Logo
image

চাৰিশৰ সপোন বাস্তৱৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা

বিজেপি আৰু সহযোগী দলসমূহে এইবাৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ত ‘ইচ বাৰ চাৰশ পাৰ’ অৰ্থাৎ এইবাৰ ৫৪৫ জনীয়া সংসদত বিজেপি আৰু এলায়েন্সে ৪০০ৰ অধিক আসন লাভ কৰিব বুলি সদৰ্ভে ঘোষণা কৰি ৰাইজক ইয়াক কাৰ্যকৰী কৰাৰ বাবে আহ্বান জনাইছে৷ লগতে এইবাৰ নিৰ্বাচনত জয়লাভ কৰি বিজেপিৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত আৰু তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পতাটো ৰাইজৰ দায়িত্ব– তাক কাৰ্যকৰী কৰাটো ভোটাৰৰ যেন দায়িত্ব তেনে এক ভাৱধাৰাৰ সৃষ্টি কৰাৰ বাবে নিৰ্বাচনী সভাসমূহত উদাত্ত ভাষণ প্ৰদান কৰিছে গৃহমন্ত্ৰী অমৃত শ্বাহ, যোগী আদিত্যনাথ, হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ নেতৃত্বই৷ উল্লেখ্য প্ৰধানমন্ত্ৰীৰ পৰা দলৰ শীৰ্ষ-নেতা, মন্ত্ৰীয়ে চাৰিশৰ ওপৰত আসন লাভ কৰাটো বিশেষ গুৰুত্ব আৰোপ কৰি ৰাইজক বিজেপিৰ আত্মবিশ্বাসী ভাৱক প্ৰতীয়মান কৰাৰ আপ্ৰাণ চেষ্টা চলাইছে যদিও দলৰ অন্তৰ্ভাগৰ সূত্ৰ তথা বিজেপিৰ নিয়ন্ত্ৰক সংগঠনসমূহেই এই ক্ষেত্ৰত নিশ্চিত নহয়৷ বৰঞ্চ বিজেপিয়ে নিৰকুংশ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰাকৈ প্ৰয়োজনীয় আসন লাভ কৰিব নে নাই তাক লৈ দলৰ শীৰ্ষ মহলতে উদ্বিগ্নতা বৃদ্ধি পাইছে৷ ইতিমধ্যে দুই-এক জৰীপতো এই সম্পৰ্কে প্ৰকাশ পাইছে৷ নিৰ্বাচনৰ দিন ঘোষণাৰ বহু আগৰে পৰা অতি সু-সংগঠিতভাৱে নিৰ্বাচন সম্পৰ্কীয় কাম-কাজ তথা ভোটাৰক আকৃষ্ট আৰু প্ৰভাৱান্বিত কৰাৰ উদ্দেশ্যে বিজেপিয়ে দলৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰি আহিছে৷ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিৰোধী দলসমূহ একত্ৰিত হৈ ‘ইণ্ডিয়া’ মিত্ৰজোঁট গঠন কৰাৰ ঠিক পাছৰে পৰা উক্ত জোঁটত ভাঙোন সৃষ্টি কৰাৰ বাবে বিজেপিয়ে পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিলে আৰু বহু পৰিমাণে এই ক্ষেত্ৰত সফলো হ’ল৷ ভাৰতৰ সাম্প্ৰতিক কালৰ ৰাজনীতিত পাভলুটি মৰাত সিদ্ধহস্ত নীতিশ কুমাৰে নিজৰ গাদী নিশ্চিত কৰাৰ বাবে ইণ্ডিয়া জোঁট ত্যাগ কৰি পুনৰ বিজেপিৰ শৰণাপন্ন হৈ মুখ্যমন্ত্ৰী হ’ল৷ সমান্তৰালকৈ বিজেপি চৰকাৰে নিজৰ ভোট বেংক শক্তিশালী কৰাৰ বাবে মৰণোত্তৰভাৱে হিন্দী বলয়ৰ ৰাজনীতিবিদ কপূৰ্ৰী ঠাকুৰ, চৌধুৰী চৰণ সিঙক ভাৰতৰত্ন প্ৰদান কৰাৰ লগতে দক্ষিণৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী হোৱা প্ৰয়াত কংগ্ৰেছ নেতা নৰসিংহ ৰাও, প্ৰাক্তন গৃহমন্ত্ৰী তথা বিজেপিৰ অন্যতম মহীৰূহ স্বৰূপ লালকৃষ্ণ আদৱানিক দেশৰ সৰ্বোচ্ছ অসামৰিক সন্মান ভাৰতৰত্ন প্ৰদান কৰে৷ অৱশ্যে দেশত সেউজ বিপ্লৱৰ সূচনা কৰোঁতা, প্ৰসিদ্ধ কৃষি বিজ্ঞানী এম এছ স্বামীনাথনকো একে সময়তে মৰণোত্তৰভাৱে ভাৰতৰত্ন প্ৰদান কৰা হয়৷ কাজেই নিৰ্বাচনৰ ঠিক আগে আগে একে সময়তে খুউব লৰালৰিকৈ বহুকেইজন ব্যক্তিক ‘ভাৰতৰত্ন’ ঘোষণাৰ অন্তৰালৰ কথাবোৰৰ বিশদ ব্যাখ্যাৰ প্ৰয়োজন নাই৷ ৪০০ আসন পোৱাটো নিশ্চিত হৈ থকা দলটো তথা অনুগত সহযোগী দলসমূহক এই ক্ষেত্ৰত মোদী নিয়ন্ত্ৰিত মিডিয়া আৰু দেশৰ দুই-এক তথাকথিত প্ৰখ্যাত ব্যক্তিয়ে ৪০০ৰ ভাৱধাৰাক প্ৰচাৰ কৰাৰ ক্ষেত্ৰত পাৰ্যমানে সহায় কৰিছে৷ নিৰ্বাচনৰ আগৰে পৰা সাম, দাম, দণ্ড, ভেদ– আটাইকেইটা অতি কৌশলেৰে ব্যৱহাৰ কৰি ইডি, চিবিআই, আয়কৰ বিভাগ, চিআইডিক প্ৰয়োগ কৰা হৈছে বিভিন্ন পৰ্যায়ত৷ বিভিন্ন গোচৰত এজনৰ পাছত এজনকৈ বিৰোধী দলৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী-বিধায়ক, নেতা-নেত্ৰীক জে’ললৈ প্ৰেৰণ কৰা হৈছে৷ বিজেপি শাসিত ৰাজ্যসমূহতো চিএম ভিজিলেন্স, চিআইডি, আয়কৰ আদিৰ যোগেদি এচাম বিৰোধীক হয় গ্ৰেপ্তাৰ কৰা হৈছে নহ’লে এইবোৰৰ ভয় দেখুৱাই এচামক বিজেপি দলত যোগদান কৰিবলৈ বাধ্য কৰোৱা হৈছে৷ উল্লেখ্য এই সাম, দাম, দণ্ড, ভেদৰ সমান্তৰালকৈ বহু নতুন নতুন আঁচনিৰ যোগেদি হিতাধিকাৰীক আকৃষ্ট কৰিব পৰাকৈ চৰকাৰে পাৰ্যমানে প্ৰচেষ্টা চলাইছে৷ লক্ষণীয়ভাৱে এই হিতাধিকাৰীসকল যে বিজেপি দলৰহে ভোটাৰ সেই কথাকো তেওঁলোকৰ মনত প্ৰোথিত কৰিবলৈ দলে বহু কৌশল অৱলম্বন কৰিছে আৰু বহু ক্ষেত্ৰত সফলো হৈছে৷

