Logo
image

৭৫% ভোটেৰে শাসক-বিৰোধী প্ৰাৰ্থীক বিভ্ৰান্ত কৰি ৰাখিলে ভোটাৰে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ এপ্ৰিল : দুই-এটা সৰু-সুৰা বিক্ষিপ্ত ঘটনাৰ বাহিৰে প্ৰায় শান্তিপূৰ্ণভাৱে শুকুৰবাৰে ৰাজ্যৰ ৫ টা লোকসভা সমষ্টিত অনুষ্ঠিত হয় ভোটদান৷ পুৱা ৭ বজাৰ পৰা ডিব্ৰুগড়, যোৰহাট, কাজিৰঙা, শোণিতপুৰ আৰু লখিমপুৰ লোকসভা সমষ্টিৰ ১০,০০১ টা ভোটকেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া আৰম্ভ হয়৷ বিয়লি ৫ বজাত আনুষ্ঠানিকভাৱে ভোটদান প্ৰক্ৰিয়াৰ অন্ত পৰে যদিও বহু ভোট কেন্দ্ৰৰ বাহিৰত ভোটাৰৰ দীঘলীয়া শাৰী থকাৰ ফলত ঠাই বিশেষে নিশা পৰ্যন্ত ভোটদান অব্যাহত থাকে৷ প্ৰথম পৰ্যায়ত মুঠ ৩৫ গৰাকী প্ৰাৰ্থীয়ে ৭৫ক্ম ভোটেৰে শাসক-বিৰোধী প্ৰতিদ্বন্দ্বিতা কৰিছে৷ ইয়াৰে ভিতৰত লোকসভাৰ বৰ্তমানৰ ৩ জন আৰু ৰাজ্যসভাৰ ২ জন সাংসদো আছে৷ আনহাতে প্ৰদেশ বিজেপিৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী এজনো আছে প্ৰতিদ্বন্দ্বিতা কৰা সকলৰ তালিকাত৷ শুকুৰবাৰে নিশা বাতৰি লিখা পৰলৈ এই পাঁচটা সমষ্টিত মুঠ ভোটদানৰ হাৰ ৭৫ শতাংশ হোৱা বুলি নিৰ্বাচন আয়োগৰ সূত্ৰত প্ৰকাশ৷ ইয়াৰে ভিতৰত ডিব্ৰুগড় লোকসভা সমষ্টিত ভোটদানৰ হাৰ ৭৮ শতাংশ হোৱাৰ বিপৰীতে যোৰহাটত ৭৭.৯৬ শতাংশ, কাজিৰঙাত ৭২ শতাংশ লখিমপুৰত ৭৫ শতাংশ আৰু শোণিতপুৰত ৭১.৯৪ শতাংশ ভোটদান হোৱা বুলি আয়োগৰ সূত্ৰত প্ৰকাশ৷ অৱশ্যে ভোটদানৰ হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ শনিবাৰেহে ভোটদানৰ প্ৰকৃত হাৰ স্পষ্ট হ’ব বুলি নিৰ্বাচন আয়োগৰ সূত্ৰই সদৰী কৰিছে৷ উল্লেখ্য, শুকুৰবাৰে অসমৰ পাঁচটা সমষ্টিকে ধৰি দেশৰ মুঠ ১০২টা লোকসভা সমষ্টিত ভোটগ্ৰহণ কৰা হয়৷ লক্ষণীয়ভাৱে অসমৰ ৫টা সমষ্টিত ভোটদানৰ হাৰ প্ৰায় ৭৫ শতাংশ হোৱাৰ ফলত বিভ্ৰান্ত হৈ পৰিছে শাসক-বিৰোধী উভয় শিবিৰ৷ দুয়োপক্ষই ভোটদানৰ হাৰ অধিক হোৱাটো বিচাৰিছিল যদিও এই হাৰ আশানুৰূপ নোহোৱাত এতিয়া শংকাত ভূগিছে প্ৰাৰ্থীসকল৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা প্তটা সমষ্টিৰ ভিতৰত যোৰহাট আৰু ডিব্ৰুগড় সমষ্টি সৰ্বাধিক চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে৷ যোৰহাটত দুই সাংসদ কংগ্ৰেছৰ গৌৰব গগৈ আৰু বিজেপিৰ তপন কুমাৰ গগৈৰ মাজত যুঁজ হোৱাৰ বিপৰীতে ডিব্ৰুগড়ত বিজেপিৰ সৰ্বানন্দ সোণোৱাল আৰু বিৰোধী ঐক্য মঞ্চৰ একমাত্ৰ অকংগ্ৰেছী প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ মাজত তীব্ৰ যুঁজ হোৱা বুলি ৰাজনৈতিক পৰ্যবেক্ষক মহলে ধাৰণা কৰিছে৷ কিন্তু ভোটদানৰ হাৰক লৈ এতিয়া শংকিত হৈ পৰিছে এইসকল প্ৰাৰ্থী৷ মোদীৰ গেৰাণ্টি, বিগত ১০ বছৰীয়া কাৰ্যকালত বিজেপি চৰকাৰৰ সফলতা আৰু আগন্তুক ৫ বছৰত চৰকাৰে কৰিবলগীয়া কামৰ তালিকাক লৈ ভোটাৰৰ কাষ চাপিছিল