Logo
image

৫ জনৰ মৃত্যুৰ বাবে ‘কা’ আন্দোলনকাৰীকে জবাবদিহি মুখ্যমন্ত্ৰীৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু খোৱাঙৰ প্ৰতিবেদক, ১২ এপ্ৰিলঃ ‘কা’ আন্দোলনৰ ৫ শ্বহীদৰ ঘৰত গৈ লুৰীণজ্যোতি গগৈ, অখিল গগৈয়ে ক্ষমা খুজিব লাগে৷ পাঁচ যুৱকৰ মৃত্যুৰ বাবে ‘কা’ আন্দোলনকাৰী সকলেই জগৰীয়া৷ দুই কোটি বাংলাদেশী আহিব বুলি তেওঁলোকে অপ্ৰচাৰ চলাইছিল৷’–এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ বৃহস্পতিবাৰে খোৱাং বিধানসভা সমষ্টিৰ কোটোহাত ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই এনেদৰে মন্তব্য কৰে৷ মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে মোদী, হিমন্ত বিশ্ব শৰ্মা থাকোতে চৰাই এটাও বাংলাদেশৰ পৰা আহিব নোৱাৰে৷ উল্লেখ্য, খোৱাং বিধানসভা সমষ্টিৰ কোটোহাত নাচি-বাগি নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘বিহু আহিলে মোডীৰ ডিঙিত সদায় গামোচা দেখা পাব৷ কংগ্ৰেছৰ দিনত গঁড় মৰিছিলে, মাৰিছিলে৷’ ‘অহা বছৰ দিল্লীত গৈ বিহুৰ বিশ্ব ৰেকৰ্ড কৰিম’৷ বগীবিল হৈ গল, ঢলা হৈ গল, এতিয়া আমি চিন্তা কৰিছো নুমলীগড় আৰু গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেদি পথ নিৰ্মাণ কৰিম৷ কাজিৰঙাৰ ওপৰত ৩২ কিলমিটাৰ উৰণীয়া সেতু হব৷ জিলাই জিলাই মেডিকেল কলেজ হব৷ এক লাখ চাকৰিৰ পিছত এতিয়া আৰু ৫০, ০০০ লৰা-ছোৱালীক চাকৰি দিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷ ৰেচন কাৰ্ড থকা সকলোৱে অৰুণোদয় পাব৷ ‘মোডী কি গেৰাণ্টী, মামা কি ৱাৰেণ্টি’ বুলি আশ্বাস মুখ্যমন্ত্ৰীগৰাকীৰ৷ ‘লৰাৰ পঢ়াৰ দায়িত্ব মাক-দেউতাকে লব৷ ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাই লব’৷ ইফালে লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী৷ ‘জাহাজ পাৰ্টি আহিব৷ কোনেও এই বিলাক কথা নকয়৷ কেৱল জয় আই অসম’ বুলি কয়৷ এই নিৰ্বাচনী সভাতে অসম জাতীয় পৰিষদৰ নেতা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা বিগত বিধানসভা নিৰ্বাচনৰ মৰাণ সমষ্টিৰ অজাপ প্ৰাৰ্থী সঞ্জীৱ চাংমাইয়ে বিজেপিত যোগদান কৰে৷ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে নিৰ্বাচনী সভাত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক চক্ৰধৰ গগৈ, অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাৰ লগতে বহুকেইগৰাকী দলৰ জেষ্ঠ কৰ্মকৰ্তা৷  ইফালে মুখ্যমন্ত্ৰীৰ ‘কা’ সম্পৰ্কীয় মন্তব্যক উভতি ধৰি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয়–‘অসম পুলিচেহে ৫ শ্বহীদক হত্যা কৰিছিল৷ ইয়াৰ বাবে তেওঁলোকে ক্ষমা বিচাৰিব লাগে৷ যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে ‘কা’ অধীনত কোনো বিদেশীয়ে আৱেদন কৰা নাই, গতিকে ‘কা’ খন বাতিল কৰক৷ আমাৰ মতে ১৫-২০ লাখ লোকে লগে লগে নাগৰিকত্ব পাব৷ লুৰীণজ্যোতি গগৈ বা আমাৰ ‘কা’ আন্দোলনকাৰীসকলে কোনো মানুহক শ্বহীদ কৰা নাই৷