Logo
image

অসমত এতিয়া বিৰোধী বুলি একো নাই, এইবাৰ নিৰ্বাচন একপক্ষীয় হ’বঃ মন্ত্ৰী অতুল বৰা

'আমাৰ অসম'ৰ লখিমপুৰৰ প্ৰতিনিধি, ১১ এপ্ৰিলঃ "অসমত বিৰোধী বুলি একো নাই , এইবাৰ  নিৰ্বাচন একপক্ষীয় হ’ব ৷ এতিয়া কংগ্ৰেছৰ পক্ষত কোনো নাই৷ কংগ্ৰেছৰ কলংকিত ইতিহাস এতিয়াও ৰাইজৰ মাজৰ পৰা আঁতৰি যোৱা নাই ৷ এইবাৰ ১৪ টা সমষ্টিতে এন ডি এৰ সমৰ্থিত প্ৰাৰ্থী জয়ী হ’ব৷"- এই মন্তব্য অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ ৷ বৃহস্পতিবাৰে উত্তৰ লখিমপুৰ নগৰস্থিত অসম গণ পৰিষদৰ জিলা কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এখন নিৰ্বাচনী সভাত অংশলৈ  মন্ত্ৰী অতুল বৰাই এই মন্তব্য প্ৰকাশ কৰে ৷  

১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ অসম গণ পৰিষদৰ জিলা সমিতিয়ে আয়োজন কৰা নিৰ্বাচনী সভাত দলটোৰ সভাপতি তথা অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত থাকি ভাষণ প্ৰদান কৰি ৰাইজক নিজৰ বহুমূলীয়া ভোটাধিকাৰ সাব্যস্ত কৰি বিপুল সংখ্যক ভোটত জয়ী কৰিবলৈ আহ্বান জনায়। সভাখনত অসম গণ পৰিষদৰ ৰাজ্যিক উপ সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, দলৰ বিত্ত সম্পাদক জয়ন্ত খাউণ্ডকে ধৰি বহুকেইজন প্ৰবীণ ৰাজনৈতিক নেতা উপস্তিত থাকি ভাষণ প্ৰদান কৰে। সভাত লখিমপুৰৰ বিধায়ক মানৱ ডেকাও উপস্তিত থাকি ভাষণ প্ৰদান কৰে ৷