বিজেপি দলে৷ আনহাতে বিজেপি চৰকাৰৰ অপশাসনক লৈ নিৰ্বাচনী যুঁজ চলায় কংগ্ৰেছ দলে৷ লক্ষণীয়ভাৱে আজি ভোট দান হৈ যোৱা ৫ টা সমষ্টিৰ ‘ট্ৰেণ্ড’ক লৈ মুঠেই আস্বত্ব হ’ব পৰা নাই বিজেপি আৰু কংগ্ৰেছ উভয় শিবিৰ৷ বিজেপি দলে হিতাধিকাৰীক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিবলৈ আপ্ৰাণ চেষ্টা চলায় যদিও এই ক্ষেত্ৰত কিমান দূৰ সফল হ’ল সেয়া ফলাফলতহে প্ৰকাশ পাব৷ শাসকীয় বিজেপি দলে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত যোৰহাট সমষ্টিত গৌৰব গগৈৰ বিৰুদ্ধে সৰ্ব শক্তিৰে জপিয়াই পৰে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি তেওঁৰ মন্ত্ৰীসভাৰ অধিকাংশ সদস্য আৰু দলৰ জ্যেষ্ঠ নেতাসকলে যোৰহাটত দীৰ্ঘদিন ধৰি বাহৰ পাতি নিৰন্তৰ প্ৰচাৰ অব্যাহত ৰাখে৷ কিন্তু এই মাৰাথান প্ৰচাৰ অভিযানৰ পাছতো যোৰহাট লোকসভা সমষ্টিত বাতৰি লিখা পৰলৈ ৭৭.৯৬ শতাংশ ভোটদানৰ তথ্যই বাৰুকৈয়ে নিৰাশ কৰিছে শাসকীয় দলক৷ একেই অৱস্থা ডিব্ৰুগড় লোকসভা সমষ্টিটো৷ আছুৰ দুই প্ৰাক্তন শীৰ্ষ বিষয়ববীয়াৰ মাজত সমষ্টিটোত হোৱা যুঁজ শেষ পৰ্যন্ত আকৰ্ষণীয় হৈ পৰে৷ দুই প্ৰাৰ্থীৰ ভিতৰত এজন ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী৷ তেওঁৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে জাতীয়তাবাদী শিবিৰৰ অন্যতম শক্তিশালী নেতা৷ কিন্তু ইয়াৰ পাছতো সমষ্টিটোত ভোটদানৰ হাৰ প্ৰায় ৭৮ শতাংশতে সীমাৱদ্ধ হৈ থাকে৷ অন্য তিনিটা সমষ্টিৰো প্ৰাৰ্থীসকলৰ অৱস্থা একেই৷

শোণিতপুৰত শান্তিপূৰ্ণ ভোটগ্ৰহণ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ : লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত আজি অনুকূল বতৰৰ বাবে পুৱাৰে পৰা অতি উৎসাহেৰে তেজপুৰৰ লগতে তেজপুৰৰ পাশ্বৰ্ৱৰ্তী এলেকাত হিলদল ভাঙি ভোটদান কৰিবলৈ ওলাই আহিল ৰাইজ৷ এই বাতৰি প্ৰস্তুত কৰালৈকে শোণিতপুৰ জিলাত ৭০ শতাংশ লোকে ভোটদান কৰাৰ কথা জানিব পৰা গৈছে৷ আনহাতে তেজপুৰৰ লগতে জিলাখনৰ পাঁচটাকৈ বিধানসভা সমষ্টিত সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হয়৷ দূৰ-দূৰণিৰ ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা নিৰ্বাচনত নিয়োজিত প্ৰিজাইডিং আৰু প’লিং বিষয়াসকল দৰং মহাবিদ্যালয়ৰ ই ভি এম জমা কক্ষলৈ আহিয়েই আছে৷ আজি পুৱা তেজপুৰ কলিবাৰীৰ বাণ ৰংগমঞ্চৰ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ শোণিতপুৰ জিলাৰ নিৰ্বাচনী বিষয়া দেৱ কুমাৰ মিশ্ৰই জিলাখনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া পৰিদৰ্শন কৰে৷ জিলা নিৰ্বাচনী বিষয়াজনে ১৮৯০ চনতে গঢ় লৈ উঠা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ ৰংগমঞ্চ অৰ্থাৎ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ কাৰ্যালয় প্ৰাংগনত