Logo
image

ৰাহুলৰ হেলিকপ্টাৰত ফ্লায়িং স্কোৱাডৰ তালাচী

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৬ এপ্ৰিলঃ বিজেপিৰ কোনো ষ্টাৰ কেম্পেইনাৰ বা শীৰ্ষস্থানীয় নেতা এই পৰ্যন্ত নিৰ্বাচন আয়োগৰ ফ্লায়িং স্কোৱাডৰ তালাচীৰ সন্মুখীন নহ’লেও কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জীৰ হেলিকপ্টাৰ উপৰ্যুপৰি একেদিনাই তালাচীৰ কৱলত পৰিছে৷ দেওবাৰে পশ্চিম বংগত অভিষেক বেনাৰ্জীৰ নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ কৰা হেলিকপ্টাৰত ফ্লায়িং স্কোৱাডে তালাচী চলোৱাৰ পাছত একেদিনাই তামিলনাডুৰ নীলগিৰিত ৰাহুল গান্ধীৰ হেলিকপ্টাৰত তালাচী চলায়৷ সেই হেলিকপ্টাৰত ৰাহুল গান্ধী তেওঁ প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টি কেৰালাৰ ৱেইনাড়লৈ গৈছিল৷ নীলগিৰিত ৰাহুল গান্ধীৰ হেলিকপ্টাৰে অৱতৰণ কৰাৰ পাছত নিৰ্বাচন আয়োগৰ ফ্লায়িং স্কোৱাডে তালাচী চলালেও দলটোৱে কোনো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা নাই বুলি প্ৰকাশ৷ অভিষেক বেনাৰ্জীৰ হেলিকপ্টাৰ আয়কৰ বিভাগৰ বিষয়াই তালাচী চলোৱাত তৃণমূল কংগ্ৰেছ ক্ষুব্ধ হৈছে৷ বেহালাৰ ফ্লায়িং ক্লাবত এই তালাচী চলোৱা হৈছিল৷ পাছত দলটোৱে অভিষেক বেনাৰ্জীয়ে হলদিয়াৰ নিৰ্বাচনী সভালৈ যাবলগীয়া হেলিকপ্টাৰখনৰ অনুশীলন উৰণতো বাধাদান কৰে৷