Logo
image

গৰমৰ পৰা স্বস্তি পাবলৈ ঘৰতে তৈয়াৰ কৰক এনে চৰ্বত

গৰমৰ দিন আহিলেই আমাৰ খাদ্য খোৱাত অনীহা আহে৷ টোপনিতো ব্যাঘাত জন্মে৷ গৱেষকসকলে কৈছে যে প্ৰচণ্ড গৰমত শৰীৰত প্ৰচুৰ তাপ উৎপন্ন হয়৷ লগতে খাদ্যৰ পৰাও বিপাকজনিত তাপ উৎপন্ন হয়৷ ফলত কিছুমান খাদ্য খোৱাৰ ইচ্ছা কমি যায়৷ সেই সময়ত প্ৰচুৰ পৰিমাণে পানী খাই তৃষ্ণা দূৰ কৰা হয়৷ গৰমৰ সৈতে মোকাবিলা কৰিবলৈ দৰকাৰ হয় প্ৰচুৰ শক্তিৰ৷  নহ’লে গোটেই দিন শৰীৰটো পৰিশ্ৰান্ত আৰু দুৰ্বল লাগে৷ শৰীৰ সতেজ কৰি ৰাখিবলৈ চৰ্বত খোৱাটো অতি প্ৰয়োজন৷

#আম পান্না : আম পান্না এবিধ স্বাস্থ্যকৰ আৰু জনপ্ৰিয় চৰ্বত৷  বিশেষকৈ গ্ৰীষ্মকালত আম পান্না প্ৰচুৰ পৰিমাণে খোৱা হয়৷ এইবিধ পানীয় মাত্ৰ সুস্বাদুৱেই নহয়, স্বাস্থ্যৰ বাবে ই অতি উপকাৰী৷ এইবিধ পানীয়ত ভিটামিন এ, বি-ৰ, বি-২, চি লগতে পটাছিয়াম, ছডিয়াম, মেগনেছিয়াম আৰু আইৰণ থাকে৷ ই ত্বক আৰু স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী৷ কেঁচা আম, তেঁতেলী, ধনীয়া পাত, পদিনা, কেঁচা জলকীয়া, নিমখ আৰু চেনি দি প্ৰস্তুত কৰা হয় আম পান্না৷ ভিটামিন চি সমৃদ্ধ কেঁচা আমে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ 

# লেম’নেড : নেমুৰ ৰস, চেনি, পানী, ক্ৰেনবেৰীৰ জুছ, বৰফ দি প্ৰস্তুত কৰা হয় পিংক নেম’নেড৷ গৰমত শৰীৰ ঠাণ্ডা কৰি ৰাখে এইবিধ সুস্বাদু পানীয়ই৷ ঘৰত নিজে পান কৰাৰ লগতে পাৰ্টী বা  অতিথি আহিলেও এইবিধ পানীয় আপ্যায়ন কৰিব পাৰি৷ গৰমত এইবিধ পানীয় খালে শৰীৰ সতেজ কৰি ৰাখে৷ 

# তেঁতেলীৰ চৰ্বত : উৎকট গৰমত তৃষ্ণা দূৰ কৰিবলৈ তেঁতেলীৰ চৰ্বত খাব পাৰি৷ তেঁতেলী, গুড়, পদিনা, নিমখ, শুকানে ভজা জিৰাৰ গুড়ি, গন্ধৰাজ নেমুৰ ৰস, বৰফ দি এইবিধ লোভনীয় পানীয় প্ৰস্তুত কৰা হয়৷ এইবিধ পানীয়ই শৰীৰ ঠাণ্ডা কৰি ৰখাৰ লগতে ডায়েবেটিছ আৰু তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে৷

# বেলৰ চৰ্বত: বেলৰ চৰ্বত শৰীৰৰ বাবে অতি উপকাৰী পানীয়৷ গৰমত শৰীৰক ঠাণ্ডা আৰু সতেজ কৰি ৰাখে বেলৰ চৰ্বতে৷ ইয়াৰ স্বাদ মিঠা৷ এইবিধ পানীয়ত অনেক ভিটামিন আৰু খনিজ পদাৰ্থ পোৱা যায়৷ শৰীৰ শীতল কৰি ৰখাৰ কাৰণেই গ্ৰীষ্মকালত ই অতি স্বাস্থ্যকৰ পানীয়৷ বেলৰ চৰ্বতে খাদ্য হজম কৰাত বিশেষ সহায় কৰে৷ 

# দৈৰ ঘোল: দৈৰ ঘোলে শৰীৰক ঠাণ্ডা কৰি ৰখাত সহায় কৰে৷ দৈ, ভজা জিৰাগুড়ি, ভজা হিং, কলা নিমখ মিশ্ৰণ কৰি বাটাৰ মি{¨ বা দৈৰ ঘোল তৈয়াৰ কৰা হয়৷ এইবিধ পানীয়ই পৰিপাকতন্ত্ৰক সুস্থ কৰি ৰাখে৷