Logo
image

প্লেবেক ছিংগাৰ হ'ল হিমন্ত বিশ্ব শৰ্মা, ওঁঠ লৰাই আছে আজমলেঃ ৰকিবুল হুছেইন

'আমাৰ অসম'ৰ লক্ষীপুৰৰ প্ৰতিবেদক, ১৫ এপ্ৰিলঃ "ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰৰ পৰা অৱসান বিছাৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰৰ পৰা অৱসান পাবলৈ হ'লে তেওঁৰ ৰাজনৈতিক বন্ধু বদৰুদ্দিন আজমলক পৰাস্ত কৰিব লাগিব৷"-এই মন্তব্য ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ। 

গোৱালপাৰা পশ্চিম সমষ্টিৰ জয়পুৰত দেওবাৰে নিশা ১০ বজালৈ অনুষ্ঠিত কংগ্ৰেছ দলৰ কৰ্মীসভাত উপস্থিত থাকি বদৰুদ্দিন আজমলৰ লগতে মুখ্যমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লয় ৰকিবুল হুছেইনে৷ তেওঁ  কয়, "হিমন্ত বিশ্ব শৰ্মাই ৰাইজক অত্যাচাৰ চলাইছে।সাংবাদিকক অত্যাচাৰ চলাইছে৷ সাংবাদিকে তেওঁক কিবা প্ৰশ্ন কৰিলে মালিকক কোৱাৰ ভাবুকি দিয়ে৷ শুই থকা ল'ৰা-ছোৱালীৰ ঘৰবোৰ ভাঙি দিয়া অত্যাচাৰ, ডেকা ল'ৰাবোৰক উঠাই লৈ গৈ বুকু আৰু ভৰিত গুলিয়াই অত্যাচাৰ, গুৱাহাটীৰ মাজ-মজিয়াত হাতী লগাই ঘৰ ভাঙি দিয়া অত্যাচাৰ, স্বামীক বিছনাৰ পৰা উঠাই লৈ গৈ জে'লত ভৰোৱা অত্যাচাৰ, বিদ্যুৎ বিলৰ অত্যাচাৰ, যান-বানহত বিভিন্ন টেক্স লগোৱা অত্যাচাৰ চলাইছে। নিৰ্বাচন যাব, তথাপি তেওঁৰ কৰা অত্যাচাৰৰ কথা কৈ শেষ নহ'ব৷" 

ইপিনে নামাজ আদায় কৰাৰ বাবে আজমলে গৌৰৱ গগৈক ভোট দিব নালাগে বুলি কোৱা সংক্ৰান্তত ৰকিবুল হুছেইনক সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "বদৰুদ্দিন আজমলৰ কি হৈছে আমি বুজি নাপাও। তেওঁ এদিন কৈছে মুছলমান লোকসকল চোৰ-ডকাইট৷ মুছলমানে ধৰ্ষণ কৰে, সেই কাৰণে জে'লত যায়। আনদিনা কৈছে ছোৱালী দেখিলে মুছলমান ল'ৰাৰ তেজ গৰম হৈ যায়। আজি আকৌ কৈছে গৌৰৱ গগৈক হিন্দু মানুহে ভোট দিব নালাগে। তেতিয়া হ'লে কাক দিব লাগিব। বিজেপিক নেকি ? এই কথা বদৰুদ্দিন আজমলে কোৱা নাই৷ হিমন্ত বিশ্ব শৰ্মাৰ মতে কথা কৈছে বদৰুদ্দিন আজমলে৷"

সভাত জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাবুদ্দিন মোল্লা,  গোৱালপাৰা পূৱ সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলম, বিলাসী পাৰা পশ্চিম সমষ্টিৰ প্ৰাক্তন বিধায়ক আলি আকবৰ মিঞা, গোৱালপাৰা জিলা কংগ্ৰেছ কমিটিৰ সভাপতি দিগন্ত মেধি, কংগ্ৰেছৰ যুৱনেতা বদিৰ উদ্দিন মোল্লা, ছাইফুল ইছলাম, উছুমুদ্দিন আহমেদকে ধৰি ভালেমান নেতা উপস্থিত আছিল।‌ সভাত গোৱালপাৰা জিলা ইউডিএফৰ উপ-সভাপতি জেহিৰুল ইছলাম, ইউডিএফৰ গোৱালপাৰা জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ছাহানুৰ ইছলাম, খৰমুজা গাওঁ পঞ্চায়তত ইউডিএফৰ দলৰ পৰা সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰা মনোৱাৰ হুচেইনসহ সহস্ৰাধিক এআইইউডএফ দলৰ কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে।