Logo
image

অৱলীলাক্ৰমে ‘গেৰুৱা’ হৈ গ’ল দূৰদৰ্শন

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৯ এপ্ৰিল : দেশৰ চৰকাৰী সম্প্ৰচাৰ প্ৰতিষ্ঠান দূৰদৰ্শনৰ ডি ডি নিউজৰ ল’গ’ গেৰুৱা হৈ পৰিল৷ সংযোগবশতঃ কেন্দ্ৰত শাসনাধিষ্ঠিত দল বিজেপি ৰঙো গেৰুৱা, যিটো ৰাজনৈতিক দলক গেৰুৱা দল বুলিয়েই অভিহিত কৰা হয়৷ যোৱা ১৬ এপ্ৰিলৰ পৰা দূৰদৰ্শনৰ ল’গ’ গেৰুৱা গৈ পৰে৷ এসময়ত নীলা ৰঙৰ ল’গ’ থকা ডিডি নিউজৰ শেহতীয়া ল’গ’ৰ ৰং আছিল ৰঙা৷ ল’গ’ গেৰুৱা কৰা দূৰদৰ্শনে নিজৰ ছ’চিয়েল মিডিয়া পেজত জনাইছে, তেওঁলোকৰ ল’গ’ৰ ৰং সলনি হ’লেও মূল্যবোধ একে থাকিব আৰু দৰ্শকৰ সন্মুখত নতুন অৱতাৰেৰে দেখা দিব৷ 

দূৰৰ্শনৰ ল’গ’ৰ গেৰুৱাকৰণত দেশৰ ছ’চিয়েল মিডিয়াত প্ৰবল সমালোচনাৰ উদ্ভৱ হৈছে৷ ভাৰতীয় জনতা পাৰ্টীৰ শাসনত স্বতন্ত্ৰতা হেৰুৱাই দূৰদৰ্শন নিজকে গেৰুৱা কৰি পেলোৱা বুলি মন্তব্য কৰিছে নেটিজেনে৷ প্ৰচাৰ ভাৰতীৰ পূৰ্বৰ শীৰ্ষ কৰ্মকৰ্তায়ো দূৰদৰ্শনৰ গেৰুৱাকৰণত অশনি সংকেত দেখা বুলি মন্তব্য কৰিছে৷ ছ’চিয়েল মিডিয়াত নেটিজেনে  সমালোচনা কৰি কয়, দেশৰ বেচৰকাৰী সংবাদ প্ৰতিষ্ঠান মোদী চৰকাৰে নিয়ন্ত্ৰণাধীন কৰি বাক স্বাধীনতা হৰণ কৰাৰ পাছত চৰকাৰী সম্প্ৰচাৰ প্ৰতিষ্ঠানটোও অৱলীলাক্ৰমে নিজৰ দলীয় ৰঙৰ কৰি পেলালে৷ এতিয়া চৰকাৰে দেশৰ সংবাদ মাধ্যমৰ ওপৰত কফিনৰ শেষ গজালটো মৰা বুলিও একাংশই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ চৰকাৰী কাৰ্যসূচী নোহোৱা স্বত্বেও ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান লাইভ সম্প্ৰচাৰ কৰি আৰু বিজেপিয়ে পৃষ্ঠপোষকতা কৰা বলীউডৰ ছবি ‘দ্য কেৰালা ষ্টৰী’ চলিত মাহৰ আৰম্ভণিতে টেলিকাষ্ট কৰি দূৰদৰ্শনে শেহতীয়াকৈ নিজৰ বৈশিষ্ট আৰু চৰিত্ৰ সলনিৰ ইংগিত দিছিল৷ অৱশেষত দূৰদৰ্শন অৱলীলাক্ৰমে গেৰুৱা হৈ গ’ল৷