Logo
image

ডাবৰ পানীয়ে কলেষ্টেৰলৰ মাত্ৰা কমোৱাত সহায় কৰে

জলবায়ুৰ পৰিৱৰ্তন বা প্ৰদূষণৰ মাত্ৰা বৃদ্ধিৰ লগে লগে ক্ৰমাৎ তাপমাত্ৰা বাঢ়িবলৈ আৰম্ভ কৰিছে৷ এনে অৱস্থাত তৃষ্ণা নিবাৰণ আৰু দেহ শীতল কৰিবলৈ বিভিন্নজনে শীতল পানীয়ৰ প্ৰতি আকৰ্ষিত হোৱা আৰম্ভ কৰিছে৷ কিন্তু শীতল পানীয়ৰ সলনি ডাবৰ পানী খালে তৃষ্ণা নিবাৰণৰ লগতে শৰীৰ শীতল হোৱাৰ উপৰি বিভিন্ন উপকাৰ পোৱা যায়৷ উল্লেখ কৰা হ’ল ডাবৰ পানীৰ পৰা পাব পৰা উপকাৰিতাসমূহ– 

- স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে ডাবৰ পানীত বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ উপাদান থাকে৷ ইয়াৰ ভিতৰত কেইটামান উল্লেখনীয়  উপাদান হৈছে মেংগানিজ, কপাৰ, ছেলেনিয়াম, আইৰণ, ফচফৰাছ, পটাছিয়াম আৰু ছডিয়াম৷ স্বাস্থ্য সুস্থ ৰাখিবলৈ এইকেইটা উপাদান অতি জৰুৰী৷ সেয়ে গৰমত শীতল পানীয়ৰ প্ৰতি আকৃষ্ট নহৈ ডাবৰ পানী খাওক৷ 

- ডাবৰ পানীয়ে দেহত পানীৰ চাহিদা পূৰণ কৰে৷ ডায়েৰিয়া, বমি বা অত্যধিক ঘামিলে শৰীৰত খনিজ উপাদান কমি আহে৷ এনেকুৱা সমস্যা হ’লে খনিজ উপাদানৰ অভাৱ পূৰণ কৰিবলৈ ডাবৰ পানী খোৱা কৰিব পাৰে৷

- ৱেষ্ট ইণ্ডিয়ান মেডিকেল নামৰ স্বাস্থ্য সম্পৰ্কীয় আলোচনী এখনৰ সমীক্ষা মতে ডাবৰ পানীত থকা উপাদানসমূহে ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে৷

- দেহৰ ক্ষতিকাৰক কলেষ্টেৰ’ল বা এল ডি এলৰ পৰিমাণ কমাই হৃদযন্ত্ৰ ভালে ৰখাত সহায় কৰে ডাবৰ পানীয়ে৷ তদুপৰি দেহৰ বাবে উপকাৰী কলেষ্টেৰ’লৰ মাত্ৰা বঢ়াই হৃদৰোগৰ আশংকা নাইকিয়া কৰে ডাবৰ পানীয়ে৷

- ডাবৰ পানীত থকা এণ্টি অক্সিডেণ্টে শৰীৰৰ বিভিন্ন কোষসমূহৰ যতন লয়৷

- ডাবত থকা চাইট’কিনিছ নামৰ এণ্টি এজিং নামৰ উপাদানবিধে দেহত বয়সৰ চাপ পৰাত বাধা দিয়ে৷ 

- ডাবৰ পানীত থকা প্ৰচুৰ পৰিমাণৰ কেলছিয়াম আৰু মেগনেছিয়ামে হাড় মজবুত কৰি ৰখাত সহায় কৰে৷ তদুপৰি তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰাখে ডাবৰ পানীয়ে৷