Logo
image

দুৰ্বৃত্তৰ অপপ্ৰচাৰ বুলি কৈছিল শিক্ষামন্ত্ৰীয়ে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২১ এপ্ৰিল : অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই শনিবাৰে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই ঘোষণা কৰিলে ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ অ’ এম আৰ ভিত্তিত নতুন শিক্ষা  পদ্ধতিয়ে অনুষ্ঠিত কৰা মেট্ৰিক পৰীক্ষাৰ মাত্ৰ ৪৫ দিনৰ ভিতৰতে ফলাফল ঘোষণা কৰি এক প্ৰকাৰ অভিলেখ ৰচনা কৰিলে ছেবাই৷ অৱশ্যে বহু বিসংগতি তথা বিতৰ্কৰ মাজৰে অনুষ্ঠিত মেট্ৰিক পৰীক্ষাৰ আকস্মিক ফলাফল ঘোষণাৰে ছেবাই চমক সৃষ্টি কৰিলেও বাস্তৱত পৰীক্ষা পৰিচালনাত নিজেই ‘ফেইল’ কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ কিয়নো শিক্ষা বিভাগৰ ওপৰত শিক্ষামন্ত্ৰীৰ যে নিয়ন্ত্ৰণ নাই তথা শিক্ষা বিভাগৰ কোনো কথাই যে শিক্ষামন্ত্ৰীয়ে ভু নাপাই সেয়া শনিবাৰে মেট্ৰিকৰ ফলাফল ঘোষণা কৰা কাৰ্যই পুনৰবাৰ প্ৰমাণ কৰিলে৷ ৰাজহুৱা স্থানত শিক্ষাগুৰুক অপদস্থ কৰাত সিদ্ধহস্ত বুলি কুখ্যাতি থকা নাওঁ বুৰিলেও টিঙৰ পৰা নমনা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বিৰুদ্ধে এতিয়া মেট্ৰিকৰ ফলাফল ঘোষণাৰ পাছতেই সৰ্বত্ৰ পদত্যাগৰো দাবী উঠিছে৷ পৰীক্ষা অনুষ্ঠিত হোৱাৰ লগে লগে প্ৰশ্নকাকত মোবাইলত ভাইৰেল হোৱাৰ পৰা আৰম্ভ কৰি প্ৰশ্নকাকতৰ বিসংগতি হোৱাকে ধৰি অনেক গুৰুতৰ অভিযোগক মুখৰ কথাৰে নস্যাৎ কৰা পাছত এইবাৰ মেট্ৰিকৰ ফলাফল ঘোষণাক লৈ শুকুৰবাৰে নিশা কৰা এটা টুইটে জনমানসত নিজৰ মূল্য নিজেই নোহোৱা কৰিলে শিক্ষামন্ত্ৰী ডাঃ পেগুৱে৷ শিক্ষামন্ত্ৰীয়ে টুইটযোগে শনিবাৰে মেট্ৰিক ফলাফল ঘোষণা কৰিব বুলি প্ৰচাৰ হোৱা খবৰক অস্বীকাৰ কৰি উৰা বাতৰি বুলি অভিহিত কৰিছিল যদিও বাস্তৱত শিক্ষামন্ত্ৰীৰ টুইটক ভুল প্ৰতিপন্ন কৰি উৰা বাতৰি মতেই শনিবাৰে ছেবাই ঘোষণা কৰে বহু প্ৰত্যাশিত মেট্ৰিক পৰীক্ষাৰ ফলাফল৷ উল্লেখ্য, বিগত নিৰ্বাচনী প্ৰচাৰ সভাসমূহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰীসকলৰ বাবে বিভিন্ন আঁচনি ঘোষণা কৰি ২০-২১ এপ্ৰিলৰ ভিতৰত মেট্ৰিকৰ ফলাফল ঘোষণাৰ সম্ভাৱনা ব্যক্ত কৰিছিল৷ অৱশ্যে মেট্ৰিকৰ ফলাফল কোন দিনা ঘোষণা কৰিব, সেয়া তেওঁতকৈ শিক্ষামন্ত্ৰীয়েহে সঠিকভাৱে জানিব বুলিও ৰাজহুৱাকৈ মন্তব্য কৰিছিল৷ মুখ্যমন্ত্ৰীৰ এই ইংগিতৰ পাছতেই স্বাভাৱিকতেই শনিবাৰে অৰ্থাৎ ২০ এপ্ৰিলত মেট্ৰিকৰ ফলাফল ঘোষণা হ’ব বুলি শুকুৰবাৰে পুৱাৰে পৰা চৰ্চা অব্যাহত থাকে৷ আনকি শুকুৰবাৰে নিশা ছেবাৰ ৱেবচাইট [Sebaonlinee.org]ত ২০ এপ্ৰিলৰ পুৱা ১০ বজাতে মেট্ৰিকৰ ফলাফল ঘোষণা কৰাৰ জাননীও জাৰি কৰিছিল৷ অৱশ্যে, ছেবা কতৃৰ্পক্ষই আনুষ্ঠানিকভাৱে ফলাফল ঘোষণাক লৈ কোনো কথা ব্যক্ত কৰা নাছিল যদিও সংবাদ মাধ্যমে যোগাযোগ কৰাৰ পাছতো বিষয়টোত সঁহাৰি দিয়া নাছিল৷ ইয়াৰ পাছতেই শুকুৰবাৰে নিশা শিক্ষামন্ত্ৰী পেগুৱে তেওঁৰ নামত ভাইৰেল হোৱা মেট্ৰিকৰ ৰিজাŒI× ঘোষণা সম্পৰ্কীয় এটা টুইটৰ স্ক্ৰীন শ্বট আপলোড কৰি টুইটত কয়–‘একাংশ দুষ্কৃতিকাৰীয়ে কাইলৈ অৰ্থাৎ শনিবাৰে এইছ এছ এল চি আৰু এইছ এছ পৰীক্ষা-২০২৪ৰ ফলাফল ঘোষণা কৰা হ’ব বুলি প্ৰকাশ কৰি মোৰ টুইটৰ একাউণ্টৰ ভুৱা শ্বট প্ৰচাৰ কৰি অপপ্ৰচাৰ চলাইছে৷ এইটো কথা সত্য নহয়, ছেবাই নিজৰ সময়সূচী অনুসৰি ফলাফল ঘোষণা কৰিব৷’ লক্ষণীয়ভাৱে উক্ত টুইটটোত ভাইৰেল স্ক্ৰীন শ্বটটোক অপপ্ৰচাৰ বুলি ঘোষণা কৰি কাৰ্যতঃ শনিবাৰে মেট্ৰিকৰ ফলাফল ঘোষণা কৰা নহয় বুলিও ইংগিত দিয়ে ডাঃ ৰণোজ পেগুৱে৷ কিন্তু ৰণোজ পেগুৰ এই ঘোষণাৰ পাছতো সামাজিক মাধ্যমত চৰ্চিত খবৰৰ দৰেই ছেবাই শনিবাৰে মেট্ৰিকৰ ফলাফল ঘোষণা কৰে৷ ইফালে শনিবাৰে ছেবাই আনুষ্ঠানিকভাৱে মেট্ৰিকৰ ফলাফল ঘোষণাৰ কথা সদৰী কৰাৰ প্ৰায় ডেৰ ঘণ্টাৰ পাছত শিক্ষামন্ত্ৰীয়ে পুনৰ আন এটা টুইটযোগে মেট্ৰিকৰ ফলাফল প্ৰকাশ কৰাৰ কথা সদৰী কৰে৷ স্বাভাৱিকতেই শিক্ষামন্ত্ৰীৰ এই টুইটৰ পাছতেই সামাজিক মাধ্যমত ডাঃ ৰণোজ পেগুকে বিভিন্নজনে পদত্যাগৰ দাবী জনোৱা দেখা গ’ল৷ শিক্ষা বিভাগৰ আভ্যন্তৰীণ বিষয় এটাও অৱগত নোহোৱা আৰু লাখ লাখ ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ সৈতে সম্পৰ্ক থকা পৰীক্ষাৰ দৰে গুৰুত্বপূৰ্ণ এটা বিষয়টোক লৈ শিক্ষামন্ত্ৰীয়ে এৰাতিৰ পূৰ্বে দিয়া টুইটটোক লৈয়ো বিভিন্নজনে সমালোচনা কৰে৷ আনহাতে শুকুৰবাৰে লোকসভা নিৰ্বাচনৰ প্ত সমষ্টিৰ প্ৰথম পৰ্যায়ৰ ভোট অনুষ্ঠিত হোৱাৰ পাছত শনিবাৰে সতী সাধনী দিৱসৰ বন্ধৰ দিনটোত মেট্ৰিকৰ ফলাফল ঘোষণাক লৈয়ো শিক্ষামন্ত্ৰী অৰ্কমণ্যতাৰ নিদৰ্শন দাঙি ধৰা বুলিও বিভিন্নজনে ক্ষোভ ব্যক্ত কৰিছে৷ কিয়নো নিৰ্বাচন অনুষ্ঠিত হোৱা পাঁচটা সমষ্টিতে প্ৰতিখন জিলাৰে অধিকাংশ শিক্ষাকেই নিৰ্বাচনী দায়িত্বত নিয়োজিত আছিল৷ বহু শিক্ষকে শুকুৰবাৰে ওৰে নিশা নিৰ্বাচনী কৰ্তব্যত ব্যস্ত থাকি শনিবাৰে পুৱাহে ঘৰলৈ যাবলৈ সক্ষম হয়৷ কিন্তু শিক্ষকসকলৰ এই বিষয়টোৰ প্ৰতি দায়িত্বহীনতাৰ নিৰ্দশন দাঙি ধৰি শিক্ষামন্ত্ৰী পেগুৰ অধীনস্থ ছেবাই পুৱা আকস্মিকভাৱে ফলাফল ঘোষণা কৰাত সংশ্লিষ্ট শিক্ষকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ ফলত টোপনিৰ পৰা উঠি ভাগৰে জোগৰে আহি বহু শিক্ষকে নিজ নিজ বিদ্যালয়ত উপস্থিত হ’বলৈ বাধ্য হয়৷ কেৱল ইমানেই নহয়, শিক্ষামন্ত্ৰী হিচাপে ৰণোজ পেগুৰ ব্যৰ্থতা– মেট্ৰিকৰ প্ৰথম দিনাৰ পৰীক্ষাতেই প্ৰমাণ হৈছিল৷ কিয়নো প্ৰথম দিনা ইংৰাজী পৰীক্ষা আৰম্ভ হোৱাৰ এঘণ্টা নৌহওঁতেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল প্ৰশ্নকাকত৷ কিন্তু এই ভাইৰেল প্ৰশ্নকাকতৰ উৎসৰ আজিও সন্ধান নোলাল যদিও শিক্ষামন্ত্ৰীয়ে এগৰাকী পৰীক্ষাৰ্থীক দায়ী কৰিয়েই বিষয়টো গাপ দি ৰাখিলে৷ এইবাৰৰ মেট্ৰিক পৰীক্ষাত এবাৰ-দুবাৰ নহয়, মুঠ তিনিবাৰকৈ প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল৷ একেদৰে বৰাকৰ এজন বিধায়কে মেট্ৰিকৰ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰি ফটো ছেছন কৰাই নহয়, পৰীক্ষা কেন্দ্ৰত সমাজ বিজ্ঞানৰ প্ৰশ্নকাকতৰ বিপৰীতে সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত আৰু সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকতৰ বিপৰীতে অসমীয়া প্ৰশ্নকাকত ওলোৱাৰ দৰে দায়িত্বজ্ঞানহীন