Logo
image

তিতাবৰত গৌৰৱৰ হৈ প্ৰিয়ংকাৰ প্ৰচাৰঃ প্ৰতিকূল বতৰকো নেওচি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ জনতা, সংবিধান ৰক্ষাৰ স্বাৰ্থত বিজেপিক শাসনৰ পৰা উৎখাত কৰাৰ আহ্বান

'আমাৰ অসম'ৰ তিতাবৰৰ বিশেষ প্ৰতিবেদক , ১৬ এপ্ৰিলঃ যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মঙলবাৰে তিতাবৰত উপস্থিত হয় প্ৰিয়ংকা গান্ধী৷ পুৱাৰে পৰা তিতাবৰত বিঘ্নিত বতৰে প্ৰতিকুলতাৰ সৃষ্টি কৰাৰ পাছতো হাজাৰ হাজাৰ কংগ্ৰেছী সমৰ্থকে ৰাজপথলৈ ওলাই আহি গৌৰৱ গগৈৰ সমৰ্থনত ৰাজপথত নাচি-বাগি আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। নেৰানেপেৰা বৰষুণৰ মাজতো নিৰ্ধাৰিত সময়তকৈ এঘণ্টা পলমকৈ প্ৰিয়ংকা গান্ধীয়ে যোৰহাটস্থিত ৰৰৈয়া বিমান বন্দৰৰ পৰা তিতাবৰ চাৰিআলিত উপস্থিত হোৱাৰ লগে লগে কংগ্ৰেছৰ সমৰ্থকসকল পাৰভঙা উছাহত মতলীয়া হোৱা পৰিলক্ষিত হয়। 

কংগ্ৰেছ নেত্ৰীগৰাকী তিতাবৰত উপস্থিত হোৱাৰ লগে লগে তেওঁৰ বাবে সাজু কৰি থোৱা এখন পুষ্পসজ্জিত বাহনত উঠি কংগ্ৰেছ কৰ্মীসকলক অভিবাদন জনায়। লগে লগে কংগ্ৰেছ সমৰ্থকসকলে প্ৰিয়ংকা গান্ধী জিন্দাবাদ, ৰাহুল গান্ধী জিন্দাবাদ, গৌৰৱ গগৈ জিন্দাবাদ ধ্বনিৰে সমগ্ৰ পৰিৱেশ মুখৰিত কৰি তোলে। সমৰ্থকৰ হৰ্ষোল্লাসৰ মাজতে কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰি অসমৰ কেবাটাও জ্বলন্ত সমস্যাৰ বিষয়ে ৰাজহুৱাকৈ সৰ্বভাৰতীয় কংগ্ৰেছ নেত্ৰীগৰাকীৰ সন্মুখত উপস্থাপন কৰে। যদিহে অষ্টাদশ লোকসভা গঠন কৰিবলৈ কংগ্ৰেছ দল সক্ষম হয়, তেন্তে অসমৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত আইন প্ৰস্তুত কৰা, মৰাণ, মটক , আহোম , চুতীয়াকে ধৰি ছয় জনগোষ্ঠীক জনজাতি মৰ্যদা প্ৰদান কৰা, মূল্যবৃদ্ধি ৰোধ কৰি সাধাৰণ জনতাৰ জীৱন-ধাৰণৰ মান উন্নীত কৰা বিষয়ত সমবেত জনতাক উদ্দেশি ভাষণ প্ৰদান কৰিবলৈ গৌৰৱ গগৈয়ে আহ্বান জনায়। হাজাৰ হাজাৰ লোকৰ সন্মুখত ভাষণ প্ৰদান কৰিবলৈ লৈয়ে প্ৰতিকুল বতৰকো নেওচি কংগ্ৰেছৰ সমৰ্থনত তিতাবৰৰ মানুহৰ অভূতপূৰ্ব সমৰ্থন দেখি অভিভূত হোৱাৰ লগতে তিতাবৰৰ জনতাই দেশৰ ৰাজনীতিৰ পট-পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে বুলি উল্লেখ কৰে। 