জ্যোতি-বিষ্ণু-ফণী শৰ্মাৰ লগতে সুধাকণ্ঠ আৰু সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ প্ৰতিচ্ছবিৰ লগতে তেজপুৰৰ ঐতিহ্য ক্ষেত্ৰ সমূহৰ আলোকচিত্ৰ, মুখাশিল্প আদি সংস্থাপন কৰি অতি সুন্দৰকৈ নিৰ্মাণ কৰা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰটিৰ সকলো দিশ পৰ্যৱেক্ষণ কৰে৷ আনহাতে এই কেন্দ্ৰটোতে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই ভোটদান কৰে৷  উল্লেখ্য যে আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰটিত বিশেষভাৱে সক্ষম প্ৰিজাইডিং আৰু প’লিং বিষয়াৰ দ্বাৰা দুটাকৈ কেন্দ্ৰৰ দ্বাৰা গৰিষ্ঠসংখ্যক ভোটাৰৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰে৷  এই আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰটিতে পুৱা আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যইও ভোটদান কৰে৷ আনহাতে আজি প্ৰায় জ্জ্ব.৪৫ বজাতেই তেজপুৰৰ কেতেকীবাৰী এম ই স্কুলৰ ভোটদান কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৰাজ্যৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব তথা শোণিতপুৰৰ প্ৰাক্তন উপায়ুক্ত এম জি ভি কে ভানুৱে৷ আনহাতে তেজপুৰৰ ডালিম বৰা পথৰ হৰিজন হিন্দী প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ই ভি এমৰ বিজুতি ঘটাত ১৫ মিনিট পলমকৈ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়৷ তেজপুৰৰ চানমাৰীৰ নিয়োগ বিনিময় কেন্দ্ৰতো পুৱাই ভোটদান কৰিবলৈ ৰাইজ ওলাই অহাৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী প্ৰদীপ ভাণ্ডাৰীয়েও ভোটদান কৰে৷ উল্লেখ্য যে তেজপুৰৰ প্ৰয়াত জনপ্ৰিয় শিল্পী পংকজ বৰদলৈৰ ১০৩ বছৰীয়া পিতৃ হৰেন্দ্ৰ নাথ বৰদলৈয়ে নিজ বাসগৃহত ভোটদান কৰিবলৈ অমান্তি হৈ আজি স্থানীয় বৰুৱা চুবুৰী প্ৰাথমিক বিদ্যালয়ত নিজে গৈ ভোটাধিকাৰ সাব্যস্ত কৰে৷ জিলাখনৰ ১১টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত কাৱৈমাৰীৰ শ্বহীদ কুমলী দেৱী প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰটিৰ দৃষ্টিনন্দন দৃশ্যইও আজি ভোটাৰৰ লগতে অনান্য ৰাইজকো আকৰ্ষিত কৰে৷ জিলা তথ্য আৰু জনসংযোগ বিষয়া অংকিতা গগৈৰ তত্ত্বাৱধানত স্থানীয় শিল্পীয়ে তাঁতশিল্পৰ পৰা স্বাধীনতা আন্দোলনৰ বিশেষ দৃশ্যাংশৰে আকৰ্ষণীয়কৈ নিৰ্মাণ কৰা এই আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰটিয়েও আজি বিশেষ মাত্ৰা প্ৰদান কৰে৷ সন্ধিয়া ৬.৩০ বজালৈকে তেজপুৰ বিধানসভা সমষ্টিত ৭০ শতাংশ, ঢেকীয়াজুলি সমষ্টিত ৬৮.২৩ শতাংশ, বৰছলাত ৬৭.২ শতাংশ, ৰঙাপৰাত ৭৪.১২ শতাংশ, নদুৱাৰত ৭৩.৮২ শতাংশ, বিশ্বনাথত ৭১ শতাংশ, বিহালীত ৫৮ শতাংশ, গহপুৰত ৭৮.ৰৰ শতাংশ আৰু বিহপুৰীয়াত ৬৭ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে৷