Logo
image

প্ৰচাৰৰ মাজতে ৰাজ্যত নগদ ১১ কোটি টকা জব্দ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১১ এপ্ৰিলঃ সমাগত লোকসভা নিৰ্বাচনত ৰাজনৈতিক দলৰ প্ৰচাৰৰ চমকৰ সমান্তৰালভাৱে নিৰ্বাচন আয়োগৰ ফ্লায়িং স্কোৱাডে অভিযান অব্যাহত ৰাখিছে৷ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ ব্যয়ৰ ওপৰত নিৰ্বাচন আয়োগে শেন চকু ৰখাই নহয়, ৰাজপথতো নগদ ধন আৰু সুৰাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে ফ্লায়িং স্কোৱাডে৷ নিৰ্বাচনী আচৰণবিধি বলৱৎ হোৱাৰ পাছৰে পৰা বৰ্তমানলৈ ৰাজ্যত ফ্লায়িং স্কোৱাডে জব্দ কৰিছে প্ৰায় ১১ কোটি টকা নগদ ধন৷ নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি অধিসূচনা জাৰি হোৱাৰ ফলত কোনো লোকে নগদ সৰ্বাধিক ৫০ হাজাৰ টকাতকৈ অধিক ধন ৰাখিব নোৱাৰে৷ সেয়েহে ৫০ হাজাৰ টকাতকৈ অধিক ধন লৈ ঘূৰি ফুৰা লোকৰ সমস্ত ধন জব্দ কৰিছে নিৰ্বাচন আয়োগে৷ গুৱাহাটীতে বৰ্তমানলৈ ৫০ লাখ টকাতকৈ অধিক ধন জব্দ কৰিছে ফ্লায়িং স্কোৱাডে৷ আনহাতে এই সময়ছোৱাত প্ৰায় ৯১ কোটি টকা মূল্যৰ সুৰা আৰু ড্ৰাগ জব্দ কৰিছে ফ্লায়িং স্কোৱাডে৷ ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ এটা সূত্ৰই জনোৱা মতে নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ পাছতে প্ৰতিটো লোকসভা সমষ্টি এলেকাত কমেও তিনিটা ফ্লায়িং স্কোৱাড গঠন কৰা হৈছে৷ ফ্লায়িং স্কোৱাডত এজন কাৰ্যবাহী দণ্ডাধীশ, এজন জ্যেষ্ঠ আৰক্ষী বিষয়া, ৩-৪ জন সশস্ত্ৰ আৰক্ষী আৰু এজন ভিডিঅ’গ্ৰাফাৰ ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ নিৰ্বাচনৰ সময়ত নগদ ধন লৈ যোৱাৰ ক্ষেত্ৰত তালাচীৰ সময়ত ফ্লায়িং স্কোৱাড বা নিৰীক্ষণ গোটৰ সন্দেহ হ’লে সেই ধন জব্দ কৰা হয়৷ ১০ লাখ টকাতকৈ অধিক পৰিমাণৰ নগদ ধন উদ্ধাৰ হ’লে লগে লগে আয়কৰ বিভাগক খবৰ দিয়া হয়৷ অৱশ্যে জব্দ হোৱা ধন নিৰ্বাচনী কামত ব্যৱহাৰৰ বাবে যে অনা হোৱা নাছিল তথা ধনৰ উৎসৰ উপযুক্ত প্ৰমাণ দিব পাৰিলে নিৰ্দিষ্ট নিয়মৰ মাজেৰে সেই ধন গৰাকীক মোকলাই দিয়া হয়৷ সেইদৰে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ ভিডিঅ’ ৰেকৰ্ডিং কৰা হয়৷ লক্ষণীয় বিষয় যে নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ থকাৰ এই সময়চোৱাত নগদ ধন কঢ়িওৱাৰ সময়ত যাতে সাধাৰণ জনতা সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে এখন বিশেষ কমিটী গঠন কৰা হৈছে৷ ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে এনে কমিটী গঠনৰ ব্যৱস্থা কৰা হৈছে৷ অলপতে কামৰূপ মহানগৰ জিলাত আৰক্ষী, বিশেষ নিৰীক্ষণকাৰী গোট নাইবা ফ্লাইং স্কোৱাডৰ দ্বাৰা জব্দকৃত নগদ ধনৰ ক্ষেত্ৰত যদিহে সৰ্বসাধাৰণ ৰাইজে কিবা অসুবিধা তথা প্ৰকৃত নিৰ্দোষী লোকে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে, তেন্তে তেনে অসুবিধা আঁতৰোৱাৰ বাবে কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, নিৰ্বাচনী ব্যয় ন’ডেল বিষয়া আৰু কোষাগাৰ বিষয়াক লৈ তিনিজনীয়া এখন কমিটি গঠন কৰা হৈছে৷ এনে ক্ষেত্ৰত কাৰোবাৰ কিবা ওজৰ-আপত্তি থাকিলে অতিৰিক্ত জিলা আয়ুক্ত তথা নিৰ্বাচনী ব্যয় ন’ডেল বিষয়া ত্ৰিদীপ কোঁৱৰৰ মোবাইল নং ৯৯৫৭০১৫৬৮১ ত যোগাযোগৰ বাবে ৰাজহুৱা কৰি দিছে৷ এই কমিটীখনে আৰক্ষী, বিশেষ নিৰীক্ষণকাৰী গোট নাইবা ফ্লাইং স্কোৱাডৰ দ্বাৰা জব্দকৃত ধন সন্দৰ্ভত নিজাববীয়াকৈ পৰীক্ষা কৰে৷ তদুপৰি যদিহে সংশ্লিষ্ট বাজেয়াপ্ত কৰা ধন সন্দৰ্ভত কোনো এজাহাৰ বা অভিযোগ পঞ্জীয়নভুক্ত হোৱা নাই অথবা বাজেয়াপ্ত উক্ত নগদ ধনৰাশি কোনো প্ৰাৰ্থী বা ৰাজনৈতিক দল বা ৰাজনৈতিক প্ৰচাৰ ইত্যাদিৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাই তেনে ক্ষেত্ৰত আদৰ্শ পৰিচালনা পদ্ধতি (এছ অ’ পি) অনুসৰি এটা মৌখিক নিৰ্দেশনাৰ ভিত্তিত সংশ্লিষ্ট ব্যক্তিজনক জব্দকৃত নগদ ধনৰাশি মোকলাই দিয়াৰ বাবে শীঘ্ৰে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰে৷