কংগ্ৰেছ দলৰ প্ৰতি দেখুওৱা তিতাবৰৰ জনতাৰ উছাহে দেশত নতুন দিগন্তৰ সূূূচনা হ'ব বুলি উল্লেখ কৰি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক কংগ্ৰেছৰ ৰাজনৈতিক ইতিহাসৰ এগৰাকী নিকা আৰু সুন্দৰ মনৰ ভাল ব্যক্তি বুলি ব্যাখা আগবঢ়ায়। একেদৰে তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়েও বিগত সময়ত নিজস্ব প্ৰতিভাৰে উজ্বলি উঠাৰ লগতে ভৱিষ্যতৰ দিনত তেওঁ দেশৰ বাবে বহুত কৰিব পাৰিব বুলি মন্তব্য কৰে। প্ৰায় পোন্ধৰ মিনিটজোৰা ভাষণৰ সময়ছোৱাত প্ৰিয়ংকা গান্ধীয়ে সমাগত লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় বিজেপিৰ নেতৃত্বত দেশত এতিয়া সাধাৰণ মানুহৰ জীৱন-ধাৰণৰ সমস্যাই দেশবাসীক চিন্তিত কৰি তুলিছে। বিজেপিৰ নেতৃত্বত ভয়ংকৰভাৱে বৰ্ধিত ভ্ৰষ্টাচাৰ আৰু মূল্যবৃদ্ধিয়ে দেশৰ জনতাক কোঙা কৰি পেলাইছে। বিজেপিৰ নেতৃত্বত মূল্যবোধৰ ৰাজনীতিৰ পৰিৱৰ্তে জাতিভেদ আৰু ধৰ্মীয় মেৰুকৰণেৰে দেশত অস্থিৰতাৰ সৃষ্টি বিভাজনমুখী মানসিকতাৰ পৰিৱেশ ৰচনা কৰিছে। সমাগত লোকসভা নিৰ্বাচনত দেশৰ জনতাই এইবাৰ বিজেপিক শাসনৰ গাদীৰপৰা উৎখাত কৰিবলৈ বুকুত সাহস আৰু মনত সংকল্প লৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। জনতাই বুজি উঠিছে এইবাৰ যদি বিজেপিক পুনৰ শাসনৰ গাদীত বহুওৱা হয় তেন্তে দেশৰ স্বাধীনতাৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলৰ আত্মবলিদান অথলে যাব, শ্বহীদৰ চৰম ত্যাগৰ বিনিময়ত ৰচনা হোৱা সংবিধানৰ প্ৰতি ভাবুকি আহিব। কিন্তু কংগ্ৰেছ দল দৃঢ়প্ৰতিজ্ঞ কংগ্ৰেছে দেশৰ সংবিধানৰ সুৰক্ষিত কৰি ৰাখিব, সংবিধানৰ আধাৰত প্ৰতিগৰাকী লোকে সমমৰ্যদাৰে জীয়াই থকাৰ অধিকাৰ লাভ কৰিব। কেন্দ্ৰত চৰকাৰ পৰিৱৰ্তন হোৱাৰ লগে লগে অসমৰ চাহ শ্ৰমিকৰ ন্যূন্যতম মজুৰি বৃদ্ধিৰ আইন ৰূপায়ণ কৰা, সংবিধানৰ আধাৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা হ'ব বুলি সৰ্বভাৰতীয় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে উল্লেখ কৰে। 

ইয়াৰ পিছতে প্ৰায় দহ সহস্ৰাধিকৰো অধিক লোকৰ সমদলেৰে তিতাবৰ চাৰিআলিৰ পৰা তিতাবৰ ন-আলিলৈ তিনিকিলোমিটাৰ জোৰা ৰেলীত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে অংশ লয়। তিতাবৰৰ ৰাজীৱ ভৱনত প্ৰৱেশ কৰি তেওঁ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জ্ঞাপন কৰে। বিশাল সমদলটোৰ কেবাঠাইতো কংগ্ৰেছ নেত্ৰীগৰাকীক অসমীয়া বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকনৃত্যৰে অভিবাদন জনায়। ২ বজাত প্ৰিয়ংকা গান্ধীয়ে তিতাবৰৰ ভ্ৰমণসূচী সামৰি ন-আলিৰ পৰা পুনৰ যোৰহাটৰ বিমান বন্দৰ অভিমুখে ৰাওনা হয়। অসম প্ৰদেশ কংগ্ৰেছৰ কেন্দ্ৰীয় তত্বাৱধায়ক জিতেন্দ্ৰ সিঙ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা অলকা লাম্বা, বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, শিৱামণি বৰাকে ধৰি কংগ্ৰেছৰ বহু নেতা উপস্থিত থাকি প্ৰিয়ংকা গান্ধীক সংগ দিয়ে।