কাৰ্যও সংঘটিত হয়৷ তদুপৰি পৰীক্ষাৰ্থীৰ নকল যোগান ধৰি প্ৰধান শিক্ষক, তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ দৰে উদ্বেগজনক ঘটনাৰ মাজেৰে অনুষ্ঠিত হৈ গৈছিল মেট্ৰিকৰ পৰীক্ষা৷ এইবাৰ পৰীক্ষাৰ আটাইতকৈ আজৱ ঘটনাটো হৈছে, প্ৰথমবাৰৰ বাবে অ’ এম আৰ আৰ্হিত পৰীক্ষা অনুষ্ঠিত কৰে যদিও গণিতত প্ৰশ্নকাকত পাঠ্যক্ৰম বহিৰ্ভূত বিভ্ৰান্তিকৰ আৰু ভুল প্ৰশ্ন অহাৰ অভিযোগ উঠিছিল৷ শিক্ষক আৰু পৰীক্ষাৰ্থীসকলৰ অভিযোগ আছিল গণিতৰ প্ৰশ্নকাকতত ১২, ২১, ৫৩, ৫৫, ৫৭ আৰু ৬১ নম্বৰ প্ৰশ্নকেইটা পাঠ্যক্ৰমৰ অন্তৰ্গত নাছিল৷ একাংশই ৪৬ আৰু ৫৯ নম্বৰৰ প্ৰশ্ন দুটা ভুল বুলিও অভিযোগ কৰিছিল৷ কিন্তু এই বিষয়টোৰ সন্দৰ্ভত ছেবাই কোনো কথা স্পষ্ট নকৰিলে যদিও শনিবাৰে ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই গণিতত ৮ জন পৰীক্ষাৰ্থীয়ে ১০০ৰ ভিতৰত ১০০ নম্বৰ লাভ কৰা বুলি জানিবলৈ দিয়ে৷ অৰ্থাৎ গণিতৰ প্ৰশ্নকাকতৰ লৈ শিক্ষাৰ্থী আৰু শিক্ষকৰ অভিযোগক কোনো বাখ্যা নিদিয়াকৈ নিজৰ স্থিতিত অটল থাকিল মন্ত্ৰী ৰণোজ পেগুৰ অধীনস্থ ছেবা৷ অৱশ্যে, ইমানৰ পাছতো এৰাতি আগৰলৈকে মেট্ৰিকৰ ফলাফল কেতিয়া ঘোষণা কৰিব একো আও-ভাও নোপোৱা শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ২০২৫ চনত মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ ৩৫ দিনৰ ভিতৰত ঘোষণা কৰা হ’ব বুলিহে দাবী কৰিছে৷ শনিবাৰে সংবাদমাধ্যমৰ আগত এই দাবী কৰি শিক্ষানন্ত্ৰী পেগুৱে কয় যে, পূৰ্বে দিয়া ইংগিত মতেই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে৷ পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্পূৰ্ণ ৪৫ দিনৰ ভিতৰতে ফলাফল ঘোষণা কৰা হৈছে৷ অহাবছৰ এই সময় আৰু দহ দিন হ্ৰাস কৰা হ’ব৷ লগতে এইবাৰৰ ফলাফল খুব আশাব্যঞ্জক বুলিও প্ৰকাশ কৰি মন্ত্ৰীজনে কয় যে, জীৱনটো এটা নীৰৱচ্ছিন্ন সংগ্ৰাম৷ এই নীৰৱচ্ছিন্ন সংগ্ৰামটোত সকলোৱে লাগি থাকিব লাগে৷ কোনো এটা পৰীক্ষাৰ ফলাফলক লৈ কোনো অত্যুৎসাহী হ’ব নালাগে আৰু এটা পৰীক্ষাৰ ফলাফলক লৈ হতাশো হ’ব নালাগে৷