Logo
image

ৰাহুলক অনুমতি নিদিলেও গুৱাহাটীত হ’ব মোদীৰ ৰোড শ্ব’

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ এপ্ৰিলঃ ৰঙালী বিহুৰ মাজতে ১৬ এপ্ৰিলত অসমত নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ সেইদিনা সন্ধিয়া ৬ বজাত বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ প্ৰধানমন্ত্ৰীক আদৰিবৰ বাবে বিজেপি দল চৰকাৰে যুদ্ধংদেহী প্ৰস্তুতি চলাইছে৷ দলীয় সূত্ৰই জনোৱা মতে, প্ৰধানমন্ত্ৰী মোদীক বিমানবন্দৰত বিপুলভাৱে আদৰণি জনোৱাৰ লগতে বিশাল ৰোড শ্ব’ কৰি আদৰি অনা হ’ব৷ জালুকবাৰীৰ পৰা মালিগাঁৱলৈ আৰু মাছখোৱাৰ পৰা শুক্ৰেশ্বৰলৈ প্ৰধানমন্ত্ৰী মোদীৰ ৰোড শ্ব’ হ’ব৷ ইয়াৰ বাবে চৰকাৰৰ নিৰ্দেশত প্ৰশাসনেও পথৰ দুয়োকাষে বাঁহ বান্ধি ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে৷ পিছে এইখিনিতে প্ৰশ্ন উঠিছে– ‘কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বাবে নিষিদ্ধ ৰোড শ্ব’ মোদীৰ বাবে বৈধ হ’ল কেনেকৈ৷’ এই সন্দৰ্ভত উত্তৰ দি মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কয়– ‘ৰাহুল গান্ধীৰ বাবে যি নিয়ম, প্ৰধানমন্ত্ৰীৰ বাবেও একেই নিয়ম৷ গুৱাহাটীত ৰোড শ্ব’ নহয়৷ প্ৰধানমন্ত্ৰী গুৱাহাটীলৈ আহিলে হাজাৰ বিজাৰ মানুহটো ৰাস্তাত ৰখি থাকিবই৷ আমি যিটো নিয়ম ৰাহুল গান্ধীৰ কাৰণে কৰিছিলোঁ সেইটো চবৰ কাৰণে প্ৰযোজ্য হ’ব৷’ উল্লেখ্য, ১৭ এপ্ৰিলত প্ৰধানমন্ত্ৰী মোদীয়ে নলবাৰীত এক বিশাল নিৰ্বাচনী সভাত ভাষণ দিব৷ এই সভাত দুই লক্ষাধিক লোকক সমবেত কৰাৰ লক্ষ্য লৈছে বিজেপিয়ে৷ ১৬ এপ্ৰিলৰ নিশাটো প্ৰধানমন্ত্ৰীয়ে কইনাধৰাৰ এক নং ৰাজ্যিক অতিথিশালাত কটাব৷ নলবাৰীৰ নিৰ্বাচনী সভাৰ অন্তত প্ৰধানমন্ত্ৰী ১৭ এপ্ৰিলত ত্ৰিপুৰা অভিমুখে উৰা মাৰিব৷