Logo
image

প্ৰদ্যুৎ বৰদলৈক 'বসন্তৰ কুলি চৰাই' আখ্যা মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

'আমাৰ অসম'ৰ মৰিগাঁৱৰ প্ৰতিনিধি, ২০ এপ্ৰিলঃ ৯ নং নগাঁও লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ মৰিগাঁও জিলাৰ মিকিৰভেটাত শনিবাৰে এখনি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে৷ তেঁও কংগ্ৰেছ দলৰ নগাঁৱৰ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক 'বসন্তৰ কুলি চৰাই' আখ্যা দিয়ে। 

তেঁও কয় যে নিৰ্বাচনৰ বাবে প্ৰদ্যুৎ বৰদলৈয়ে পৰিচয় সলায়। কংগ্ৰেছ দলৰ কোনো কোনোৱে কয়, তেওঁ হেনো তিৱা জনগোষ্ঠীৰ বৰদলৈ। কিন্তু তেওঁ প্ৰকৃততে গণক বৰদলৈহে। যি মানুহে ৰাজনীতি কৰিবলৈ নিজৰ সম্প্ৰদায় সলনি কৰিব পাৰে তেওঁ কিমান তললৈ যাব পাৰে৷ গতিকে ৰাইজ সাৱধান হ'ব। 

নিৰ্বাচনী সভাখনৰ পিছতেই মন্ত্ৰীজনে সাংবাদ মাধ্যমৰ আগত কয় যে শুকুৰবাৰে অনুষ্ঠিত হৈ যোৱা লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ অসমৰ পাঁচটা সমষ্টিতে বিজেপি দলৰ প্ৰাৰ্থী বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ব। ৰাইজ ওলাই আহিছে উন্নয়ন দেখি আৰু আমি ৰাজ্যৰ আৰু ৰাইজৰ উন্নয়ন কৰিছোঁ। ৰাইজে সূতা-কম্বল, আঠুৱা দিয়া দলক ভোট নিদিয়ে। যিয়ে ইন্দিৰা আৱাস যোজনাৰ ঘৰ, ৰাস্তা বনাই দুৰ্নীতি কৰিছিল, যিয়ে হাস্পতাল বনাব পৰা নাছিল, মেডিকেল কলেজ বনাব পৰা নাছিল সেই দলক ৰাইজে ভোট নিদিয়ে। এই কথা মানুহে এতিয়া জানে। কালিও ৰাইজে কংগ্ৰেছক ভোট দিয়া নাই, অহা ২৬ তাৰিখেও নিদিয়ে আৰু ৭ মে' তাৰিখেও নিদিয়ে। মুঠতে অসমত চাফা হৈ যাব কংগ্ৰেছ। নগাঁৱত বিজেপি প্ৰাৰ্থী সুৰেশ বৰা জিকিবই। তেঁও লগতে কয় যে ভোট নিদিয়াকৈয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু ৰাইজৰ বাবে কাম কৰিছে। সেইবাবে এইবাৰ সংখ্যালঘু মানুহে নিশ্চিতভাৱে বিজেপিক ভোট দিছে আৰু দিব।