Logo
image

মোদীৰ গেৰাণ্টী বনাম কংগ্ৰেছৰ ‘ন্যায়-যুদ্ধ’

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৮ এপ্ৰিলঃ ৫ বছৰ পূৰ্বে যেতিয়া ২০১৯ চনত নৰেন্দ্ৰ মোদী দ্বিতীয়টো কাৰ্যকালৰ লক্ষ্যৰে নিৰ্বাচনী যুঁজত নামিছিল, তেতিয়া পুলৱামাৰ সৌজন্যত ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ-যুদ্ধ ভাৱ৷ উভয় দেশৰ আকাশত যুদ্ধ বিমানৰ ‘ডগ ফাইট’৷ ফলত ভোটৰ সোঁত দলৰ পক্ষে ঘূৰাই নিয়া সহজসাধ্য হৈছিল৷ দেশভক্তিৰ ভোট পৰিছিল বিজেপিৰ পক্ষত৷

এইবাৰ পিছে সেই পৰিৱেশ নাই৷ ভাৰতৰ নিৰ্বাচনৰ মাজত সদায় ‘সোমাই’ থকা পাকিস্তান এইবাৰ অনুপস্থিত৷ এই পৰিৱৰ্তিত পৰিস্থিতিত ১৯ এপ্ৰিলৰ পৰা অহা ১ জুনলৈকে হ’বলগীয়া দেশৰ সাধাৰণ নিৰ্বাচনত এইবাৰ বিজেপিৰ ব্ৰহ্মাস্ত্ৰ মোদীৰ গেৰাণ্টী৷ বিগত ১০ বছৰত নৰেন্দ্ৰ মোদী চৰকাৰে ৰূপায়ণ কৰা সামাজিক কল্যাণৰ আঁচনি, সমাজৰ বিভিন্ন বৰ্গৰ প্ৰতি আগবঢ়োৱা সা-সুবিধাৰ কথা দেশৰ ভোটাৰক সোঁৱৰাই দি অহা ৫ বছৰত দেশৰ নাগৰিকক কি কি দিব সেয়া বিজেপিয়ে ‘মোদী কি গেৰাণ্টী’ হিচাপে তুলি ধৰিছে৷ অৰ্থাৎ পাকিস্তান, গুৰুতৰ মেৰুকৰণ, সাম্প্ৰদায়িকতাৰ দৰে নিৰ্বাচনৰ সময়ত সততে ব্যৱহাৰ হোৱা জনপ্ৰিয় ‘ইছ্যু’ৰ অনুপস্থিতিত এইবাৰ বিজেপি নিৰ্বাচনী যুদ্ধত নামিছে মোদীৰ গেৰাণ্টী লৈ৷ ইয়াৰ বিপৰীতে দেশৰ বৃহত্তম বিৰোধী দল কংগ্ৰেছৰ এইবাৰৰ মূল নিৰ্বাচনী অস্ত্ৰ হৈছে ৫টা ‘ন্যায়’ৰ প্ৰতিশ্ৰুতি৷ ফলত শুকুৰবাৰৰ পৰা আৰম্ভ হ’বলগীয়া বিশ্বৰ বৃহত্তম গণতন্ত্ৰৰ দেশখনত ক্ষমতাত অধিষ্ঠিত হোৱাৰ যুদ্ধ হ’ব বিজেপিৰ মোদীৰ গেৰাণ্টী বনাম কংগ্ৰেছৰ ‘ন্যায়’ৰ মাজত৷ কিয়নো বিজেপিক তৃতীয়টো কাৰ্যকালৰ পৰা বিৰত কৰাৰ উদ্দেশ্যে কংগ্ৰেছে এই ভোটযুদ্ধৰ পূৰ্বে দেশবাসীক ৫ টা ‘ন্যায়’ৰ প্ৰতিশ্ৰুতি দিছে৷ যদিহে কংগ্ৰেছ ক্ষমতালৈ আহে, তেন্তে দেশৰ মহিলা, কৃষক, তৰুণ, শ্ৰমিক আৰু ভাগীদাৰিক (অৰ্থাৎ জনসংখ্যা অনুসৰি ক্ষমতাত অংশগ্ৰহণৰ ন্যায়ৰ অধিকাৰ) ন্যায় প্ৰদান কৰিব৷ অৱশ্যে বুধবাৰে সামৰণি পৰা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰত কংগ্ৰেছে বিজেপি চৰকাৰৰ ইলেক্ট’ৰেল বণ্ড কেলেংকাৰি, বিৰোধীক বশ কৰিবলৈ কেন্দ্ৰীয় তদন্তকাৰী দল মেলি দি ক্ষমতাৰ অপপ্ৰয়োগ কৰা, নিবনুৱা সমস্যা ইত্যাদিৰ ওপৰতো নিৰ্ভৰ কৰিছে৷ আনহাতে বিজেপিয়ে মোদীৰ গেৰাণ্টী প্ৰদানৰ লগতে বিৰোধীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে পৰিবাৰতন্ত্ৰৰ ৰাজনীতি, পূৰ্বৰ শাসনৰ দুৰ্নীতি, হিন্দুত্বৰ প্ৰতি অপমানৰ দৰে বিষয়৷ অলেখ ‘ইছ্যু’ থাকিলেও এইবাৰৰ সাধাৰণ নিৰ্বাচন ঘাইকৈ বিজেপিৰ মোদীৰ গেৰাণ্টীৰ বিৰুদ্ধে কংগ্ৰেছৰ ‘ন্যায়’ৰ যুদ্ধই ভোটাৰক আকৰ্ষণ-বিকৰ্ষণ কৰিব৷

