Logo
image

চাহ শ্রমিকক আটাইতকৈ বেছি প্ৰতাৰণা কৰিছে বিজেপিয়েঃ সাংসদ অজিত কুমাৰ ভূঞা

'আমাৰ অসম'ৰ মহানগৰ সংবাদ, ১২ এপ্রিলঃ বিজেপিয়ে বিগত ১০ বছৰত সাধাৰণ খাটি খোৱা মানুহক যিমানবোৰ প্ৰতাৰণা কৰিলে তাৰ ভিতৰত এই প্ৰতাৰণাৰ তালিকাত অসমৰ প্ৰেক্ষাপটত শীৰ্ষত আছে চাহ শ্রমিকসকল। শুকুৰবাৰে সাংবাদিকক সম্বোধন কৰি এই মন্তব্য কৰে জাতীয় দল, অসমৰ সভাপতি আৰু ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। 

সাংসদ ভূঞাই কয় যে চাহ শ্রমিকসকলক সম্পূর্ণ নিজৰ ভোটবেংক হিচাপে ব্যৱহাৰ কৰিছে বিজেপি চৰকাৰে। বিজেপিয়ে এফালে নিৰ্বাচনৰ পুঁজিৰ স্বাৰ্থত চাহ বাগানৰ মালিকৰ লগত সু-সম্পৰ্ক ৰক্ষা কৰি আহিছে, আনফালে চাহ শ্রমিকসকলক বিভিন্ন টোপ দি ভোটবেংক হিচাপে ব্যৱহাৰ কৰিছে। মালিকৰ লগত সু-সম্পর্ক থকা বিজেপিয়ে কেতিয়াও শ্ৰমিকৰ দাবী পূৰণ কৰিব নোৱাৰে। তাতকৈ ডাঙৰ কথা হ'ল, অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত ১০খনৰ বেছি বাগান থকাৰ অভিযোগ উত্থাপন হৈছে। গতিকে এই শাসনত বাগানৰ শ্রমিকসকলে ন্যায় নোপোৱাটোৱেই স্বাভাবিক। যোৱা ১০ বছৰৰ প্ৰত্যেকটো নিৰ্বাচনত চাহ শ্রমিকসকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ প্রতিশ্রুতি দিছিল চৰকাৰে। অথচ আজিৰ দিনত চাহ শ্ৰমিকৰ দৈনিক মজুৰি মাত্র ২২০ টকা। চাহ শ্রমিকসকলক মাটিৰ পট্টা, চাহ জনগোষ্ঠীৰ অনুসূচীকৰণ-এইবোৰ প্ৰত্যেকটো নির্বাচনত বিজেপিৰ প্ৰতিশ্রুতি আছিল। কিন্তু এতিয়া সকলোবোৰ বিৰাট ডাঙৰ শূন্য। এতিয়া আটাইতকৈ ডাঙৰ কথাটো হৈছে বাগানসমূহৰ বিক্ৰী। অসম চাহ নিগমৰ যিমানবোৰ বাগান বিক্ৰী হৈছে, সেই বাগানবোৰৰ শ্ৰমিকসকলে দৈনিক মজুৰি নোপোৱাৰ অভিযোগ উঠিছে। এইটো অতি ভয়ংকৰ কথা। যদি মজুৰিয়ে লাভ নকৰে, তেন্তে শ্রমিকসকলে কেনেকৈ জীয়াই থাকিব? বাগানবোৰ যিমানেই বিক্ৰী হ'বলৈ ধৰিছে সিমানেই মজুৰি, ভাট্টা এই সমস্যাসমূহ বৃদ্ধি হৈছে। বহুত বাগানৰ মালিক এতিয়া স্বয়ং চৰকাৰৰ কেইবাজনো মন্ত্ৰী, বিধায়কৰ পৰিয়াল। ৰাস্তাৰ পৰা দুয়োফালে বাগানসমূহৰ ১০ শতাংশ মাটি বিক্ৰী হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই প্রক্রিয়াত ভূক্তভোগী হ'ব শ্রমিকসকলেই। চাহ বাগানসমূহত পর্যাপ্ত গুণগত মানদণ্ডৰ স্কুল, হাস্পতাল নাই। যিসমূহ আছিল সেইসমূহো এতিয়া বন্ধ হ'বলৈ লৈছে। যদি পুনৰ বিজেপি চৰকাৰ শাসনলৈ আহে অসমৰ প্ৰায় ১ কোটি চাহ শ্ৰমিকৰ জীৱনলৈ যে অতি ভয়াবহ দিন নামি আহিব সেইয়া খাটাং হৈ পৰিছে। নিজৰ প্ৰাপ্য দাবীৰ কাৰণে চাহ শ্ৰমিকসকল ৰাস্তাত ওলাই আহিবলৈ বাধ্য হৈছে আৰু অতি শেহতীয়াকৈ খোৱাং বাগানত শ্রমিকসকলে যি আন্দোলন কৰিছে সেয়াই তাৰ জ্বলন্ত উদাহৰণ। মজুৰি, মাটি, অনুসূচীকৰণৰ স্বাৰ্থত চাহ শ্রমিকসকলে বিজেপি চৰকাৰক পৰাস্ত কৰিবই লাগিব। ন'হলে ভয়াবহ বিপদ হোৱাটো নিশ্চিত।