এনে এক পৰিৱেশৰ মাজতে দেশত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সম্পন্ন হৈছে আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে শাসক-বিৰোধী দল পূৰ্ণ ৰূপত জপিয়াই পৰিছে৷ দেশত এতিয়া নতুন ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে৷ এনে বহু ভোটাৰৰ মাজত শিক্ষিতৰ সংখ্যা, অধ্যয়নৰত শিক্ষাৰ্থীৰ সংখ্যা কম নহয়৷ প্ৰশ্ন হ’ল এইসকল ভোটাৰক যি দলেই নহওক কেৱল ভোটাৰৰ দৃষ্টিৰে, হিতাধিকাৰীৰ দৃষ্টিৰে চোৱাৰ দিন যেন উকলিল৷ তথ্য-প্ৰযুক্তিৰ ব্যাপকতাৰ ফলত দেশত ঘটি থকা ঘটনাবোৰ, বৈষম্যবোৰ, ৰাজনৈতিক হঠকাৰিতাসমূহ নেটিজেনৰ হাতে হাতে৷ কেৱল নেতাই কৈ যাব, ৰাইজে শুনি যাব সেই পৰিৱেশো ক্ৰমান্বয়ে হ্ৰাস পোৱা যেন পৰিলক্ষিত হৈছে৷ ইলেক্ট’ৰেল বণ্ডৰ যোগেদি শাসকীয় দলৰ লগতে বিপক্ষৰ দলেও কোটি কোটি টকা সংগ্ৰহ কৰিলে৷ ১৪টা উদ্যোগ-প্ৰতিষ্ঠানৰ বিৰুদ্ধে ইডি, চিবিআইয়ে অভিযান চলোৱাৰ পাছত ইলেক্ট’ৰেল বণ্ডৰ যোগেদি বিজেপিক কোটি কোটি টকা দিয়াৰ পাছত সেইবোৰ ধোৱা তুলসীৰ পাত হৈ পৰিল৷ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল চৰকাৰৰ সেই ভূমিকা ৰাইজে আশা কৰেনে? দুৰ্নীতি-অনিয়মত অভিযুক্ত বহুতেই বিজেপিত যোগদান কৰি আনকি এইবাৰ টিকটো লাভ কৰিছে৷ বিপক্ষৰ এচাম এতিয়া সৰৱ হৈছে যদিও ৰাজনৈতিক আদৰ্শৰ ক্ষেত্ৰত নীতি-পৰকাষ্ঠাৰ ক্ষেত্ৰত বহুতৰে অৱস্থা তথৈবচ৷ ইয়াৰ মাজতে চলিছে ব্যাপক নিৰ্বাচনী যুঁজ৷ শাসনাধিষ্ঠ দলে চাৰিশক অতিক্ৰম কৰিবনে নকৰে উত্তৰো ৰাইজেই দিব৷