Logo
image

৪ কোটিৰ পৰা ২৫ কোটি টকা হ’লগৈ ৰকিবুলৰ সম্পত্তি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২০ এপ্ৰিল : শাসকীয় বিজেপি দলৰ চৰকাৰৰ কাৰ্যকালত ‘আচ্ছে দিন’ আহিল কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনৰো৷ এ আই ইউ ডি এফৰ মুৰব্বী তথা ডুবাইৰ আগৰ ব্যৱসায়ী সাংসদ বদৰুদ্দিন আজমলৰ বিজেপিৰ ১০ বছৰীয়া কাৰ্যকালত ১১২ কোটি টকাৰ সম্পত্তি বৃদ্ধি পোৱাৰ দৰেই বিগত ৮ বছৰত বিৰোধী  কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনৰো প্ৰায় ২১ কোটি টকাৰ সম্পত্তি বৃদ্ধি পালে৷ ৰকিবুল হুছেইনৰ সম্পত্তি বৃদ্ধিৰ তথ্য প্ৰকাশ পাইছে নিৰ্বাচন আয়োগত দাখিল কৰা শপতনামাত৷ ২০১৬ চনত বিজেপিয়ে অসমত প্ৰথমবাৰলৈ চৰকাৰ গঠন কৰাৰ সময়ত চামগুৰি সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ বিধায়ক হিচাপে জয়ী হৈছিল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে৷ ইয়াৰ পূৰ্বে কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰীৰ দায়িত্ব আছিল যদিও ২০১৬ চনত ৰকিবুল হুছেইনে নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামাত স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৪ কোটি ৩৮ লাখ টকা বুলি উল্লেখ কৰিছিল৷ কিন্তু চলিত ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ ধুবুৰী লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৰকিবুল হুছেইনে৷ বৃহস্পতিবাৰে হুছেইনে দাখিল কৰা শপতনামাত বৰ্তমান মুঠ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ২৫ কোটি ২৯ লাখ টকা বুলি প্ৰকাশ কৰিছে৷ অৰ্থাৎ ২০১৬ চনৰ পৰা বৰ্তমানলৈ বিগত জ্জ্ব বছৰৰ ব্যৱধানত বিজেপি চৰকাৰৰ কাৰ্যকালত কংগ্ৰেছ বিধায়কজনৰ মুঠ সম্পত্তি বৃদ্ধি পালে প্ৰায় ২১ কোটি টকা৷ এক কথাত ৰকিবুল হুছেইনৰ সম্পত্তি ৫ গুণ বৃদ্ধি পালে৷ নিৰ্বাচন আয়োগক দিয়া তথ্য অনুসৰি ৰকিবুল হুছেইনৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৭৮,৮৮,৪৯৫ টকা আৰু পত্নী নাজৰিণ হুছেইনৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৰ,৭০,৩৫,৩৯৩ টকা৷ ইয়াৰ ভিতৰত হুছেইনৰ হাতত নগদ আছে মাত্ৰ ৩,৬২,৮০০ টকা৷ কংগ্ৰেছ নেতাজনৰ নিজৰ নামত আছে ১৪ টাকৈ বেংক একাউণ্ট৷ তদুপৰি পোষ্টেল, এছ বি আই, ছাহাৰাত শ্বেয়াৰ বিনিয়োগ আছে ৰকিবুলৰ৷ আনহাতে ৰকিবুল হুছেইনৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ ১৭,১৩,৯০,০০০ টকা আৰু পত্নীৰ নামত থকা স্থাৱৰ সম্পত্তিৰ পৰিমাণ ৫,৬৬,৫০,০০০ টকা৷ নগাঁৱৰ তিনি স্থানত কৃষিভূমি থকাৰ বিপৰীতে ৭ স্থানত আছে ৰকিবুলৰ অনা-কৃষিভূমি৷ নগাঁও চহৰত বিধায়কজনৰ ৪ টা স্থানত বাণিজ্যিক অট্টালিকাও আছে৷ ৰকিবুল হুছেইনৰ নিজৰ ৭.৫০ লাখ টকাৰ আ-অলংকাৰ থকাৰ বিপৰীতে পত্নীৰ ১৯ লাখ টকা মূল্যৰ সোণ আৰু হীৰাৰ অলংকাৰ আছে৷