প্ৰথম পৰ্যায়ত শুকুৰবাৰে দেশৰ ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ ১০২ টা সমষ্টিত ভোটগ্ৰহণ হ’ব৷ ইয়াৰ ভিতৰত তামিলনাডুৰ ৩৯, উত্তৰাখণ্ডৰ ৫, অৰুণাচল প্ৰদেশৰ ২, মেঘালয়ৰ ২, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ১, মিজোৰামৰ ১, নাগালেণ্ডৰ ১, পুডুচেৰীৰ ১, ছিকিমৰ ১ আৰু লাক্ষাদ্বীপৰ ১ সমষ্টিৰ ভোটগ্ৰহণ প্ৰথম তথা এটা পৰ্যায়তে সম্পন্ন হ’ব৷ এই ১০ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ উপৰি শুকুৰবাৰে প্ৰথম পৰ্যায়ত ৰাজস্থানৰ ১২, উত্তৰ প্ৰদেশৰ ৮, মধ্য প্ৰদেশৰ ৬, অসমৰ ৫, মহাৰাষ্ট্ৰৰ ৫, বিহাৰৰ ৪, পশ্চিমবংগৰ ৩, মণিপুৰৰ ২, ত্ৰিপুৰা, জম্মু-কাশ্মীৰ আৰু ছত্তীশগড়ত ১ টাকৈ সমষ্টিত ভোট গ্ৰহণ হ’ব৷

শুকুৰবাৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ইভিএমত বন্দী হ’ব ৮ জন কেন্দ্ৰীয় মন্ত্ৰী, তিনিজন প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু এজন প্ৰাক্তন ৰাজ্যপালৰ ৰাজনৈতিক ভাগ্য৷ ৰাজনৈতিক ভৱিষ্যৎ নিৰ্ধাৰণ হ’বলগীয়া ৮ কেন্দ্ৰীয় মন্ত্ৰী হৈছে–নীতিন গাডকাৰি, কিৰেণ ৰিজিজু, সৰ্বানন্দ সোণোৱাল, সঞ্জীৱ বালিয়ান, জিতেন্দ্ৰ সিং, ভূপেন্দ্ৰ যাদৱ, অৰ্জুনৰাম মেঘৱাল আৰু এল মুৰুগান৷ আনহাতে তিনি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ অন্যতম সৰ্বানন্দ সোণোৱালৰ নাম এতিয়া কেন্দ্ৰীয় মন্ত্ৰীৰ তালিকাত৷ বাকী দুজন হৈছে ত্ৰিপুৰাৰ বিপ্লৱ দেৱ আৰু অৰুণাচল প্ৰদেশৰ নাবাম টুকী৷ একমাত্ৰ প্ৰাক্তন ৰাজ্যপালজন হৈছে তেলেংগানাৰ টামিলিছাই সুন্দৰৰাজন৷ আনহাতে বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গান্ধীনগৰত বিশাল ৰোড শ্ব’ কৰি মনোনয়ন পত্ৰ দাখিল কৰে৷ উল্লেখ্য, শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ ৬০ খন আৰু ছিকিমৰ ৩২ খন বিধানসভাৰ আসনতো নিৰ্বাচন অনুষ্ঠিত হ’ব৷