Logo
image

আজি শিলচৰলৈ অমিত শ্বাহ

‘আমাৰ অসম’ৰ শিলচৰৰ প্ৰতিনিধি, ২১ এপ্ৰিল : শিলচৰ আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ ২৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে আজি শিলচৰ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ৷  বিয়লি ৩ বজাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহে শিলচৰত এক ৰোড শ্ব’ত অংশ ল’ব৷ শিলচৰৰ বিধায়ক দিপায়ন চক্ৰৱৰ্তী, সাংসদ ডাঃ ৰাজদ্বীপ ৰায় আৰু ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্গাৰিটাই সংবাদ মাধ্যমৰ আগত কয় যে, দেওবাৰে শিলচৰত আয়োজন হ’বলগীয়া গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’ত ৫০ হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে৷ শিলচৰ চহৰৰ ১’০৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব অমিত শ্বাহৰ ৰোড শ্ব’৷ উল্লেখ্য, দেওবাৰে বিয়লি শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত উপস্থিত হ’ব অমিত শ্বাহ৷ তাৰ পৰা তেওঁ হেলিকপ্তাৰযোগে শিলচৰ আৰক্ষী পেৰেড খেলপথাৰলৈ আহিব৷ ইয়াৰ পৰা তেওঁ শিলচৰ জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰলৈ যাব আৰু তাৰ পৰাই আৰম্ভ হ’ব বিজেপিৰ বৃহৎ ৰোড শ্ব’৷ আনহাতে, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীৰ শেহতীয়া অসম ভ্ৰমণ কাৰ্যসূচী বাতিল হৈছে৷ ৰাজীৱ ভৱনৰ সূত্ৰৰ মতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৰাহুল গান্ধীয়ে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ হৈ ১৭ এপ্ৰিলত প্ৰচাৰ চলাবলৈ অহাৰ কথা আছিল৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিত দলীয় প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ ২০ এপ্ৰিলত প্ৰচাৰ চলাবলৈ আহিব বুলি পূৰ্বতে ঘোষণা কৰা হৈছিল৷ ৰাহুল গান্ধীয়ে সমষ্টিটোৰ ধূপগুৰিত প্ৰদ্যুৎ বৰদলৈৰ হৈ এখন নিৰ্বাচনী সভাত অংশ লোৱাৰ কথা আছিল৷ ঠিক তেনেদৰে কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে ২১ এপ্ৰিলত হাইলাকান্দিৰ আলগাপুৰত কংগ্ৰেছ দলৰ কৰিমগঞ্জ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা আছিল৷ কিন্তু শেষ মুহূৰ্তত কংগ্ৰেছৰ দুয়োজন নেতাৰ অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ কাৰ্যসূচী বাতিল হয়৷ দুয়োজন নেতাই পৰৱৰ্তী সময়ত কেতিয়া অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব সেয়া চূড়ান্ত হোৱা নাই৷