Logo
image

গৌৰৱ গগৈক ২৪ টা জাতীয় সংগঠনৰ সমৰ্থন

শিৱসাগৰৰ পৰা মনোজ কুমাৰ গগৈ, ১১ এপ্ৰিলঃ শিৱসাগৰ নগৰৰ পদ্মা বিবাহ ভৱনত বৃহস্পতিবাৰে যোৰহাট লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী গৌৰৱ গগৈ আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত শিৱসাগৰ জিলাৰ ২৪ টা জাতীয় সংগঠনৰ প্ৰতিনিধিৰে মত-বিনিময় কৰে। অসমীয়া যুৱ মঞ্চ, অসম ছাত্ৰ যুৱ সন্মিলনী, জাতীয় সংগ্ৰামী সেনা, জাগৃতি মহিলা সমিতি, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, সংগ্ৰামী সেনা, ভোজপুৰী পৰিষদ, মুক্তি যোদ্ধা, বিভিন্ন ক্ষেত্ৰৰ জ্যেষ্ঠ নাগৰিকৰ বিষয়-ববীয়াই অংশগ্ৰহণ কৰা উক্ত মতবিনিময় অনুষ্ঠানত নিৰ্বাচনত গৌৰৱ গগৈক ২৪ টা জাতীয় সংগঠনে পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। 

তদুপৰি অনাগত দিনত ২৪ টা জাতীয় সংগঠনৰ বিষয়-ববীয়াসকলে গৌৰৱ গগৈৰ সপক্ষে নিৰ্বাচনী প্ৰচাৰ চলাই গৌৰৱ গগৈক জয়ী কৰাবলৈ ৰণত নামি পৰিব বুলিও আলোচনাত সিদ্ধান্ত গ্ৰহণ কৰে। মত বিনিময় অনুষ্ঠানত চি পি আই আৰু অসম জাতীয় পৰিষদৰ প্ৰতিনিধি উপস্থিত থকাৰ বিপৰীতে আহোম জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি উপস্থিত নাছিল। মত-বিনিময় অনুষ্ঠানৰ অন্তত গৌৰৱ গগৈয়ে সাংবাদিকৰ আগত কয়, "এই নিৰ্বাচন হৈছে লোকতন্ত্ৰ ৰক্ষা কৰা নিৰ্বাচন। বাক স্বাধীনতা সুৰক্ষা কৰা নিৰ্বাচন। এই নিৰ্বাচনত বিৰোধীয়ে ক'ব বিচাৰে। বিৰোধীৰ কোৱাৰ অধিকাৰ আছে। নৈতিক অধিকাৰক আমি সন্মান কৰোঁ। সেই অধিকাৰ বিজেপি চৰকাৰে খনন কৰিবলৈ বিচাৰিছে। মানুহৰ কণ্ঠ বন্ধ কৰিবলৈ বিচাৰিছে। আমি মানুহৰ কণ্ঠ মুকলি হোৱাটো বিচাৰোঁ। সপক্ষেও হ'ব পাৰে, বিপক্ষেও হ'ব পাৰে। কিন্তু আমাৰ কণ্ঠ মুকলি হ'ব লাগে। অসমৰ কণ্ঠ বলিষ্ঠ হ'ব লাগে।"

আনহাতে বিধায়ক অখিল গগৈয়ে কয়, "২৪ টা সংগঠনে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ সন্মুখত তেখেতসকলৰ কথা ক'লে। সকলোৱে ঐক্যবদ্ধভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছে যে দেশৰ সংবিধান ৰক্ষাৰ স্বাৰ্থত, দেশৰ গণতন্ত্ৰৰ ৰক্ষাৰ স্বাৰ্থত জাতীয় সংগঠনবোৰে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈক পূৰ্ণ সমৰ্থন কৰিব আৰু বিজেপিৰ বিৰোধিতা কৰিব। তদুপৰি বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীৰ হৈ জাতীয় সংগঠন সমূহে ৰাইজৰ ওচৰলৈ যাব। তেওঁলোকে ৰাইজক ক'ব যে গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত গৌৰৱ গগৈক ভোট দিব লাগে। এই ক্ষেত্ৰত মই অধিক সুখী।" 

জাতীয় সংগঠনৰ প্ৰতিনিধি জিন্টু মেছে কয়, "অতি আক্ৰমণাত্মক ৰূপত বিজেপিৰ বিৰুদ্ধে ষ্টেণ্ড দিম।" দেৱজিত দত্তই কয় যে গগৈক ম'ৰেলি চাপ'ৰ্ট দিছোঁ আৰু নিৰ্বাচনী প্ৰচাৰত নামিম।  চিতু বৰুৱাই কয় যে ৰাজনৈতিক প্ৰেক্ষাপটত আজিৰ তাৰিখৰ পৰা তপন গগৈক বাই বাই। তপন গগৈয়ে পা‍ঁচ বছৰ জিৰণি লওক। 

উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনলৈ কেইটামান দিন বাকী থকাৰ সময়ত শিৱসাগৰ জিলাৰ ২৪ টা জাতীয় সংগঠনৰ বিষয়ববীয়াৰ সৈতে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আলোচনাত মিলিত হোৱা বিষয়টোৱে সম্প্ৰতি ৰাজনৈতিক প্ৰেক্ষাপটত বিশেষ তাৎপৰ্যবহন কৰিছে।