![image](https://aamarasom.com/uploads/posts/gfhfff.jpg1713364602.jpg)
ভৱেশ কলিতাৰ বিস্ফোৰণঃ অসমত কংগ্ৰেছ শেষ হৈছে, কেইবাজনো বিধায়কে বিজেপিত যোগদানৰ বাবে সাজু হৈ আছে
'আমাৰ অসম'ৰ ৰঙিয়াৰ বিশেষ প্ৰতিবেদক, ১৭ এপ্ৰিলঃ "অসমত কংগ্ৰেছ শেষেই হৈছে৷ এইবাৰ বিৰোধীহীন নিৰ্বাচন হ'ব৷ কংগ্ৰেছৰ হৈ যিয়েই বেছি কথা কয়, তেওঁৱেই পিছদিনা বিজেপিত আহি যোগদান কৰে। কেবল এয়াই নহয় কংগ্ৰেছৰ কেইবাজনো বিধায়কে বিজেপিত যোগদান কৰিবলৈ সাজু হৈ আছে। বহুতেই মন্ত্ৰী বিচাৰি আছে৷ লিষ্টখন দিলেই আপোনালোকে মূৰে কপালে হাত দিব। বহু বিধায়কে বিজেপিত আহিব নোৱাৰি অগপক যোগাযোগ কৰিছে৷ বহু কেইগৰাকী কংগ্ৰেছ বিধায়কে ঠেং দাঙি আছে৷" -এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ।
ৰঙিয়াৰ অগপৰ কাৰ্যালয়ত দলীয় কৰ্মীসকলৰ লগত অনুষ্ঠিত হোৱা সভাত ভৱেশ কলিতাই কংগ্ৰেছক সমালোচনা কৰে। লগতে কলিতাই দৰং ওদালগুৰি সমষ্টিত ৪ লাখ ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই জয়লাভ কৰিব বুলি মন্তব্য কৰে।
ইফালে দৰং ওদালগুৰিত বি পি এফৰ প্ৰাৰ্থী প্রক্ষেপে ভোটত প্ৰভাৱ পেলাব নেকি বুলি সোধাত এক প্ৰশ্নৰ উত্তৰত প্ৰাৰ্থী দিলীপ শইকীয়াই কয় যে হাগ্ৰামা মহিলাৰীয়ে ২০২৫ৰ নিৰ্বাচনৰ বাবেহে দৰং ওদালগুৰিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। লগতে তেওঁ কয় যে এইবাৰ দলে গুৰু দায়িত্ব দিলেও তেওঁ গ্ৰহণ নকৰে৷ কিয়নো এইবাৰ সমষ্টিৰ ৰাইজৰ মাজতে থাকিব বুলি কয় শইকীয়াই৷