Logo
image

ৰঙালীৰ আনন্দৰ মাজতে কাজিৰঙাত অঘটনঃ বনৰীয়া ম'হৰ আক্ৰমণত নিহত বনকৰ্মী

'আমাৰ অসম'ৰ কাজিৰঙাৰ প্ৰতিবেদক, ১৫ এপ্ৰিলঃ ৰঙালীৰ আনন্দ-উল্লাস চলি থকাৰ সময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে অঘটন৷ সোমবাৰে বনৰীয়া ম'হৰ আক্ৰমণত এজন বনকৰ্মী নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়।

ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ হাতী বন শিবিৰৰ অধীনত সোমবাৰে পুৱাৰ ভাগত এই শোকাৱহ ঘটনা সংঘটিত হয়। জানিব পৰা মতে, বনাঞ্চলত দুজন হাতী মাউতে কৰ্তব্যৰ খাতিৰত অৰণ্যৰ মাজলৈ যাওঁতে এটা প্ৰকাণ্ড বনৰীয়া ম'হে দুয়োকে আক্ৰমণ কৰে। ম'হৰ আক্ৰমণত কহঁৰা আৰক্ষী চকীৰ অধীনত ১ নং কহঁৰা গাঁৱৰ পিলখানা নিবাসী হবেল মমিনৰ পুত্ৰ অপু মমিন (৩২) আৰু একে গাঁৱৰে নিবাসী সোণেশ্বৰ ৰাভা (৩৩) গুৰুতৰভাৱে আহত হয়। আহত দুই বনকৰ্মীক আন বনকৰ্মীয়ে অৰণ্যৰ মাজত পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়৷ 

ইফালে চিকিৎসালয়লৈ নিয়াৰ পথতে অপু মমিনৰ মৃত্যু হয়। আনহাতে গুৰুতৰভাৱে আহত আনজন বনকৰ্মীক উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় বুলি বিভাগীয় সূত্ৰে প্ৰকাশ কৰিছে ।