Logo
image

নাগালেণ্ডৰ ৬ জিলাত ০% ভোট, মণিপুৰত গুলীচালনা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদক, ২০ এপ্ৰিল: নাগালেণ্ডৰ নিৰ্বাচনী ইতিহাসত অভূতপূৰ্ব অভিলেখ সৃষ্টি কৰি শুকুৰবাৰে লোকসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৬খন জিলাত এজন ভোটাৰেও ভোটদান নকৰিলে৷ ‘ইষ্টাৰ্ণ নাগালেণ্ড পিপ’লছ অৰ্গেনাইজেচনে’ [ইএনপিঅ’] ‘ফ্ৰণ্টিয়াৰ নাগালেণ্ড’ নামাৰে পৃথক অঞ্চল আৰু অধিক আৰ্থিক স্বায়ত্ত শাসন দাবী কৰি নিৰ্বাচনৰ দিনটোত ‘পাবলিক ইমাৰ্জেন্সি’ বা জনসাধাৰণৰ মাজত জৰুৰী অৱস্থা ঘোষণা কৰে৷ এই আহ্বানৰ ফলত পূব নাগালেণ্ডৰ ৬খন জিলাত ভোটগ্ৰহণৰ দিনটোত সান্ধ্য আইনৰ দৰে পৰিৱেশৰ সৃষ্টি হয় আৰু ভোটাৰে ই এন পি অ’ৰ আহ্বান সমৰ্থন জনাই ঘৰৰ ভিতৰতে সোমাই থাকে৷ ফলত পূব নাগালেণ্ডৰ মন, টুৱেনছাং, লংলেম, কিফায়াৰ, ছামাটৰ আৰু নকলাক জিলাত প্ৰায় শূন্য শতাংশ ভোটদান হয়৷ এই ৬খন জিলাত মুঠতে ২০টা বিধানসভা সমষ্টি আছে, য’ৰ ভোটাৰৰ সংখ্যা ৬ লাখৰো অধিক৷ নাগালেণ্ডৰ একমাত্ৰ লোকসভা সমষ্টিত শুকুৰবাৰে একেদিনাই ভোটগ্ৰহণ হয় যদিও বিয়লি ৪ বজালৈকে ৬খন জিলাৰ মুঠ ৭৩৮টা ভোটগ্ৰহণ কেন্দ্ৰলৈ এজনো ভোটাৰ নাহিল৷ এ এন পি অ’ ই পৃথক আৰু আৰ্থিকভাৱে স্বতন্ত্ৰ অঞ্চলৰ দাবী ২০১০ চনৰ পৰাই জনাই আহিছে আৰু কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে এই দাবীৰ প্ৰতি গুৰুত্ব নিদিয়াত স্থানীয় ভোটাৰে সংগঠনটোৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ভোটদানৰ পৰা বিৰত থাকে৷

ইপিনে, আশংকা কৰাৰ দৰে মণিপুৰৰ ভোটদান আজি হিংসাত্মক হৈ পৰে৷ অচিনাক্ত বন্দুকধাৰীয়ে একাধিক ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বিচাৰ গুলীচালনা কৰাত কেইবাজনো ভোটাৰ আহত হয় আৰু কেইটামান ভোটগ্ৰহণ কেন্দ্ৰত চৰকাৰৰ বঞ্চনাৰ প্ৰতিবাদত ভোটাৰে ই ভি এম ভাঙি ভোটগ্ৰহণ কেন্দ্ৰ লণ্ডভণ্ড কৰে৷ আজি প্ৰথম পৰ্যায়ত ইনাৰ মণিপুৰত ভোটগ্ৰহণ হৈছিল৷ তাৰ অন্তৰ্গত মৈৰাং বিধানসভা সমষ্টিৰ থামনাপকপিৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত এক অচিনাক্ত বন্দুকধাৰীয়ে প্ৰৱেশ কৰি যধে-মধে গুলীচালনা কৰাত কেইবাজনো ভোটাৰ আঘাতপ্ৰাপ্ত হয়৷ বিষ্ণুপুৰ জিলাৰ এই ঘটনাত ভোটাৰে আতংকিত হৈ ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা পলায়ন কৰে৷ ই¥£ল পশ্চিম জিলাৰ উৰিপ’ক আৰু আইৰ’ছেম্বা জিলাত অচিনাক্ত বন্দুকধাৰীয়ে পাৰ্টীৰ এজেণ্টক আৰু ভোটাৰক ভোটকেন্দ্ৰ খালী কৰিবলৈ ভাবুকি দি গুলীচালনা কৰে৷ ইম্ফল পূব জিলাৰ কেইৰাও বিধানসভা সমষ্টিৰ কিয়ামেগীৰ ভোটগ্ৰহণ কেন্দ্ৰ, মৈৰাংকাংপু ছাজেব আৱাং লেইকাই কেন্দ্ৰত বন্দুকধাৰীয়ে গুলীচালনা কৰে৷ আনহাতে, ৰাজ্যৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে ই ভি এম ভাঙি ভোটকেন্দ্ৰ লণ্ডভণ্ড কৰে৷