Logo
image

চৰকাৰী চাকৰিত দুৰ্নীতি হোৱা নাইঃ মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ টেঙাখাতৰ প্ৰতিবেদকঃ অসম বৰ্তমান শান্তি-সম্প্ৰীতিৰ দিশত গতি কৰিছে৷ অসমৰ মহিলাই অৰুণোদয় আঁচনিৰ সুফল পোৱাৰ বিপৰীতে দুৰ্নীতি অবিহনে নিবনুৱাই চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে ৷ কেন্দ্ৰীয় চৰকাৰে মানুহৰ জীৱনৰ নিৰাপত্তাৰ বাবে স্বাস্থ্য বীমা, জীৱন বীমা আদিৰ দৰে অভিলাষী আঁচনি গ্ৰহণেৰে ৰাইজক সকাহ দিয়াৰ চেষ্টা চলাইছে৷ শেহতীয়াকৈ চৰকাৰে জিলাই জিলাই চিকিৎসালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদি স্থাপন কৰিছে৷  হিতাধীকাৰীৰ বাবে বিনামূলীয়া চাউল সুলভ কৰি দিয়া হৈছে৷ বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ নখঙীয়াত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়৷ তেওঁ চৰকাৰী আঁচনিসমূহৰ যোগেদি ৰাইজ কেনেদৰে উপকৃত হৈছে সেই বিষয়ে বিভিন্ন উন্নয়নমূলক আচঁনিৰ খতিয়ান দাঙি ধৰি ডিব্ৰুগড় জিলাৰ পৰা এগৰাকী ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ব পৰা জনপ্ৰতিনিধিক নিৰ্বাচিত কৰিবলৈ আহ্বান জনায়৷ ভাষণ প্ৰসংগত তেওঁ কংগ্ৰেছ, অসম জাতীয় পৰিষদৰ দৰে বিৰোধী দলবোৰৰ বিভিন্ন নেতিবাচক দিশৰ বিষয়েও উল্লেখ কৰে৷ দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰছ গোৱালাই আঁত ধৰা এই জনসভাত গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ, প্ৰিয়নাথ চেতিয়া, ৰাজেন কুমাৰ আদিকে ধৰি কেইবাগৰাকীও বিজেপি দলীয় নেতাই অংশগ্ৰহণ কৰে৷