Logo
image

৭৫.৭% পৰীক্ষাৰ্থী উত্তীৰ্ণ ছাত্ৰীক পিছ পেলালে ছাত্ৰই

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২১ এপ্ৰিল : অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই ‘ষ্টেণ্ড’ প্ৰথা বিলুপ্ত কৰি প্ৰথমবাৰলৈ ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদ আৰু মাধ্যমিক শিক্ষা পৰিষদৰ সংলগ্নকৰণৰ সিদ্ধান্তৰ পাছত ছেবাৰ ইতিহাসৰ অন্তিমবাৰলৈ মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়৷ কোনো পূৰ্ব জাননী অবিহনে শনিবাৰে ছেবাই দিনৰ ১০.৩০ বজাত আকস্মিকভাৱে ২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰে৷ এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল ছেবাই পূৰ্বৰ দৰে দহটা শীৰ্ষ স্থানপ্ৰাপ্ত পৰীক্ষাৰ্থীৰ মেধাৰ তালিকা প্ৰকাশ কৰাৰ পৰা বিৰত থাকি কেৱল সৰ্বাধিক নম্বৰপ্ৰাপ্ত ৫জন পৰীক্ষাৰ্থীৰ তালিকা ৰাজহুৱা কৰে৷ সেই অনুসৰি ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভ কৰিছে যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অনুৰাগ দলৈয়ে৷ মেধাৱী ছাত্ৰজনে মুঠ ৬০০ নম্বৰৰ ভিতৰত সৰ্বাধিক ৫৯৩ নম্বৰ লাভ কৰে৷ দ্বিতীয় সৰ্বাধিক নম্বৰ লাভ কৰিছে বিশ্বনাথ চাৰিআলিৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী ঝৰ্ণা শইকীয়াই৷ ঝৰ্ণা শইকীয়াই সৰ্বমুঠ ৫৯০ নম্বৰ লাভ কৰে৷ এইবাৰৰ পৰীক্ষাত তৃতীয় সৰ্বাধিক নম্বৰ ৩জন পৰীক্ষাৰ্থীয়ে লাভ কৰিবলৈ সক্ষম হয়৷ তিনিওজন পৰীক্ষাৰ্থীয়ে ৫৮৮ নম্বৰকৈ লাভ কৰিছে৷ ৰাজ্যৰ ভিতৰত তৃতীয় সৰ্বাধিক নম্বৰপ্ৰাপ্ত পৰীক্ষাৰ্থীকেইজন হৈছে ক্ৰমে– মাজুলীৰ কমলাবাৰীৰ আইলেণ্ড একাডেমীৰ মানসপ্ৰতীম শইকীয়া, বৰপেটাৰ ভবানীপুৰৰ সমীপৰ কহৰাস্থিত ষ্টেলা মেৰিছ স্কুলৰ বেদান্ত চৌধুৰী আৰু নগাঁৱৰ ৰামানুজ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দেৱাশ্ৰী কাশ্যপ৷ লক্ষণীয়ভাৱে এইবাৰৰ পৰীক্ষাত ৰাজ্যৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভ কৰা পাঁচোজন পৰীক্ষাৰ্থীয়েই ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ৷ অৰ্থাৎ চৰকাৰী বিদ্যালয়ৰ তুলনাত মেধাৱী শিক্ষাৰ্থীৰ তালিকাত আগুৱাই গ’ল বেচৰকাৰী বিদ্যালয়৷ উল্লেখ্য, এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৪,১৯,০৭৮জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল৷ ইয়াৰ ভিতৰত ৩ লাখ ১৭ হাজাৰ ৭১৩জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়৷ উত্তীৰ্ণৰ হাৰ হৈছে ৭৫.