Logo
image

নতুন প্ৰজন্মৰ মন জিনিবলৈ মোদীৰ মনস্তাত্ত্বিক খেলা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১১ এপ্ৰিলঃ ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বলীউডৰ অভিনেতা অক্ষয় কুমাৰে সাক্ষাৎকাৰ লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ তেনেই নিম্নমানৰ আৰু নিম্নৰুচিৰ সাক্ষাৎকাৰটোত অক্ষয় কুমাৰে মোদীক তেওঁ আম চুহি খায় নে বাকলি গুচাই খায় বুলিও কৰা প্ৰশ্নটো মোদী-নিন্দুকে এতিয়াও পাহৰা নাই৷ অক্ষয় কুমাৰৰ সাক্ষাৎকাৰটোৱে কাৰ কি জ্ঞান অৰ্জনত উপকাৰ সাধিছিল, সেয়া ডাঙৰ কথা নহয়৷

পিছে নিৰ্বাচনৰ মাজত অক্ষয় কুমাৰৰ সেই সাক্ষাৎকাৰে বিজেপিক কেইশতাংশমান হ’লেও ভোট বঢ়াই দিছিল৷ এইবাৰ লোকসভাৰ নিৰ্বাচন ঘোষণাৰ পাছত এতিয়ালৈকে প্ৰধানমন্ত্ৰীৰ তেনে কছৰৎ দেখা পোৱা নাই৷ এইবাৰ সম্ভৱতঃ প্ৰধানমন্ত্ৰী মোদীৰ পৰিকল্পনা পৃথক৷ মোদী এইবাৰ হাই-টেক, উচ্ছ প্ৰযুক্তিৰ জৰিয়তে তেওঁ শিক্ষিত আৰু তৰুণ ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা চলাইছে৷ ইতিমধ্যে মোদীয়ে নিৰ্বাচনৰ দিন ঘোষণাৰ পাছত মাইক্ৰ’ছফ্‌টৰ প্ৰতিষ্ঠাতা বিল গেট্‌ছৰ সৈতে প্ৰযুক্তিৰ ভৱিষ্যতক লৈ এটা দীঘলীয়া আলোচনা কৰিছে৷ বিল গেট্‌ছৰ পাছত এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে মোদীৰ সৈতে আলোচনা কৰিবলৈ আহিব আন এজন ধনকুবেৰ, টেছলা আৰু ‘এক্স’ৰ (পূৰ্বৰ টুইটাৰ) স্বত্বাধিকাৰী এলন মাস্ক৷ এলন মাস্কে এই ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ভাৰতত কৰিবলগীয়া বিনিয়োগ সন্দৰ্ভত আলোচনা কৰাৰ লগতে ভাৰতত টেছলাৰ কাৰখানা স্থাপনৰ বিষয়েও ঘোষণা কৰাৰ কথা৷ এলন মাস্কৰ বিনিয়োগ হ’ব বিশাল দুই বিলিয়ন মাৰ্কিন ডলাৰৰ৷ নিৰ্বাচনী অধিসূচনা জাৰি থকাৰ বাবে সম্ভৱতঃ প্ৰধানমন্ত্ৰী মোদীয়ে নিজমুখে সেই ঘোষণা কৰিব নোৱাৰিব৷ ঘোষণা কৰিব স্বয়ং এলন মাস্কে৷ কাৰণ ভাৰতৰ নিৰ্বাচনক লৈ বিদেশী বিনিয়োগকাৰীৰ তেনে কোনো বাধ্যবাধকতা নাথাকিব৷ 

বিজেপি-বিৰোধীৰ দাবী, বিল গেট্‌ছ, এলন মাস্কৰ এই সময়ত ভাৰতলৈ আগমন শাসনাধিষ্ঠিত দলটোৰ নিৰ্বাচনী প্ৰচাৰৰ এক সুচিন্তিত কৌশল, আন একো নহয়৷ বিল গেট্‌ছৰ সৈতে মোদীৰ প্ৰযুক্তিৰ ভৱিষ্যতক লৈ পূৰ্বেও আলোচনা হ’ব পাৰিলেহেঁতেন৷ য’ত মোদীয়ে তেওঁৰ মবাইল ফোনত কিমান ফটো ‘ছেভ’ কৰি ৰাখিছে, তাকো বিল  গেট্‌ছক দেখুৱাইছিল আৰু বিল গেট্‌ছেও সেয়া মন দি চাইছিল৷ ভাৰতৰ বজাৰৰ বাবে দৌৰি অহা মাইক্ৰ’ছফ্‌টৰ প্ৰতিষ্ঠাতাজনে কোম্পানীৰ লাভৰ বাবেই এনে কিছু ‘কষ্ট’ স্বীকাৰ কৰি লৈছিল৷ গেট্‌ছৰ হতুৱাই মোদীয়ে নমো এপৰ জৰিয়তে ফটো তুলিবলৈ লগাই কিদৰে সেই এপে মুখৰ ফটো দেখি ব্যক্তিক চিনাক্ত কৰে, তাকো বুজাইছিল৷ গেট্‌ছে হেনো নমো এপৰ ‘কাণ্ড কাৰখানা’ দেখি ভাৰতৰ প্ৰযুক্তিগত উন্নয়নৰ প্ৰশংসা কৰিছিল৷ মোদীয়ে গেট্‌ছক বুজাইছিল– ‘এ আই খুবেই গুৰুত্বপূৰ্ণ৷ মই মাজে মধ্যে ঠাট্টাৰ চলেৰে কওঁ, আমাৰ দেশত আমি মাক আই বুলি কওঁ৷ এতিয়া ক’বলৈ বাধ্য হৈছো, আজিকালি শিশুৱে জন্ম হৈয়েই আইৰ লগতে এ আই বুলি ক’ব৷ কাৰণ এতিয়াৰ শিশু যথেষ্ট আধুনিক৷’

মোদীৰ এই বক্তব্যৰ ভিডিঅ’ ব্যাপকভাৱে প্ৰচাৰ হৈছিল৷ ধাৰণা কৰা হৈছে, এলন মাস্কৰ সৈতে মোদীৰ আলোচনাও নিৰ্বাচনী অধিসূচনা চলি থকা অৱস্থাতে ব্যাপক প্ৰচাৰ হ’ব৷ ইয়াৰ জৰিয়তে মোদী আৰু বিজেপিয়ে দেশৰ তৰুণ প্ৰজন্ম, তথ্য-প্ৰযুক্তিৰ শিক্ষানবিচ, কোটি কোটি নিবনুৱাক আকৃষ্ট কৰিবলৈ সক্ষম হ’ব বুলি বিশ্বাস কৰা হৈছে৷ সেয়ে মোদীয়ে বিল গেট্‌ছ, এলন মাস্কৰ সাক্ষাৎকাৰ নিৰ্বাচনৰ ভৰপক সময়ত কৰা বুলিও বিৰোধীয়ে দাবী কৰিছে৷ বিজেপি বিৰোধীৰ মতে এয়া মোদীৰ মনস্তাত্বিক খেলা৷ হ’লেও অন্ততঃ অক্ষয় কুমাৰৰ সাক্ষাৎকাৰতকৈ এয়া ওপৰৰ খেলা৷