Logo
image

চৰকাৰী আঁচনিৰ সুবিধা দিয়াৰ প্ৰতিশ্ৰুতিৰে ৰাইজক বিজেপিক ভোট দিবলৈ আহ্বান মন্ত্ৰী জয়ন্ত মল্লৰ

'আমাৰ অসম'ৰ প্ৰতিবেদক, তামুলপুৰ, ২১ এপ্ৰিলঃ তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ডুমুৰীয়া আৰু তিনিপুখুৰীত দেওবাৰে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ এনডিএৰ মনোনীত প্ৰাৰ্থী দিলীপ শইকীয়াৰ সমৰ্থনত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিৰ্বাচনী প্ৰচাৰ সভা চলায়। মন্ত্ৰীজনে হেলিকপ্টাৰেৰে আহি দুয়োখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। এই প্ৰচাৰ সভাত মন্ত্ৰীজনে ৰাইজক সম্বোধন কৰি বিজেপি চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ বিষয়ে অৱগত কৰোৱাৰ লগতে যিসকলে চৰকাৰী আঁচনিৰ সুবিধা এতিয়াও পাবলৈ সক্ষম হোৱা নাই, তেওঁলোকক ৰেচন কাৰ্ড, চৰকাৰী বাসগৃহ তথা মহিলাসকলক অৰুণোদয় আঁচনি আদিৰ সুবিধা প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ লগতে আগন্তুক ২৬ এপ্ৰিলত হ'ব লগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাইজক পদুম ফুলৰ ছবিত ভোট প্ৰদান কৰি দৰং-ওদালগুৰি লোকসভা সমষ্টিত দিলীপ শইকীয়াক জয়যুক্ত কৰাবলৈ আহ্বান জনায়। 

উল্লেখ্য যে ৰাইজৰ আশীৰ্বাদত তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হ'ব বুলিও প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্লই। নিৰ্বাচনী প্ৰচাৰ সভাৰ অন্তত সাংবাদিকৰ আগত মন্ত্ৰী মল্লই কয় যে দৰং-ওদালগুৰিত চাৰি লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব দিলীপ শইকীয়া। সমগ্ৰ অসমত এতিয়া বিৰোধী শূন্য। আমি বিৰোধী বিচাৰি পোৱা নাই। আচল বিৰোধী এতিয়া বহুত তলত পৰি আছে। ভূপেন বৰাৰ নিৰ্বাচনী প্ৰচাৰ সম্পৰ্কত মন্ত্ৰী জয়ন্ত মল্লই পুনৰ কয় যে ভূপেন বৰাৰ সভাৰ কোনো ভেল্যু নাই। তেওঁ দিনটোত এটা কৌতুক কয় আৰু ৰাইজে সেই কৌতুক শুনিবলৈ ৰৈ থাকে। 

তদুপৰি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী সন্দৰ্ভত মন্ত্ৰীজনে কয় যে ৰাজনৈতিকভাৱে এতিয়া আৰু হাগ্ৰামা মহিলাৰী নাই। এতিয়া বিটিআৰত কেৱল ট্ৰেক্টৰ হে আছে। নাঙল বিচাৰি পাবলৈ নাই। বিজেপি, অগপ আৰু ইউপিপিএল দলৰ যি ত্ৰিপল ইঞ্জিনৰ চৰকাৰ চলি আছে ইয়াত কোনো কংগ্ৰেছ, এআইইউডিএফ বা বিপিএফ দলে একো প্ৰভাৱ পেলাব নোৱাৰে। আজিৰ এই দিনজোৰা নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী জয়ন্ত মল্লক সংগ দিয়ে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰী, হেমন্ত কুমাৰ ৰাভাকে আদি কৰি বিজেপি, অগপ আৰু ইউপিপিএল দলৰ ভালেসংখ্যক নেতা-কৰ্মীয়ে৷