৭ শতাংশ৷ অৱশ্যে বিগত ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হাৰ আছিল ৭২.৬ শতাংশ৷ এক কথাত পূৰ্বৰ তুলনাত এইবাৰ উত্তীৰ্ণৰ হাৰ বৃদ্ধি পালে৷ তাৎপৰ্যপূৰ্ণভাৱে এইবাৰ ছাত্ৰীৰ বিপৰীতে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ অধিক৷ ছেবাই প্ৰকাশ কৰা অনুসৰি এইবাৰ ১,৪৫,২৬৩জন ছাত্ৰৰ বিপৰীতে ১,৭২,০৬৪গৰাকী ছাত্ৰী উত্তীৰ্ণ হ’লেও ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৭৪.৪ শতাংশ আৰু ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৭৭.৩ শতাংশ৷ আনহাতে, মেট্ৰিক পৰীক্ষাত ১০জন তৃতীয় লিংগৰ পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হোৱাৰ বিপৰীতে ৪জনে কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হয়৷ তৃতীয় লিংগৰ ৩জন পৰীক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হয়৷ আনহাতে, ১,০৫,৮৭৩জন পৰীক্ষাৰ্থীয়ে প্ৰথম বিভাগ, ১,৫০,৭৬৪জন পৰীক্ষাৰ্থীয়ে দ্বিতীয় বিভাগ আৰু ৬০,৬৮০জন পৰীক্ষাৰ্থীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷ উত্তীৰ্ণসকলৰ ভিতৰত ১,৯৩,১৫৯জন পৰীক্ষাৰ্থীয়ে লেটাৰ নম্বৰ লাভ কৰে৷ ইয়াৰ ভিতৰত ৬,৩৯২জনে ডিষ্টিংচন আৰু ২০,৫৫২জনে ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ এইবাৰ সাধাৰণ বিজ্ঞান বিষয়ত সৰ্বাধিক ৩৬,৯৭৩জন পৰীক্ষাৰ্থীয়ে লেটাৰ নম্বৰ লাভ কৰিছে৷ আনহাতে, ২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৯১.২ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষস্থানত আছে চিৰাং জিলা৷ আনহাতে ৬০.৯ শতাংশ উত্তীৰ্ণৰ হাৰেৰে একেবাৰে শেষৰ স্থানত আছে ওদালগুৰি জিলা৷ ইফালে ৮৮.১ শতাংশ উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থানত আছে নলবাৰী জিলা৷ তৃতীয় স্থানত আছে ডিমা হাছাও জিলা৷ জিলাখনৰ উত্তীৰ্ণৰ হাৰ হৈছে ৮৭.১ শতাংশ৷ ৮৬.৯ শতাংশ শতাংশ উত্তীৰ্ণৰ হাৰেৰে চতুৰ্থ স্থানত আছে বাগ্‌সা জিলা৷ পঞ্চম স্থানত আছে শিৱসাগৰ জিলা৷ জিলাখনত এইবাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৮৫.১ শতাংশ৷ আনহাতে, ৮৪.২ শতাংশ উত্তীৰ্ণৰ হাৰেৰে কামৰূপ মহানগৰ জিলা ষষ্ঠ স্থানত আছে৷ সপ্তম স্থানত আছে গোলাঘাট জিলা৷ জিলাখনত উত্তীৰ্ণৰ হাৰ হৈছে ৮২.৪ শতাংশ৷ অষ্টম স্থানত আছে কাৰ্বি আংলং৷ জিলাখনৰ উত্তীৰ্ণৰ হাৰ ৮১.৬ শতাংশ৷ ৮১.৩ শতাংশ উত্তীৰ্ণৰ হাৰেৰে নৱম স্থানত আছে কামৰূপ গ্ৰাম্য জিলা৷ দশম স্থানত আছে দুখনকৈ জিলা৷ ৮১.