Logo
image

প্ৰকৃতিৰ সৈতে আৰব-শ্বেখৰ ল’ৰা-ধেমালিৰ বাবেই ডুবাইৰ বিপৰ্যয়

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৮ এপ্ৰিলঃ সোমবাৰে নিশা হোৱা প্ৰবল বৃষ্টিত মধ্যপ্ৰাচ্যৰ সবাটোকৈ উন্নত-অত্যাধুনিক চহৰ ডুবাই বুৰ যোৱাৰ আঁৰত শ্বেখৰ ল’ৰা-ধেমালি বুলি ছ’চিয়েল মিডিয়াত প্ৰবল চৰ্চা হৈছে৷ যোৱা সোমবাৰে নিশা ডুবাইত ১৪২ মিলিমিটাৰ বৃষ্টিপাত হয় আৰু আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো পানীত বুৰ যোৱাৰ লগতে ১২-১৪ লেনবিশিষ্ট চহৰখনৰ ৰাজপথসমুহো জলমগ্ন হৈ পৰে৷ বৰষুণৰ পানীয়ে উটুৱাই নিয়াৰ ফলত এজন বয়স্ক লোকৰ এই কৃত্ৰিম বানপানীত মৃত্যুও হয়৷ সোমবাৰে এটা নিশাত ডুবাইত যি পৰিমাণৰ বৃষ্টিপাত হৈছিল, সেয়া সাধাৰণতে চহৰখনৰ ডেৰ বছৰৰ বৃষ্টিৰ সমান৷ সেইনিশা ডুবাইৰ পৰা ১৩০ কিলোমিটাৰ দুৰৈৰ চহৰ আল আইনত ২৫৪ মিলিমিটাৰ বৃষ্টিপাত হৈছিল৷
ডুবাই আৰু সমীপৱৰ্তী চহৰত হোৱা এই প্ৰবল বৃষ্টিপাত দেশখনৰ শাসক অৰ্থাৎ শ্বেখৰ খেয়ালি পদক্ষেপৰ বাবেই হোৱা বুলি জনৰৱ উঠিছে৷ ‘ব্লুমবাৰ্গ’ৰ এক প্ৰতিবেদনত ডুবাই বা সংযুক্ত আৰৱ আমিৰশ্বাহীৰ বৰ্ষাশূন্য অঞ্চলত ‘ক্লাউড ছিডিং’ বা ডাৱৰ ৰোপণ কৰি বৰষুণৰ সৃষ্টি কৰাৰ বিষয়ে প্ৰকাশ পাইছিল৷ সেই প্ৰতিবেদন উদ্ধৃত কৰি ছ’চিয়েল মিডিয়াত অসংখ্য নেটিজেন দাবী কৰে, সেই প্ৰক্ৰিয়াত বিজুতি ঘটাৰ বাবেই এই বিপৰ্যয়ৰ সৃষ্টি হ’ল৷ এটা কথা সত্য যে, ডুবাই বা সমীপৱৰ্তী চহৰত বৃষ্টিপাতৰ পৰিমাণ নিচেই কম৷ আকাশত ডাৱৰ গোট খালেও সেই মেঘত জলীয় বাষ্পৰ পৰিমাণ কম হোৱাৰ বাবে বৃষ্টিৰ সৃষ্টি নহয়৷ সেই সমস্যা দূৰ কৰাৰ বাবে ডুবাইৰ শ্বেখে কৃত্ৰিম বৰষুণৰ সৃষ্টি কৰি আহিছে৷ বিদেশৰ বিজ্ঞানীৰ সহায়ত উদ্ভাৱন কৰা এই পদ্ধতি অনুসৰি বিমানত ডাৱৰৰ ওপৰলৈ উৰি গৈ চৰকাৰী বিষয়াই ডাৱৰৰ ওপৰত ছিলভাৰ আয়োডাইডৰ দৰে কণা আৰু অনুকণা ছটিয়াই দিয়ে৷ ইয়াৰ ফলত জলীয় বাস্পৰ সৃষ্টি হয় আৰু কৃত্ৰিমভাৱে হ’লেও বৃষ্টিপাত হয়৷ নেটিজেনে ‘ব্লুমবাৰ্গ’ৰ প্ৰতিবেদন উদ্ধৃত কৰি দাবী কৰিছে, এই ব্যৱস্থাত ত্ৰুটিৰ সৃষ্টি হোৱাৰ বাবেই সোমবাৰে ডুবাইত অস্বাভাৱিক পৰিমাণত বৃষ্টিপাত হ’ল৷ পিছে বতৰ বিজ্ঞানীয়ে সেই দাবীৰ সত্যতা নথকা বুলি কৈছে৷ ডুবাইৰ এই বৃষ্টিপাত সচৰাচৰ হোৱাৰ পৰিমাণৰ তুলনাত অস্বাভাৱিক আছিল যদিও সেয়া কৃত্ৰিম নাছিল বুলি তেওঁলোকে প্ৰকাশ কৰিছে৷ বতৰ বিজ্ঞ ানীৰ মতে এয়া গ্লোবেল ৱাৰ্মিঙৰ ফল আৰু ইয়াৰ পূৰ্বাভাষ বতৰ বিজ্ঞানীয়ে দিছিল৷ আবুধাবি বিশ্ববিদ্যালয়ৰ পৰিৱেশবিদ অধ্যাপক ডিয়ানা ফ্ৰান্সিছৰ মতে কৃত্ৰিম বৃষ্টিপাতৰ প্ৰক্ৰিয়াটো ব্যয়বহুল আৰু সেই প্ৰক্ৰিয়াৰে বছৰত ১০-১৩ ছেণ্টিমিটাৰ পৰিমাণৰহে কৃত্ৰিম বৃষ্টিপাত কৰিব পৰা যায়, সোমবাৰৰ নিশাৰ দৰে মুষলধাৰ বৰষুণ সৃষ্টি কৰিব নোৱাৰি৷ কিন্তু ছ’চিয়েল মিডিয়াৰ নেটিজেনে তেনে ভাষ্য মানি লোৱা নাই আৰু এয়া ডুবাইৰ শ্বেখৰ ল’ৰা-ধেমালি বুলিয়েই দাবী কৰি আছে৷