Logo
image

আজিৰ পৰা ১৯ এপ্ৰিললৈ সুৰা নিষিদ্ধ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৭ এপ্ৰিলঃ সমাগত ১৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটৰ বাবে ৰাজ্যৰ ৫টা লোকসভা সমষ্টিৰ অন্তৰ্গত জিলা কেইখনত  বুধবাৰৰ পৰা ৪৮ ঘণ্টাৰ বাবে ড্ৰাই ডে’ ঘোষণা কৰা হৈছে৷ ইয়াৰোপৰি মেঘালয়ৰ প্ৰথম পৰ্যায়ৰ ভোটৰ বাবেও বুধবাৰে বিয়লি ৪ বজাৰ পৰা ১৯ এপ্ৰিললৈ কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা কৰা হৈছে৷ উল্লেখ্য, অসমত প্ৰথম পৰ্যায়ত ডিব্ৰুগড়, যোৰহাট, কাজিৰঙা, লখিমপুৰ আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত৷ সেই অনুসৰি কাইলৈ ৫ বজাৰ পৰা উক্ত ৫টা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিব৷ কিন্তু নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিলেও ৰাজনৈতিক দলসমূহে যাতে ভোটাৰক প্ৰৰোচিত কৰাৰ বাবে সুৰা বিতৰণ কৰিব নোৱাৰে, সেই সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে৷ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি উক্ত ৫ টা লোকসভা সমষ্টি অন্তৰ্গত জিলাসমূহত সংশ্লিষ্ট জিলা আয়ুক্তই ১৭ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ১৯ এপ্ৰিলৰ বিয়লি ৫ বজালৈ সম্পূৰ্ণ ৪৮ ঘণ্টাৰ বাবে ড্ৰাই ডে’ ঘোষণা কৰা হৈছে৷ এই সময়ছোৱাত লগতে মেঘালয়ৰ ৰি-ভয় জিলাত হোৱা নিৰ্বাচনৰ বাবে কামৰূপ মহানগৰ জিলাতো ড্ৰাই ডে’ ঘোষণা কৰা হৈছে৷ উক্ত ৪৮  ঘণ্টাত জিলাখনত সুৰাৰ সেৱন, সৰবৰাহ তথা ক্ৰয়-বিক্ৰয় সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে৷ লগতে সুৰাৰ পাইকাৰী আৰু খুচুৰা বিপনী বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে৷ কোনো ব্যক্তি অথবা প্ৰতিষ্ঠানে উল্লেখিত নিয়ম ভংগ কৰিলে জনপ্ৰতিনিধি আইন, ১৯৫১ ৰ ১৩৫ (গ) ধাৰা তথা আবকাৰী আইনৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সকীয়াই দিছে৷ উল্লেখ্য কাষৰীয়া ৰাজ্য নাগালেণ্ডতো প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত শান্তি-শৃংখলা অটুট ৰখাৰ স্বাৰ্থত কাৰ্বি আংলং জিলাতো ৪৮ ঘণ্টাৰ বাবে ড্ৰাই ডে’ ঘোষণাৰ নিৰ্দেশনা জাৰি কৰা হৈছে৷