১  শতাংশ উত্তীৰ্ণৰ হাৰেৰে ধেমাজি আৰু যোৰহাট জিলাই দশম স্থান দখল কৰিছে৷ আনহাতে এইবাৰ মেট্ৰিক পৰীক্ষাত ১০০ৰ ভিতৰতে ১০০ নম্বৰ লাভ কৰিছে কেইবাজনো শিক্ষাৰ্থীয়ে৷ ইংৰাজীত ৮২জন শিক্ষাৰ্থীয়ে লাভ কৰিছে ১০০ নম্বৰ৷ অসমীয়াত ৩জন পৰীক্ষাৰ্থীয়ে ১০০ নম্বৰ লাভ কৰাৰ বিপৰীতে সাধাৰণ গণিতত জ্জ্বজন প্ৰাৰ্থীয়ে লাভ কৰিছে ১০০ নম্বৰ৷ আনহাতে সাধাৰণ বিজ্ঞানত ৭১জনে লাভ কৰিছে ১০০ নম্বৰ৷ সমাজ বিজ্ঞানত ১০০ নম্বৰ লাভ কৰিছে ১৩৩জন শিক্ষাৰ্থীয়ে৷ ইফালে ঐচ্ছিক গণিতত ১,৩২৮জন শিক্ষাৰ্থীয়ে লাভ কৰিছে ১০০ নম্বৰ৷ শনিবাৰে পুৱা ফলাফল ঘোষণাৰ পাছতেই ছেবাৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে সচিব নৰনাৰায়ণ নাথ আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই৷ ছেবাৰ বিষয়াদ্বয়ে উদ্বেগ প্ৰকাশ কৰি কয় যে, পৰীক্ষাৰ্থীসকলৰ অধিকাংশৰে মাতৃভাষা বিষয়ত প্ৰদৰ্শন অতিকৈ বেয়া৷ যাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে ছেবাই৷ এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মাৰ্কশ্বীট খনেই হ’ব উত্তীৰ্ণৰ প্ৰমাণপত্ৰ৷ ছাত্ৰ-ছাত্ৰীয়ে আন কোনো ধৰণৰ প্ৰমাণপত্ৰ বেলেগকৈ লাভ নকৰে৷ এই প্ৰমাণপত্ৰৰ জৰিয়তেই ভৱিষ্যতে যিকোনো শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব পাৰিব উত্তীৰ্ণসকলে৷ উত্তীৰ্ণৰ প্ৰমাণপত্ৰখন শিক্ষাৰ্থীসকলে ডাউনলোড কৰি সংগ্ৰহ কৰি ল’ব পাৰিব৷ অৱশ্যে অনুত্তীৰ্ণ শিক্ষাৰ্থীসকলে আগ্ৰহ প্ৰকাশ কৰিলে ছেবাৰ ফালৰ পৰা অন্য এক প্ৰমাণপত্ৰ বিচাৰিব পাৰিব৷ আনহাতে, শিক্ষাৰ্থীৰ সুবিধাৰ বাবে ছেবাই ২২ এপ্ৰিলত মুকলি কৰিব এটা প’ৰ্টেল৷ যাৰ জৰিয়তে কোনো পৰীক্ষাৰ্থীৰ নম্বৰৰ ক্ষেত্ৰত কোনো অভিযোগ থাকিলে এই প’ৰ্টেলত পুনৰ নিৰীক্ষণৰ বাবে আবেদন কৰিব পাৰিব৷ সমান্তৰালকৈ অনুত্তীৰ্ণ প্ৰাৰ্থীসকলৰ যাতে শিক্ষাবৰ্ষটো নষ্ট নহয়, তাৰ বাবে কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰা হ’ব৷ চলিত বৰ্ষৰ মে’ত এই পৰীক্ষা অনুষ্ঠিত কৰি জুনৰ ভিতৰত ফলাফল ঘোষণা কৰাৰ লক্ষ্য লৈছে ছেবাই৷ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে আবেদন কৰিবলৈ ২৫ এপ্ৰিলৰ পৰা প’ৰ্টেল মুকলি কৰি দিয়া হ’ব৷ এইবেলি পৰীক্ষাত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা অ’এমআৰ শ্বীটৰ বাবেই খুব কম সময়ৰ ভিতৰতে ফলাফল ঘোষণা কৰিব পৰা হ’ল বুলিও ছেবাৰ কতৃৰ্পক্ষই প্ৰকাশ কৰিছে৷