰ্যন্ত প্ৰাৰ্থী এজনৰ ব্যয়ৰ হিচাপ কৰা হ’ব৷ এজন প্ৰাৰ্থীৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰি দিয়া ৯৫ লাখ টকাৰ সৰ্বোচ্ছ ব্যয়ৰ ভিতৰত প্ৰাৰ্থীজনৰ ৰাজহুৱা সভা, ৰেলী, প্ৰচাৰ, হৰ্ডিং, বেনাৰ, প্ৰচাৰ-পত্ৰ তথা নিৰ্বাচন সম্বন্ধীয় সকলো কাম-কাজৰ ব্যয় অন্তৰ্ভুক্ত হৈ আছে৷ আয়োগে প্ৰতিজন প্ৰাৰ্থীৰ ব্যয়ৰ দিশটো অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ প্ৰতিজন প্ৰাৰ্থীয়ে নিৰ্বাচনী ব্যয়ৰ বিতং তথ্য পৃথকে অৱগত কৰিব লাগিব৷ প্ৰাৰ্থীসকলে নিৰ্বাচনী ব্যয়ৰ ক্ষেত্ৰত এটা মাত্ৰ বেংক একাউণ্টহে ব্যৱহাৰ কৰিব পাৰিব৷ আয়োগৰ এনে নীতি নিৰ্দেশনাৰ ফলত শেহতীয়াভাৱে বহু প্ৰাৰ্থী বৃহৎ বৃহৎ ৰোডশ্ব’ বা দলীয় সমাৱেশত উপস্থিত থকাৰ পৰা বিৰত আছে৷ কাৰণ যদি প্ৰাৰ্থীজন এনে ৰোডশ্ব’ বা সমাৱেশত উপস্থিত থাকে তেন্তে ইয়াৰ আয়োজনৰ সমস্ত ব্যয় প্ৰাৰ্থীজনৰ ভাগত পৰিব৷ এই ব্যয় প্ৰাৰ্থীজনৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰি দিয়া সৰ্বোচ্ছ ব্যয়ৰ পৰা কৰ্তন হ’ব৷ আয়োগে এজন প্ৰাৰ্থীৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰি দিয়া সৰ্বোচ্ছ ব্যয় ৯৫ লাখ টকা এনেকুৱা দুই-তিনিখন সমাৱেশ বা ৰোডশ্ব’ অনুষ্ঠিত কৰিলেই শেষ হৈ যাব৷ তেনেক্ষেত্ৰত প্ৰাৰ্থীজনে অন্য নিৰ্বাচনী ব্যয়ৰ ক্ষেত্ৰত বিপদৰ সন্মুখীন হ’ব পাৰে৷ যাৰ বাবে কৌশলগত কাৰণতে সৰ্বানন্দ সোণোৱালে অমিত শ্বাহ বা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ৰোডশ্ব’ত উপস্থিত নাথাকিলে৷ সোণোৱাল যদি এই দুয়োটা ৰোডশ্ব’ত উপস্থিত থাকিলেহেঁতেন তেন্তে ইয়াৰ সমস্ত ব্যয় সোণোৱালৰ নিৰ্বাচন ব্যয় হিচাপে আয়োগে ধৰি ল’ব৷ দেশৰ বিভিন্ন স্থানত প্ৰাৰ্থীসকলে নিৰ্বাচনী ব্যয় সীমিত কৰাৰ উদ্দেশ্যেৰে তেওঁলোকৰ সমৰ্থনত আয়োজন কৰা বিশাল বিশাল সমাৱেশত নিজে উপস্থিত থকাৰ পৰা বিৰত আছে৷ একেই পন্থা অৱলম্বন কৰি সোণোৱালেও দুয়োটা ৰোডশ্ব’ত উপস্থিত থকাৰ পৰা বিৰত থাকে৷ নিৰ্বাচনী খৰচ বচাবলৈকে অমিত শ্বাহৰ ৰোডশ্ব’লৈ নগ’ল প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল৷ ইয়াৰ পৰিৱৰ্তে বুধবাৰে পুৱা তেওঁ অমিত শ্বাহক সাক্ষাৎ কৰে৷